বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

পৰিক্ৰমা ( শিৱ প্ৰসাদ ডেকা )


শিল চিকুটি ক্ষয় নিয়াবলৈ 
যুগৰ পাছত যুগ ধৰি 
একেটাই প্ৰয়াস
আঁউসীত শিলবোৰ ঈশ্বৰ হয় 
পূৰ্ণিমাত শিল কাটি নদীবয় …...

  ...প্ৰস্তাবনা…     
                                                       
সেউজী কোমল পুৱা 
বহাগী ৰঙীন হোৱা..
কপৌৰ ফাঁকেৰে সৰকা 
বাঁহীৰ একেটাই সুৰ ..
তয়ো শুন ,ময়ো শুনো ...
কিযে মধুৰ ....

 ...বিৰক্তি...

কিমান যে গৰম 
জেঠেৰুৱা কঠাঁল পকা দিন ..
নাযায় নুপুৱাই ,
'তনো ৰাখি যাঁও মৰমৰ চিন ...

 ...বান....

কলীয়া মেঘে কলহৰ কাণে
বৰকৈ ঢালিছে ’...
বাহিৰলৈ নোলাবি..
ভেঁটা ভঙা বানে উটুৱাই নিব..
মনৰ বান কোনে ভেটিব ....

...নাম..

বৰ নামঘৰৰ
গোপীনি নামত 
বন্তি এগচি দিলো..
মোৰ বুকুত তোৰ নামৰ 
নাগাৰা বজা শুনো...

 ...শাৰদীয়...

কঁহুৱা ফুলিছে .
গেঁৰ ধৰা পথাৰখনে 
তােৰ দৰেই হাঁহিছে ..
কুৱঁলী ডাঠ 'লে
কথাত জেলেপীৰ পাক ধৰে ..
মোৰ নহয় তোৰ....

  ...ভুল...

উদংহোৱা ভঁড়ালটোৱেই কয়
বুকুৰ সোনগুটিও 
এনেকৈয়ে শেষ হয়...
উদং এটি মন 
নহ'বনে পুৰণ ...

 ....স্মৃতি....

আঘোণীয়া ' এটি পিন্ধি
পথৰুৱা আলিটোত ..
এজেবা নিমখ হানি ,
একেফুটাই কমলা ...
তয়ো এচুপা ময়ো এচুপা ..
মনত পৰেনে এতিয়া ....?
      
 ....ৰোমান্টিক....

উহ্ ; কি ঠাণ্ডা ..
ৰাতিবোৰত কেঁঠা খনে 
বিচনাখন চেঁচাহে কৰে .
দেহটোৱে কয় 
কিবা এটা লাগে....

 ....ভোগ...

বাৰীৰে পাচলি 
ভঁড়ালৰ ভাত
মাছো পুখুৰীৰ 
কিনো খাৱি ...
বৰ জুইত সেঁকি 
তপতীয়া চুমা এটি দিবি.....

 ...ধুলিয়ৰি...

শিমলুৰ ৰঙা ফুলে 
এঢলীয়া নীলাকাশ কেনেকৈ ঢাকিব ..
এজাক বতাহতে 
হালধীয়া সৰে ...
শুকান শুকান 
এমুঠি ধুলি উৰে .....

  ...দাপোন....

মনেতৰা নহয়
তই মনালিছাহে ...

হাঁহিৰ ৰহস্য তোৰ আজিও
অটল গহ্বৰত.....

বতাহ চাটিয়ে
ভাঙি নিয়া মোৰ প্ৰতিচ্ছবিত ..
তই ৰৈ যাৱ ,
ৰৈ যাৱ তই....
অহাৰ দৰেই 
এখনি ওৰনি টানি
তাতেই সুখ পাঁও
আঁতৰি নাযাবি ....


শিৱ প্ৰসাদ ডেকা 
লখিমপুৰ
৯৭০৬০৬৪৫৭০

No comments:

Post a Comment