বেটুপাত

বেটুপাত

Sunday, 26 August 2018

ল'ৰালীৰ ৰক্ষাবন্ধন আন্তৰিকতাৰ অবিচ্ছেদ্য এনাজৰী ( সমীৰ মানৱ )


              ৰক্ষাবন্ধন প্ৰাচীন কালৰে পৰা চলি অহা এটা প্ৰথা বা নিয়ম। ভাতৃত্বৰ সম্বন্ধক সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতিশ্ৰুতি ৰূপে পালন কৰা দিৱসেই ' ৰক্ষাবন্ধন।প্ৰকৃত নিয়ম অনুসৰি বায়েক বা ভনীয়েকে ককায়েক বা ভায়েকক নিজৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতিশ্ৰুতি বিচাৰি এডাল ৰচি অৰ্থাৎ ৰাখী  পিন্ধাই আৰু ৰাখি ডালৰ চিন স্বৰূপে ভায়েক বা ককায়েক জনে বায়েক বা ভনীয়েকৰ প্ৰতি প্ৰতিশ্ৰুতিৰে নিজৰ দায়িত্ব পালন কৰি সুৰক্ষা আৰু নিৰাপত্তা প্ৰদান কৰে।
           কোনে কয় ৰাখী কেৱল ভনীয়েক ,বায়েকে ককায়েক বা ভায়েকক নিজৰ নিৰাপত্তাৰ আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ পিন্ধাই, আপুনি যদি স্কুলীয়া 'ৰা-ছোৱালী বোৰলৈ লক্ষ কৰিছে, তেন্তে ৰক্ষা বন্ধনৰ দিনটোত 'ৰা ছোৱালী নিৰ্বিশেষে প্ৰতিজনে প্ৰতিজনকে, উচ্চ শ্ৰেণীৰ আৰু নিম্ন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী, বিদ্যালয়ৰ কৰ্মচাৰী, নিকটৱৰ্তী আত্মীয়, সৰ্ব সাধাৰণতে অজানিতে আপোন হৈ পৰা প্ৰতিজন ব্যক্তিকেই তেওঁলোকে ৰাখী পিন্ধাই।তেওঁ লোকৰ তালিকাৰ পৰা আনকি বাদ পৰি নেযায় তেওঁলোকৰ ককাক- আইতাক,মাক দেউতাক, বিদ্যালয়ৰ প্ৰধান শিক্ষক, খুড়া,পেহী, বৰদেউতা-বৰ মা আদি সম্বন্ধৰ যিকোনো ব্যক্তি।
        এইটো নহয় যে তেওঁলোকে ৰক্ষা বন্ধনৰ নীতি নিয়ম উলংঘা কৰিছে, মাথোঁ এইটোৱে যে ৰক্ষা বন্ধনক তেওঁলোকে অলপ বেলেগ দৃষ্টিৰে মূল্যায়ন কৰি ৰক্ষা বন্ধন পালন কৰে।ৰক্ষা বন্ধনৰ প্ৰকৃত মৰম স্নেহ তাত কিজানি আনতকৈ বহুত বেছি আছে।বন্ধুত্ব দিৱস কেতিয়া কি তেওঁলোকে বুজি নাপায়।প্ৰতিটো দিনেই তেওঁলোকৰ বাবে বন্ধুত্ব দিৱস, ডাঙৰ সকলে পালন কৰা দিৱসবোৰৰ কথা উল্লেখ নকৰোঁৱে।ৰক্ষা বন্ধনৰ এই বিশেষ দিনটিৰ বাবে সিহঁতৰ বহুদিনৰ পৰাই আয়োজন,কাক পিন্ধাব আৰু কেনেকুৱা পিন্ধাব, বাৰে বাৰে জুকিয়াব, সিহঁতৰ তালিকাৰ পৰা কেনেবাকৈ কোনোবা বাদ পৰিছে নেকি। তাৰ বাবে কেইদিনমান আগৰ পৰাই কোনোটোৱে দোকানত কোন ডাল বেছি ভাল,কোন ডাল দিলে ভাল ' নিজেই গৈ চাই কিনি লয় আৰু কিছুমানে নিজ হাতেৰে বনাই দিবৰ বাবে নানা ৰঙী সূতা আৰু মণি বিচৰাত লাগি ব্যস্ত হৈ যায়। ৰাখী পিন্ধোৱাৰ পিছত সিহঁতৰ মুখত জিলিকি উঠা হাঁহিৰ কিৰণ আৰু সুখী হোৱাৰ উজ্জ্বলতাই ৰক্ষা বন্ধনৰ প্ৰকৃত এনাজৰী ডাল গঢ়ি দিয়ে। ৰাখী ডালৰ বিনিময়ত সিহঁতি একো নলয় উপহাৰ। ডাঙৰ মানুহৰ দৰে নিৰ্দ্দিষ্ট দুই এজন ভাই-ককাই বা বাই-ভনী সিহঁতৰ তালিকাত নাই, এয়াই হয়তো আটাইতকৈ নিশ্বাৰ্থ ৰক্ষা বন্ধনৰ উদাহৰণ, যি খিনি আমি বহু সময়ত ডাঙৰৰ পৰা বিচাৰিও নেপাওঁ। কণমানি বোৰে অনায়াসে সেয়া আমাক দি মানৱতা আৰু মৰম চেনেহ বোৰ  আচলতে কি সেয়া আমাক শিকাই যায় আৰু কণমানি বোৰে পালন কৰা এই বিশেষ ৰক্ষা বন্ধনেই মোৰ আটাইতকৈ ভাল লগা দিন বোৰৰ ভিতৰত এটা উল্লেখযোগ্য দিন। তেওঁলোকে পিন্ধাই দিয়া ৰাখী ডাল সিহঁতৰ মৰম এৰাব নোৱাৰিয়ে সকলো সময়তে পিন্ধি থাকিব লগা হয় আৰু সিহঁতৰ ৰাখী ডাল সদায় হাতত আছে নে সদায় নিৰীক্ষণ কৰিব আৰু যদি নেদেখে বৰ অসন্তুশ হৈ পৰিব। তেতিয়া সিহঁতক বহু মৰমেৰে বুজোঁৱাৰ অন্ততঃ সিহঁতি মানি লয়।মই নিজেও এনে অভিজ্ঞতা পাইছোসেই বাবেই হয়তো মোৰ বাবে কণমানি বোৰৰ এই ৰক্ষা বন্ধন উদযাপন মোৰ খুবেই প্রিয়।সেই বাবেই সেই দিনটোত সকলো দাদা বাইদেউৰ পৰাই ৰক্ষাবন্ধনৰ শুভেচ্ছা পোৱাটো ব্যক্তিগত ভাবে মোৰ বাবে আশীৰ্বাদ।
           বহু সময়ত দেখা যায় যে, ৰক্ষা বন্ধনৰ যি প্ৰাচীন গুৰুত্ব, সেই গুৰুত্ত আজিকালি একেবাৰেই নোহোৱা হৈছে।ৰক্ষাবন্ধনক প্ৰতিশ্ৰুতি, সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে পালন নকৰি কেৱল মাথোঁ এটি আনন্দৰ দিন হিচাপে ৰক্ষাবন্ধন পালন কৰে,কিন্তু তাৰ গুৰুত্বতা সেইদিনতোৰ পৰা অলপো নোহোৱা হৈ যায়, ইয়াৰ গুৰুত্ব নোহোৱা হোৱাটো দুখ জনক 'হলেও এনে হোৱাটো আমাৰ বাবে কাম্য নহয়।আশাকৰো যি সকলে এই ৰক্ষাবন্ধন পালন কৰে,তেওঁলোকে যেন দায়িত্ব আৰু গুৰুত্ত সহকাৰে লৈ প্ৰতিশ্ৰুতি হিচাপে পালন কৰে, তেতিয়া হয়তো আমাৰ সমাজত আমাৰ বাই,ভনী বোৰ কাৰোৰে হাততে লাঞ্চিতা ' লগা নহয়।এইতো নহয় যে নিজৰ সহোদৰ ভায়েক  ককায়েকক হে ৰাখি পিন্ধাব আৰু আৰু যি ৰাখি পিন্ধাইছে তেওঁৰ প্ৰতিহে দায়িত্ব পালন কৰিব লাগে,ৰাখি পিন্ধি ৰক্ষাবন্ধনৰ যি প্ৰতিশ্ৰুতি সেয়া সেই নিৰ্দিষ্ট ছোৱালী জনীৰ ক্ষেত্ৰতেই পালন 'কৰি সেই দায়িত্ববোধ আন বোৰ ছোৱালীৰ ক্ষেত্ৰতো পালন কৰা উচিত।এজনী ছোৱালীৰ অসহায় অৱস্থাত তেনেকৈ এৰি নিদি সাহস আৰু শক্তি স্বৰূপে সংগ দিবলৈ আগবাঢ়ি আহিব লাগে, ৰাজপথত বা কোনো স্থানতেই যাতে এগৰাকী নাৰী নিৰ্যাতিত 'বলৈ নেপাই,তাৰ প্ৰতি সদায় দৃষ্টি ৰাখিব লাগে।আপোন বাই ভনীৰ ক্ষেত্ৰতেই সেই প্ৰতিশ্ৰুতি পালন 'কৰি আপোন বাই ভনীক দিয়া প্ৰতিশ্ৰুতি হিচাপে সেয়া প্ৰতিজনী ছোৱালীৰ ক্ষেত্ৰতে পালন কৰিব লাগে।যিদিনা আমাৰ সমাজ খনত প্ৰতিজনী ছোৱালী সুৰক্ষিত ',সেই দিনাই হয়তো ৰক্ষাবন্ধনৰ প্ৰকৃত উদ্দেশ্য সফল 'ব।
       শেষত সকলোলৈ ৰক্ষা বন্ধনৰ বহুতো উলগ আৰু শুভেচ্ছা জনালো।ৰক্ষা বন্ধনে সকলোৰে মাজত মৰম চেনেহ অটুট ৰাখে যেন, তাৰেই কামনা কৰিলো।


সমীৰ মানৱ
মাজুলী

No comments:

Post a Comment