বেটুপাত

বেটুপাত

Sunday, 26 August 2018

হেৰাব ধৰা আমাৰ থলুৱা ফলবোৰ আৰু কিছু বিক্ষিপ্ত চিন্তা ( ৰূপজ্যোতি গগৈ )


এতিয়া গ্ৰীষ্ম কাল। এটা সময় আছিল নানা ফল মূলেৰে এইসময়ত আমাৰ ঘৰ বাৰী ওপচি আছিল। আম, কঁঠাল, মধুৰী আম, মাটি কঁঠাল, পনিয়ল, জামু, লেতেকু, শিলিখা , অমৰা, আমলখি ' যে লোভনীয় ফল মূলে পকি মোক খা মোক খা কৰি আছিল আমাৰ দেউতাৰ বাৰীখনত! কল, অমিতা, নাৰিকল আদিবোৰ টো বাৰ মাহে আছিলেই।
সেই সময়ত আমি সৰু থাকোতে ভাত, জলপানৰ বিপৰীতে এই ফল মূলবোৰ খাইহে বেছি ভাল পাইছিলোঁ।
স্কুলৰ দিনত স্কুলৰ পৰা আহি ভাত পানী খাই আজৰি হৈ প্ৰায়ে গছত লমালমে লাগি থকা পকা দহচীয়া, মধুৰি, আম, জলফাই আদিবোৰ হেঁপাহ পলুৱাই খাইছিলো।
আৰু স্কুল বন্ধ, বিশেষ কৈ স্কুলৰ গৰম বন্ধৰ সময়ত আম, কঁঠাল, মাটি কঁঠাল, নৰা বগৰী, আহোম বগৰী, অমৰা, অমিতা এইবোৰ আমাৰ পেটৰ অতি উপযোগী খাদ্য। সেই সময়ত ঘৰত উপচি থকা আম, কঁঠালবোৰ আনক বিলায়ো শেষ কৰিব পৰা নগৈছিল। মনত পৰে কমাৰগাঁৱৰ পমুৱা গাঁৱত থকা দেউতাৰ মোমায়েকৰ 'ৰা দুজনমানে এই সময়ত আমাৰ ঘৰৰ পৰা বস্তাত ভৰাই আম - কঁঠালবোৰ লৈ গৈছিল। (নপমুৱা অঞ্চলত বানপানী হোৱা বাবে বৰকৈ ফল মূলৰ গছবোৰ নহৈছিল।) আৰু তেওঁলোকৰ ওচৰ চুবুৰীয়া সকলোৱে ভাগ বতৰা কৰি খাইছিল।আমাৰ বাৰীত আম কঁঠাল আদি বিভিন্ন জাতৰ আছিল। কোনোবা জোপা কঁঠাল যদি পকাই খাৱলৈ ভাল আনজোপা আকৌ কেঁচা কৈ নিমখ জলকীয়া হানি খাৱলৈ হে সুস্বাদু। কোনোজোপা বৰ ডাঙৰ ডাঙৰ ফুটৰ যদিও কোনোজোপা অকনমানি ফুটৰ আইতাহঁতৰ ভাষাত নহৰুফুটীয়া। আমবোৰো তেনেদৰে কোনোজোপা বৰ টেঙা, কোনোজোপা বৰ মিঠা, এজোপা মাটি মিঠা, আনজোপা টিলিকি আম। টিলিকি আমৰ এটা বিশেষত্ব ' এই আম কাটি খাৱলৈ অসুবিধা। ইয়াক পনীয়লৰ দৰে পিটিকি সৰুকৈ ফুটা এটা কৰি ৰস উলিয়াই খাৱলৈ ভাল। 
আমাৰ নিজৰ বাৰীত থকা এই ফল মূল বোৰৰ উপৰিও পেহীহঁতৰ বাৰীত থকা বেতগুটি, ৰেখাহঁতৰ বাৰীত থকা হেলচ, কুঞ্জবাইহঁতৰ বাৰীত থকা লেচুকেইটা, শেৱালি বাইহঁতৰ সেন্দুৰী আমকেইটা আমাৰ বৰ প্ৰিয় সম্পদ।আৰু প্ৰাথমিক বিদ্যালয়ত মাটি পেঞ্চিলেৰে বিনিময় কৰা টকৌ, চেঁৱা, কলী জামু বগী জামু, পয়েংগুটি আদিবোৰটো আছিলেই।
একেদৰে  স্কুললৈ যাঁওতে বাটত পোৱা টোলঠা পকা,জেতুলী পকা, লগত যোৱা দাদাহঁতে হাবিৰ পৰা বিচাৰি অনা বামুণী পিঠা, কুটকুৰা আদিবোৰো আমি পেট ভৰাই খাইছিলো। লক্ষীৰাম চাৰৰ বাৰীৰ খেজুৰ কেইটা, বন্তিহঁতৰ ঘৰৰ গুল নেমুকেইটাও আমাৰ স্কুলীয়া যাত্ৰাৰ সংগী আছিল।চেনীহঁতৰ বাৰী জুইত পুৰি খোৱা চাম কঁঠালৰ গুটিৰ সোৱাদটো আজিও যেন মুখত লাগি আছে।
আমাৰ বাৰীত আৰু এজোপা বৰ বৰ দুস্প্ৰাপ্য ফলৰ গছ আছিল। বৰ ওখ গা গছেৰে চনকা ডালৰ গছজোপাত এবিধ বিশেষ ধৰণৰ ফল লাগিছিল। নাৰিকল দৰে টান আৱৰণৰ ভিতৰত খাৱলৈ বৰ সোৱাদ লগা বাদাম জাতীয় ফলৰ গছজোপা আজি পিছে নাই। বিভিন্ন অজুহাতত কাটিবলগীয়া বহুকেইজোপা গছৰ এজোপা। দুখ লাগে পৰবৰ্তী সময়ত এনে দ্বিতীয় এজোপা গছ আজিও কতো দেখা নাই।অকল এইজোপাই নহয় আজি বহুবোৰ ফল মূলৰ গছেই কেৱল আমাৰ বাৰীৰ পৰা নহয় পৃথিৱীৰ পৰাই যেন হেৰাই 'ল।
বজাৰৰ পৰা অনা আপেল, আঙুৰ প্লাম আদিৰ সোৱাদত সিফলীয়া হল আমাৰ থলুৱা স্বাস্থ্যবৰ্ধক সোৱাদবোৰ। তাতে এতিয়া নিপা (NIPAH) ভাইৰাছ পৰা সংক্ৰমিত হোৱাৰ ভয়।
আমি আমাৰ সন্তানকচোন এই থলুৱা ফুলবোৰৰ জুতি মুখত লাগিৱলৈ দিবই পৰা নাই। প্ৰায় ষ্ট্ৰবেৰীৰ দৰে মাটি কমলা, নুনীগুটি এইবোৰ বাৰু আমাৰ সন্তানে চিনি পাই নে? সুস্বাদু আমলখি, শিলিখা, বগৰীকেইটা আপুনি নিসংকোচে সন্তানক খাৱলৈ এৰি দিব পাৰিছেনে?
নাই পৰা যদি এতিয়াও সময় আছে যিমান পাৰে সিহঁতক চিনাকি কৰি দিয়ক এই থলুৱা ফল মূল বোৰ আমাৰ অসমীয়া ভাষাটোৰ দৰে এই থলুৱা ফল মূলবোৰো জানো আমাৰ আপোন সম্পদ নহয়? 'খাৰ খোৱা ' দৰে কি ঠিক কালিলৈ আপোনাৰ মোৰ সন্তানেও কিজানি এই সম্পদ লৈ বিশ্ব জয় কৰিব পাৰেই?!


 ৰূপজ্যোতি গগৈ
 বৰকাঠনি চাহবাগিচা,
গোলাঘাট785626
ফোনঃ9678707400

No comments:

Post a Comment