বেটুপাত

বেটুপাত

Thursday, 30 August 2018

চেলেকা পোকৰ ভোক (বিশ্বজিৎ ডি চেতিয়া )


  
(খণ্ড- দুই)

কিছুদিনৰ পৰা মন কৰিছোঁ আমাৰ অফিচলৈ বহু নতুন নতুন মুখৰ আগমন ঘটিছে।এই নতুন মুখৰ বেছিভাগেই আঢ্যৱন্ত ঘৰৰ সুন্দৰী মহিলা।তেওঁ বেশভূষাতেই ধৰিব পাৰি।পেহাৰ সৈতে কেবিনত বহি কথা পাতে আৰু কাৰোলৈ নোচোৱাকৈ সদম্ভে ওলাই গুচি যায়।ষ্টাফৰ সকলো অবাক হয়। উত্তৰ কাৰো হাততেই নাথাকে।অৱশ্যে এটা উত্তৰ থাকে,সেইটো হ'ল সুন্দৰী মহিলা সকল ওলাই যোৱাৰ পিছতে পেহী মানে ৰ'জী চিধাই পেহাৰ কেবিন পায়গৈ।কিন্তু দুগৰাকীমান মহিলা ৰ'জী নথকাতহে আহে।ৰ'জী থকাত এদিনো নাহে।আমি "ক' ইনচিডেণ্ট" বুলিয়ে ভাবোঁ যদিও কেতিয়াবা খেলিমেলি লাগি যায়।পিছে এই নতুন মুখবোৰৰ মাজতে মোৰ জীৱনলৈ আহিল এখন নতুন মুখ।
এজন নতুন বন্ধু।
নামঃ প্ৰণৱ কুমাৰ দাস।
ঘৰ বাক্সাত। অফিচৰ নতুন এমপ্লয়ি।তাৰ ছিটটো মোৰ ওচৰতে হ'ল।প্ৰথম অৱস্থাত গহীন হৈ থকা প্ৰণৱৰ সৈতে লাহে লাহে সহজ হ'ব ধৰিলোঁ।প্ৰণৱৰ অমায়িক স্বভাৱ তথা ভদ্ৰ ব্যৱহাৰে মোক বাৰুকৈয়ে মুগ্ধ কৰিলে।লাহে লাহে আমাৰ দুটাৰ মাজত বন্ধুত্ব গঢ় লৈ উঠিল।প্ৰায়ে তাৰ ভাড়াতীয়া কোঠালৈ যাওঁ।নানা কথা পাতোঁ,নতুন কামৰ আলোচনাও চলে।লাঞ্চব্ৰেকতো দুইটা একেলগে বহোঁ।ৰাণা দাহঁতে বেয়াও পায় দূৰত্ব অলপ হোৱাত।
           হঠাৎ লাঞ্চব্ৰেকৰ সময়তে কাজৰীবা খঙত জকজকাই উঠিল।ষ্টাফৰ প্ৰায়খিনিয়ে "কি হ'ল কি হ'ল" বুলি কাজৰীবাৰ ওচৰ পালেহি। ৰ'জীয়ে হেনো কাজৰীবাক  অনাহক কথা এটাক লৈ আজি আকৌ কথা শুনাইছে।আগতেও এনেদৰে কথা শুনাই থৈছে।কাজৰীবাই কথাটো পেহাক নজনাই লাডেনক মানে মালিকক জনালে।তাতেই ক্ষুণ্ণ হ'ল পেহা।আকৌ এখন নাটক - প্ৰতিষ্ঠানৰ মূৰব্বী হিচাপে তেওঁ আছে যেতিয়া আগত পেহাকে কথাটো জনাব লাগিছিল।কিন্তু কাজৰীবা উপায়ন্তৰ হ'ল - জানেই অপৰাধ যিমানেই নহওক কিয়- বচপেহাই নিজৰ ৱাইফ যেতিয়া পেহীক যিকোনো প্ৰকাৰে দোষমুক্ত কৰি কাজৰীবাৰ ওপৰতে সমস্ত দোষ জাপি দিবই দিব। এতিয়াও পেহাই এটা ইচ্যু পায়ে গ'ল যে তেওঁক কিয় আগত জনোৱা নহ'ল।তাকে মিক্সিত চাটনি পিহাদি ইমানেই পিহিব যে ৰ'জীৰ অপৰাধ কি সেইটো দবি যাব।পেহাৰ এই "টু মাচ" বৰিং টেকনিকবোৰ এতিয়া সকলোৰে জ্ঞাত।
        ভবাটোকেই হ'ল।কেবিনলৈ সকলোকে মতা হ'ল।দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণ চুৰু।কোনোবাই তৰ্ক কৰিব আৰু আমি এনেই কাণ বিষোৱাব লাগিব।পেটে পেটে সকলোৰে খং উঠিল।ব্যক্ত নকৰিলেও চকুৱে মুখে স্পষ্ট প্ৰতিফলন দেখা গ'ল।কথাটো মূৰব্বী হিচাপে জনাব লাগিছিল সঁচা কিন্তু পেহাৰ যিহে স্বভাৱ,কৈ লাভো নাই।পেহাৰ নিৰন্তৰ শব্দ বাক্য বৰ্ষণত কাজৰীবাৰ মাত তল পৰি গ'ল।যুদ্ধৰ দামামাই উপস্থিত সকলোৰে কাণ মগজুত আঘাত কৰিলে।সঁচাকৈ উচ্চস্বৰে কথা কৈ কৈ কাজৰীবাকে দোষী সাব্যস্ত কৰিলে।দোষী ৰ'জীক পেহাই একোকে নক'লে।হামিদে কাণে কাণে ক'লে বচৰ কথা "মাইকীৰ তলতীয়া " বুলি।কেবিনৰ পৰা ওলায়ে ৰাণাদাই অনুচ্চ স্বৰত ক'লে -"মাইকীৰ তলতীয়াটোৱে ঘৈণীয়েকক একো ক'বই নোৱাৰে।"ৰাণাদাৰ খং উঠিছে।লগতে নৃপেনদাৰো।
উঠাটো স্বাভাৱিক।
      সকলোৰে সন্মুখত অপমান পাই কাজৰীবা দুদিন নাহিল। এটেনডেন্স বুকত বচে এবচেণ্ট লিখি ডব্লিউ এন. লিখিলে অৰ্থাৎ উইডাউট নটিচ।তাৰমানে দুদিনৰ দৰমহা গ'ল।লাঞ্চব্ৰেকত কথাবোৰ পূৰামাত্ৰাই ওলাই থাকিল। আচলতে কাজৰীবাৰ দোষেই নাছিল।ফাইল এটাৰ কথাক লৈ বচৰ কেবিনত অলপ সময় ৰ'ব লগা হ'ল;তাতে ৰুষ্ট হ'ল ৰ'জী।কথাৰ গুৰি ক'ৰবাত,ৰ'জীয়ে কাজৰীবাক বচৰ সৈতে সন্দেহ কৰে।কেৰোণ তাতেই।কিন্তু কাজৰীবা কি আমি সকলোৱে জানো।সুখৰ সংসাৰ এখন তেওঁৰ আছেই।
"-এইখন কাজিয়া বহুত পুৰণি-ব্যক্তিগত কথাৰ মাজত  আমি সোমোৱা উচিত নহয়।পিছত আমাৰহে বিপদ হ'ব।" চিত্ৰলেখাই ক'লে।
"-গোটেই দোষটো এ ৰ'জীৰ। অদৰকাৰী  কথাত এই বৰ মূৰ মাৰি থাকে।নিজেও শান্তিত নাথাকে আৰু আনকো থাকিবলৈ নিদিয়ে।"- নৃপেনদাই ক'লে।
"-তাইৰ হাজবেণ্ড বচ যেতিয়া যাব লাগিবই যিকোনো কথা সুধিবলৈ।প্ৰজেক্টৰ কথাওচোন ফাৰ্ষ্ট বচকহে কয়। আমিতো সুধিব লাগিবই।তেতিয়া খন্তেক ৰ'ব লাগিবই।"-বৰানীয়ে ক'লে।
"-মইও তাকে কওঁ অ বৰানী।তোমালোকো চোন যোৱা,এই চিত্ৰলেখা যায়,সংগীতা যায়,বৰতামুলীৰতো তাঁতবাতি কৰোঁতেই যায়।তোমালোকক সন্দেহ নকৰে কিয়?"
"-চিচি কেমেৰা নলগাইনো কেলৈ ইমান যদি সন্দেহেই কৰে!দুধ কা দুধ পানী কা পানী হৈ যাব তেতিয়া।"
"-সংগীতাই ভাল কথা কৈছা।পেহীয়েৰাৰ ইমানটো অন্তৰ্মুখী কেমেৰা থাকোঁতে যন্ত্ৰ কেমেৰাৰ কিহৰ প্ৰয়োজন?পেহীৰ অন্তৰ্দৃষ্টি আছে বুলি নাজানা নেকি?"-ৰাণাদাৰ ৰগৰত সকলোৱে হাঁহিলে।
       তেনেকোৱাতে জিয়া ওলালহি কথাৰ ভাগ ল'বলৈ। "কি কথা ওলাইছে অ' ইমান হাঁহিছে?মোকো কওকচোন;মইও হাঁহো।" জিয়াৰ কথা শুনি মোৰ খঙেই উঠিল। ওলালহি যাই উৰহীৰ ওৰ বিচাৰি।সকলোৱে খোৱাত লাগিল।নৃপেনদাৰ বাদে।
"-কৈছোঁ এওঁলোকক,কিছুমান জলকীয়া বৰ জলা থাকে,কিছুমানৰ আকৌ জালেই নাই।বজাৰত হৰেক ৰকমৰ জলকীয়া ওলাল অ' -জলা -নজলা!"
"-তাকে অ নৃপেনদা,বজাৰৰ পৰা ভাল বুলি কিনি আনোঁ।খাওঁতেহে ওলায়।ফোঁপোলা;জালেই নাই।চব ভেজাল" -জিয়াই প্ৰত্যুত্তৰ দিলে।
  "-ভেজাল ভেজাল বজাৰৰ প্ৰায়বোৰে ভেজাল।কোনটো দৰৱ দিয়া কোনটো নিদিয়া একো ধৰিব নোৱাৰি।"নৃপেনদাৰ কথা জিয়াই বুজি নাপালেও বুজি পায় হাঁহি উঠিল মোৰ আৰু ৰাণাদাৰ।
      দুদিন বিৰতিৰ পিছত কাজৰীবা আহিল।আমি ভবা মতে কাজৰীবাই কিন্তু ৰিজাইন নিদিলে।গতানুগতিক ভাৱেই চলিল সকলো।মাত্ৰ ৰ'জীয়ে ষ্টাফৰে বিপাশা বোলাজনীক টানি নি ফুচফুচাই কিবাকিবি কৈছে।সকলোৱে বুজি পাইছে।বিপাশাৰ আকৌ ৰ'জীৰ লগতহে টাৰ্মছ।ষ্টাফৰ কোনোৱে তাইৰ আগত ৰ'জীৰ কথা নকয়।জানেই  শিপা গড়গাঁও পাবলৈ দেৰি নালাগে।দুতলীয়া কাৰবাৰবোৰ কৰি বিপাশাই কি পায় তাই জানে!কোনেও একো ক'বও নোৱাৰে।ৰ'জীক তাইৰ ফলীয়া কৰি থৈছেই।
    ৰ'জীৰ দৃষ্টিশক্তিৰ ওপৰতো মোৰ কেতিয়াবা সন্দেহ হয়,কথাটো কি ধৰিব নোৱাৰোঁ।তেওঁ যি দেখে আমিওচোন একে দেখোঁ,সন্দেহ কৰিবলগীয়াচোন একো নেদেখোঁ।সেই একে দেখাতে ৰ'জীয়েনো কি সন্দেহৰ গোন্ধ পায় আমি ভাবি নাপাওঁ।ৰ'জীৰ এই ঠেক মানসিকতা দেখিলে ঘৃণা উপজে।নামটোহে ৰ'জী  -  ৰ'জ মানে গোলাপফুল।গোলাপ ফুলৰ গ- টোও তেওঁৰ গাত দেখা নাযায়।গোলাপৰ পাহিৰ কোমলতাৰ সলনি কাঁইটৰ সমাহাৰহে তেওঁৰ চৰিত্ৰত দেখা যায়। (ক্ৰমশঃ)

No comments:

Post a Comment