বেটুপাত

বেটুপাত

Thursday, 30 August 2018

মানৱ জীৱনৰ অৰ্থ ( সঞ্জয় ৰবিদাস)

 পৃথিৱীত মানৱৰ জন্ম এক স্বভাৱজাত প্ৰক্ৰিয়া । জন্ম লাভ কৰা সকলো মানুহৰে এদিন মৃত্যু অনিবাৰ্য। জন্ম লাভ কৰি ডাঙৰ হোৱাৰ পৰা নমৰালৈকে মানুহ এজনৰ বাবে জীৱনটো এক সংগ্ৰাম ক্ষেত্ৰ।এই সংগ্ৰাম ক্ষেত্ৰখনত ভৰি থৈ মানুহে ভাল-বেয়া অনেক কামেই কৰে।অধিকাংশ মানুহে অতি লোভৰ ফলত সৎপথৰ পৰা বিচলিত হৈ বেয়া কামৰ প্ৰতি ঢাপলি মেলে ।বিবেকৰ কথা নুশুনি ধন-সোণৰ অন্ধ লোভত জীৱনৰ মূল লক্ষ্য-উদ্দেশ্য পাহৰি ,নৈতিকতা বিসৰ্জন দি কোটি কোটি মানুহ আজি অসৎ পথেৰে পৰিচালিত হৈ আহিছে । ডাঙৰ হোৱাৰ পাছৰেপৰা দুৰ্নীতিৰ পথেৰে বিত্তশালী হোৱা,অপৰাধৰ জগতখনেৰে ক্ষমতাশালী হোৱাটোৱেই সাম্প্ৰতিক কালত বহু মানুহৰ মূল লক্ষ্য হৈ পৰা পৰিলক্ষিত হৈছে। এনে বহু অপৰাধী মানুহৰ ভৱিষ্যতৰ ঠিকনা হৈ পৰে  কাৰাগাৰৰ অন্ধ কোঠালি ।জে'লৰ কয়দী হোৱাৰ পাছত অনুশোচনা জাগিলেও অপৰাধী জীৱনৰ পৰা মুক্তি লাভৰ বাবে তেতিয়ালৈ বহু দেৰি হৈ যায় ।
   
               মানুহে ধন ঘটাৰ দৌৰত বা সম্পত্তিৰ মোহত অন্ধ হৈ উচিত-অনুচিত, ন্যায়-অন্যায়, পাপ-পূণ্য, বৈধ-অবৈধ---এই সকলোখিনি নৈতিক-অনৈতিক ধ্যান-ধাৰণাক ভৰিৰে গছকি মোহাৰি ভোগবাদৰ পৃথিৱীত নিজকে বিলীন কৰি দিয়ে। ফলস্বৰূপে মানুহ হৈ পৰে লোভী আৰু নিষ্ঠুৰ ।এক শ্ৰেণীৰ মানুহে আজি কেৱল নিজৰ কথাহে ভাবে । নিজৰ ঘৰ আৰু নিজৰ সন্তানৰ মংগলৰ চিন্তাতে দিন-ৰাতি পাৰ কৰে। আনৰ দুখৰ সমভাগী হ'বলৈ যেন এপলকো আহৰি নাই।এখন গাড়ী,মোটা অংকৰ বেংক-বেলেন্স,সন্তানক নামী-দামী বিদ্যালয়ত পঢ়ুওৱা ---এই বিলাকতে এচাম মানুহৰ সুখ আৰু সপোন সীমাবদ্ধ। পৃথিৱীখন বহল দৃষ্টিভংগীৰে চোৱা মানুহৰ আজি অভাৱ ।মানুহবোৰ প্ৰতিযোগিতাত নামিছে । ভোকাতুৰ,দৰিদ্ৰ, দিব্যাংগ,নি:স্ব আৰু সৰ্বহাৰাৰ কাষত আজি থিয় দিয়ে বা কোনে? পৃথিৱীৰ পৰা মানৱতা লাহে লাহে লোপ পাবলৈ ধৰিছে। সুবিধাবাদী মানুহৰ বাবে পৃথিৱীখন এক বজাৰলৈ পৰিণত হৈছে। স্বাৰ্থপৰ হৈ পৰিছো আমি,নিতৌ স্বাৰ্থপৰৰ দৰে কাম কৰিছো। যিকোনো কাম সেৱাৰ মনোভাৱেৰে কৰা নাই, লাভ-লোকচানৰ অংক মিলাইহে কামত হাত দিছোঁ। আমি একো একোজন পাকৈত ব্যৱসায়ী হৈ উঠিছোঁ। প্ৰতিটো কামৰ অন্তৰালত স্বাৰ্থ পুহি ৰাখিছো,বিনিময় দাবী কৰিছোঁ ।সেইবাবে এই পৃথিৱীত আমাৰ মানৱীয় মূল্য নাই,গুৰুত্ব নাই। আৰ্তজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ আজি আমি অনিচ্ছুক। জীয়াই থকাৰ মহান উদ্দেশ্যক আমি পাহৰি পেলাইছোঁ। মানুহৰ বাবে এতিয়া জীয়াই থকাৰ অৰ্থ হৈ পৰিছে পাৰ্থিৱ সুখ অৰ্জন ,বিষয়-বাসনা পূৰণ। আনৰ হিত চিন্তা ,পৰোপকাৰ জাতীয় চেতনাবোৰ মানুহে মনৰ পৰা মচি পেলাইছে। মানুহ হৈ পৰিছে অৰ্থৰ দাস। তীব্ৰ আত্মকেন্দ্ৰীকতাত বন্দী আজিৰ মানুহ ।নিজৰ ঘৰ-পৰিয়াল, কৰ্মস্থানৰ বাদে বাহ্যিক সমাজৰ সৈতে যোগসূত্ৰ স্থাপনত মুঠেও আগ্ৰহী আজিৰ সমাজৰ গৰিষ্ঠসংখ্যক লোক। ভোগবাদ আৰু বিচ্ছিন্নতাই গ্ৰাস কৰি পেলাইছে আজিৰ পৃথিৱীক ।শুশ্ৰূষা আৰু আতিথ্যৰ মাজত এতিয়া কৃত্ৰিমতা বিৰাজমান। আজি আনৰ সুখত আমি সুখী নহয়,আনৰ দুখত দুখী নহয়।কাৰণ নিজৰ নিজৰ উচ্চাকাংক্ষা,দুৰাকাংক্ষা পূৰণত ব্যস্ত আমি ।এখন্তেক আনৰ কথা ভাবিবলৈ আজি আমাৰ সময় নাই । প্ৰতিযোগিতাৰ যুগত আমি ইজনে-সিজনৰ জীৱন বাটৰ সহযাত্ৰী নহয়,যেন প্ৰতিদ্বন্দ্বীহে।


              নিজৰ পৰিয়ালৰ সদস্যৰ সৈতে আজি আমি ভাল ভাল খাইছো,পিন্ধিছো,নতুন নতুন ঠাইলৈ ফুৰিবলৈ গৈছোঁ, 'চেল্ফি' তুলি ছচিয়েল মিডিয়াত প'ষ্ট কৰিছোঁ---বচ্,হৈ গ'ল বিন্দাচ লাইফ ।পাহৰি পেলাইছো 'আনৰ বাবে কান্দিব জানিলে কান্দোনতো সুখ পায়', পাহৰি পেলাইছো 'মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে,অকণি সহানুভূতিৰে কোনেনো ভাবিব.....' ।আজি আমি বহুত সুখী । নিজৰ ঘৰ,গাড়ী,চাকৰি,টকা-পইচা সকলো আছে । কিন্তু মানৱতাবোধ বোলা বস্তুটো জানো আমাৰ মাজত আছে?যদি নাই, তেন্তে নিশ্চিতভাবে আমি দয়া-মমতাহীন শিলৰ হৃদয়ৰ গৰাকীলৈ পৰ্যবসিত হৈছোঁ। পৃথিৱীৰ মানুহৰ অভাৱ-অনাটন,দুখ-দুৰ্দশাবোৰ দেখিও যদি কৰুণাত উথলি উঠা নাই আমাৰ মন,তেন্তে আমি নিশ্চয় একো একোটা নিৰ্জীৱ প্ৰস্তৰ মূৰ্তি।

           পৃথিৱীত আমাৰ জনম হোৱাৰ নিশ্চয় এক মহৎ উদ্দেশ্য আছে। মানুহ আৰু অন্য জীৱ-জন্তুৰ বাসোপযোগী এটা পৰিৱেশ সৃষ্টি কৰাই মানৱ জীৱনৰ মূল ধৰ্ম।তেহে আমাৰ জনম সাৰ্থক হ'ব। পৃথিৱীৰ প্ৰতিজন লোকক আশা কৰিবলৈ,সপোন দেখিবলৈ সাহস আৰু উৎসাহ যোগোৱাটো জানো মানুহৰ কৰ্তব্য হোৱা উচিত নহয়? সহমৰ্মিতাৰে সহাৱস্থান কৰিব পাৰিলেহে পৃথিৱীলৈ সুখ আৰু শান্তিৰ নিজৰা বৈ আহিব। তেনে এটা সুদিনৰ বাবে আমি প্ৰত্যেকেই প্ৰকৃতাৰ্থত 'মানুহ' হোৱাৰ চেষ্টা অব্যাহত ৰাখিব লাগিব।সেই চেষ্টাৰ ফলতেই আমাৰ মনত সৃষ্টি হ'ব মানুহ হোৱাৰ গৌৰৱ। ইয়াৰ অন্যথা পৃথিৱীত জনম লোৱাটো আমাৰ বাবে হৈ পৰিব মাথো এক দুৰ্ভাগ্য ।(সমাপ্ত)


সঞ্জয় ৰবিদাস
ঠিকনা: বৰহোলা, যোৰহাট।
ফোন: ৯১০১৮৬২৯৭৯

No comments:

Post a Comment