বেটুপাত

বেটুপাত

Sunday, 26 August 2018

এয়া সময় জাগৰণৰ ( জোভিয়েল বৰ্মন )


এয়া সময় জাগৰণৰ
ৰুখ্ঞ আইৰ উদৰত 
আজি আপোনঘাটী তেজলগা
হেংদাঙৰ ছাঁ। 
পথাৰে পথাৰে এতিয়া মাথো 
বিষাদৰ জীয়া জুইত 
জ্বলিছে সোণালী আঘোন। 
শুই থকা শিয়ালৰ 
জিভাৰ পানীত উথলে 
মোৰ আইৰ চকুপানী। 
হেৰৌ বিহুৱা ডেকাটি 
লাচিতৰ তেজে লিখা 
ইতিহাসৰ পাতবোৰ 
মোহাৰি নেপেলাবি। 
পুৰি নিয়া মদাৰৰ 
ৰঙা জুইত 
লগাই দে আকৌ এবাৰ 
বৰটোপৰ ধ্বনি 
যাই যদি যাওক
সৰাপাতৰ ফাগুন বিচাৰি 
শৰাইঘটীয়া ডেকাটি। 
শ্বহীদৰ ৰক্তৰে ৰাঙলী
ৰণ শিঙাত দে আজি
আকৌ এবাৰ ধ্বনি 
জনাই দে 
ৰণুৱা বনুৱা অসমীয়া ডেকা আমি
এয়া যে সময় আমাৰ 
নব জাগৰিত হোৱাৰ।




জোভিয়েল বৰ্মন
বালিকৰিয়ানলবাৰীঅসম

No comments:

Post a Comment