বেটুপাত

বেটুপাত

Wednesday, 26 September 2018

তোমাৰ সতে ( বিদ্যুৎ বৰুৱা )


কহুঁৱা বনৰ সিপাৰত 
ৰান্ধনি বেলিটো লুকাল
নৈখনো সময়ৰ পাকচাৰ্যত গতিময়
কন্টকদীৰ্ণ সন্ধ্যাস্থবিৰতাত 
তোমাৰ হাতত হাত থৈ 
দুয়ো দুয়োৰে চকুত চকু থৈ
যৌৱনাকুলত উন্মাদ হৈ 
প্ৰেমৰ প্ৰচ্ছাদ আঁকিছিলো নৈৰ পাৰত |
ফৰিংফুটা জোনাকত 
ৰূপালীম জোনজনীও স্নিগ্ধ পোহৰ বিলাই
নিৰিবিলি সুখৰ 
একাজলি জোনাক সিঁচি দিছিল 
আমাৰ ভালপোৱাৰ মাজত
সেইয়া আছিল তোমাৰ সতে 
মোৰ প্ৰেমৰ প্ৰথম অনুভৱ |
কেতিয়াবা আকৌ লগ ' 
নৈৰ পাৰৰ কন্টকদীৰ্ণ সন্ধ্যাস্থিবৰত
মোৰ প্ৰেমৰ উশৃংখল উন্মাদ প্ৰেমৰ এপিয়লা মৰমৰ সৈতে 
জীৱন ডায়েৰীৰ পাতত হৈ '
তোমাৰ সতে প্ৰতিটো ক্ষণ নষ্টালজিক |


বিদ্যুৎ বৰুৱা
বোকাখাত
দূৰভাষ: ৮৪৮৬৫২৬৫৫১

No comments:

Post a Comment