বেটুপাত

বেটুপাত

Sunday, 26 August 2018

দুখৰ দিনলিপি ( ভাৰতী ফুকন )


         এক
চৰাই এটা উৰি আহি
পৰিলহি ডালত
দুখেৰে 'লোঁ
পাতহীন গছ ছাঁ নাই মনত।
           
             দুই
শীতৰ ডালত খুটি খুটি
ৰঙা ' ঠোঁট
ৰাধিকাৰ আঁচলত ভমকা ভমক
শিমলু নহয় ভঙা হিয়াৰ বোল।

               তিনি
পুৱাৰ উচুপনি মাৰ নৌযাওঁতেই
হুমুনিয়াহত সেমেকি থাকিল
গোটেইটো দুপৰীয়া
ৰান্ধনি বেলিটো শিৰত লৈ
মেৰ মাৰি বহিলহি সন্ধ্যা।

           চাৰি
ৰাতি বাঢ়ি বাঢ়ি সাগৰ যেন '
সপোনৰ টোপোলাত উখল মাখল
পুৱতি নিশালৈ কাৰ পৰিব পাল।


ভাৰতী ফুকন
নৰাকোঁৱৰ গাঁও,
পদুমনি গোলাঘাট
ফোনঃ9365636486

No comments:

Post a Comment