বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

দীনতা ( বন্তি চেতিয়া )


দীনতা

অন্ন বস্ত্ৰ আৰু এধানমান
আশ্ৰয়ৰ দাবীৰ বাবে
মোৰ এই অবিৰত সংগ্ৰাম
দীনতা এনেকুৱাই
ভোকৰ এমুঠি ভাতৰ বাবেই
মোৰ দেশৰ মানুহবোৰে
জীৱনৰ পদে পদে সংগ্ৰাম কৰে।
মোৰ শীৰ্ণ দেহটো পৰি থাকে উৰুখা পঁজাত
দিন-মাহ ঋতুভেদে।
গ্ৰীষ্মৰ উত্তাপে মোৰ দেহা দগ্ধ কৰে
বৰ্ষাৰ ঢলে ধুৱাই নিয়ে
ফঁটা কঁথাৰ কৌটিকলীয়া মলি
কাতিৰ কঙালী দিনত
মোৰ লঘোণীয়া পেটটো
'ৰবাত চেপেটা লাগে।
মোৰ প্ৰতি কাৰো অনুকম্পা নাই
ধৰালৈ যেতিয়া শৰৎ নামে
মোৰ উৰুখা পঁজাৰ ছিদ্ৰ ভেদি
জোনাক উফৰি পৰে।
শৰতৰ আকাশে উৰুখা চালত ফুল বাচে।
শীতৰ কুঁৱলীত মোৰ পঁজাটো হৈ পৰে অস্তিত্ব শূন্য
মোৰ উদং দেহত শীতৰ তাণ্ডৱ নামে
শীৰ্ণ শকতিয়ে হাৰ মানে।
তথাপিও দীনতা এনেকুৱাই
মায়াময় পৃথিৱীক জোকাৰি যায়।


বন্তি চেতিয়া
ঠিকনাঃহামদৈ পথাৰ,জাতীয় বিদ্যালয়ৰ সমীপত,
গোলাঘাট৭৮৫৬২১।

No comments:

Post a Comment