বেটুপাত

বেটুপাত

Sunday, 26 August 2018

ঐতিহ্যমণ্ডিত মাজুলী ( শ্ৰী মানস প্ৰতীম হাজৰিকা )


 অসমৰ অবিভক্ত যোৰহাট জিলাৰ উত্তৰ দিশত বৰলুইতৰ বিশাল জলৰাশিৰ বুকুত অৱস্থিত  "মাজুলী"।ধৰাৰ বুকুত পৃথিৱীৰ বৃহত্তম নদীদ্বীপ হিচাপে চিহ্নিত মাজুলী প্ৰখ্যাত হোৱাৰ উপৰি অসমীয়া সাহিত্য-সংস্কৃতিৰ অন্যতম পীঠভূমি। মাজুলী নদীৰ গৰ্ভতেই জন্ম আৰু হয়তো এদিন বিলীন হৈ যাব নদীৰ গৰ্ভতেই। বৰলুইতৰ বুকুত উমাল পৰশ লৈ সত্ৰ-সংস্কৃতি চহকী কৰি ক্ষত-বিক্ষত দেহা লৈ বছৰ ধৰি মানুহক যাদুকৰী মোহনীয় ৰূপেৰে জীয়াই ৰাখিছে মাজুলীয়েই।
    মাজুলী প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ। লুইতৰ পাৰৰ কহুৱা, ঝাওবনৰ শাৰী, লুইতৰ পাৰে পাৰে সজাই ৰখা খৰিৰ মেজি, মৃন্ময় পন্থীসকলৰ মাটিৰ চাকেৰে সমৃদ্ধ, ভক্তিধৰ্মৰ অতুলনীয় জ্যোতিৰে মহিমামণ্ডিত  মাজুলী সচাকৈয়ে এক সুন্দৰ ৰম্যভূমি। বন-বিৰিখৰ পাতে পাতে বাজি অহা ৰিব্-ৰিব্ মলয়াৰ সুৰ, বিভিন্ন চৰাই চিৰিকটিৰ বিনন্দীয়া মাত, নাম-কীৰ্তন, বৰগীত, বনগীত, বিহুগীত, বিয়ানাম, খোল-তাল, মৃদংগ, ঢোল-পেপা, দবা- শংখৰ ধ্বনি আৰু উৰুলিৰ মধুৰ ঐক্যতানে মাজুলীলৈ সকলোকে আমন্ত্ৰণ জনায়।
    কৃষ্টিৰ কঠিয়া তলি মাজুলী। বানত যদিও বিপন্ন তথাপি ইয়াত জীয়াই থকা হাজাৰজনৰ মনত বহুতো ঘাট-প্ৰতিঘাটত জন্ম হয় সুন্দৰৰ অঙ্কুৰৰনৱ নৱ পথাৰ। বাৰে ৰহণীয়া কৃষ্টি-সংস্কৃতিৰ সমাহাৰ তথা প্ৰকৃতিৰ ৰম্যভূম মাজুলীক অধিক আকৰ্ষিত কৰি তুলিছে ইয়াত বসবাস কৰা মানুহ আৰু ঋতুভেদে আহি থকা দেশ-বিদেশৰ পৰ্যটকসকলে। মাজুলীত বাস কৰা লোকসকল একতাৰ এনাজৰীৰে বান্ধ খাই আছে। কলিতা, কঙমাৰ, মিচিং, যোগী, কোচ, কৈৱৰ্ত, বামুন, আহোম আদি বিভিন্ন জনগোষ্ঠীয়ে ইয়াত মিলি-জুলি বসবাস কৰে। মাজুলীৰ মানুহৰ ধৈৰ্যশক্তি অসীম। সহজ-সৰল মানুহ বিলাকৰ আন্তৰিকতা প্ৰকাশ পাই আলহী-অতিথি আপ্যায়নৰ দ্বাৰা।   মাজুলীৰ পূৰ্বৰ মাটিকালি ১২৫৬ বৰ্গ কিলোমিটাৰ আছিল যদিও বৰ্তমান বৰলুইতৰ খহনীয়াত পৰি ৫১২ বৰ্গ কিলোমিটাৰহে ৰৈছেগৈ।  প্ৰকৃতিৰ ৰম্যভূমি সত্ৰ-সংস্কৃতিৰ ঠাহ খোৱা ভৰাল, চাৰিওফালে নিৰ্মল জলধাৰা, নিৰ্মল বতাহ আৰু জলবায়ুৰে ভৰা মাজুলী মানুহৰ স্বাস্থ্যৰ উপযোগী বসতিস্থল। শস্য-শ্যামলা ভোগালী মাজুলীৰ মাটিৰ বস্তুৰ সোৱাদ অন্য ঠাইৰ লগত তুলনা কৰিব নোৱাৰি।
    যি কাৰকৰ ওপৰত ভিত্তি কৰি "বিশ্ব ঐতিহ্য ক্ষেত্ৰ" মাজুলীয়ে নিজকে অন্তৰ্ভুক্তিৰ প্ৰয়াস কৰিছে, সম্প্ৰতি সংগ্ৰাম অব্যাহত ৰাখিছে সেই অনুপম কাৰকসমূহ '-- () মাজুলীৰ অতুলনীয় সত্ৰীয়া-সংস্কৃতিৰ সম্ভাৰ () গৰিমামণ্ডিত শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ আটকধুনীয়া বিনন্দীয়া মুখাশিল্প আৰু () ইতিহাস প্ৰসিদ্ধ শালমৰা, চিনাতলীৰ বৃত্তিধাৰী কুমাৰ সকলে প্ৰাচীন কালৰে পৰা জীয়াই ৰখা ঐতিহ্যমণ্ডিত মৃৎশিল্প।
    প্ৰাকৃতিক ভাবে মাজুলী যেনেদৰে বৈচিত্ৰ্যপূৰ্ণ তেনেদৰে সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্মীয় দিশৰ পৰাও এখন বাঙ্ময় বৰ্ণিল সুন্দৰ পৃথিৱী। কথাৰে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি এইখন পৃথিৱী পৰম পুৰুষ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। যাৰ বাবে শান্ত সামাজিক পৰিৱেশৰ এই মাজুলীক বাছি লৈছিল আধ্যাত্মিক চৰ্চাৰ উপযুক্ত স্থান হিচাপে আৰু পোনপ্ৰথমে সত্ৰখনুষ্ঠান স্থাপন কৰিছিল ধোৱাহাট বেলগুৰি থানত। তাৰ পিছত তেখেতৰ অনুগামীসকলে মাজুলীৰ বিভিন্ন স্থানত সত্ৰানুষ্ঠান গঢ় দি এক সত্ৰীয়া সংস্কৃতিৰ পৰিৱেশ গঢ়ি তোলে সৰু বৰ প্ৰায় ৬০ খন সত্ৰৰ যোগেদি। মাজুলীত অভিশাপস্বৰূপ খহনীয়াই কাঢ়ি নিয়া সংখ্যাখিনি বৰ্তমান প্ৰায় ৩৪ খন সত্ৰ আছে। ধোৱাছালা গড়, ৰাৱনাপাৰ পুখুৰী আদি ঐতিহাসিক বিশেষত্বসমূহৰ উপৰি মাজুলীত আহোম ৰজা জয়ধ্বজ সিংহ, লক্ষ্মীনাৰায়ণ সিংহ স্বৰ্গদেউৰ দিনত স্থাপন কৰা চাৰিসত্ৰ অন্যতম। বৈষ্ণৱ ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ "এটকা মহন্তৰ স্থল" মাজুলী শৰৎকালীন উৎসৱ বুলিলে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আৰু মহাপালনামৰ কথাই মনলৈ আহে। অসমীয়া জাতিৰ তিনিটা বিহু উৎসৱ অতি উলহ-মালহেৰে ইয়াত পালন কৰা হয়।
    সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী এফালে সত্ৰীয়া সংস্কৃতিৰ বাহক আৰু আনফালে সত্ৰীয়া সংস্কৃতিৰ সমণ্বয়ৰ মিলনভূমি। মাজুলীত সত্ৰীয়া নৃত্য, গীত-ভাওনা, প্ৰসংগ প্ৰনালী নিয়মিতভাবে চৰ্চা হয়। সেয়ে মাজুলী এক কথাত 'বলৈ 'লে সংস্কৃতিৰ "মনিকূট স্বৰূপ" অৰ্থাৎ মাজুলী অসমীয়া সংস্কৃতিৰ দিক নিৰ্নয়কাৰী পীঠভূমি। মাজুলীৰ সত্ৰসমূহৰ ভিতৰত মূল কেইখনমান সত্ৰ '----
() দক্ষিণপাট সত্ৰ:- মহাবাহু ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে মাজুলীৰ দক্ষিণ-পূবত ঐতিহাসিক চাৰিসত্ৰৰ অন্যতম দক্ষিণপাট সত্ৰ। উল্লেখযোগ্য যে এই সত্ৰতে পোনপ্ৰথমে ৰাসোৎসৱৰ আৰম্ভ হৈছিল। এই সত্ৰত ৰজাদিনীয়া আপুৰুগীয়া সম্পদ, -অলংকাৰ, তাম্ৰ-পত্ৰ, পুথি আদি চাবলগীয়া সম্পদ আছে আৰু এইবোৰ চাবলৈ বহু দেশী-বিদেশী পৰ্যটক আহে।
() বেঙেনাআটী সত্ৰ:- ৰাজ অনুগ্ৰহ লাভ কৰা এই সত্ৰৰ আপুৰুগীয়া সম্পদসমূহেই প্ৰাচীন ঐতিহ্য বহন কৰাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰৰূপে পৰিগণিত হৈছে। পুৰুষোত্তম ঠাকুৰৰ আজ্ঞাপৰ বাৰজনীয়া মূৰাৰীদেৱৰ দ্বাৰা এই সত্ৰ স্থাপিত হৈছিল। এই সত্ৰৰ 'ফাগুৱা' উৎসৱে এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে।
() চামগুৰি সত্ৰ:- আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহ্ই ১৯৬৩ চনত 'চক্ৰপানিক' মাজুলীৰ জাহাজ ঘাটৰ চামগুৰি সত্ৰ পাতি দিয়ে। চামগুৰি সত্ৰৰ শিল্পকলাৰ নিদৰ্শন চালে চকুৰোৱা। এই সত্ৰৰ পৌৰাণিক, আধুনিক চিত্ৰকলা আৰু ভাস্কৰ্যৰ নিদৰ্শনে দেশ-বিদেশৰ পৰ্যটকৰ মন মুহিবলৈ সক্ষম হৈছে। বাহ বেতেৰে তৈয়াৰী  ভিন্ন প্ৰকাৰৰ মঙখা শিল্প এই অঞ্চলটোৰে এক উল্লেখনীয় শিল্প।
() গড়মূৰ সত্ৰ:-ৰজাঘৰীয়া চাৰিসত্ৰৰ অন্যতম গড়মূৰ সত্ৰ। এই সত্ৰৰ বৈশিষ্ট্য ' ভাৰতৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা বৈষ্ণৱসকলৰ উপৰি স্বৰ্গীয় পীতাম্বৰদেৱৰ মহৎ কৃতিত্বসমূহ।এই সত্ৰৰো পৰ্যটকক আকৰ্ষণ কৰাৰ কিছু সমল আছে এই সত্ৰত পৌৰাণিক সম্পদৰ ভিতৰত বৃন্দাবনী বস্ত্ৰ, সচিত্ৰ ভাগৱত, দোলা, কামান, 'হৰ শিং, বেতৰ সফুৰা, বহুতো আপুৰুগীয়া পুথি, নামঘৰৰ চৌপাশে থকা পুৰণিকলীয়া বৃক্ষ, বংশীগোপাল নাট্যমন্দিৰ, জয়ধ্বজ সিংহৰ আমোলত ৰোৱা চম্পাফুল আৰু বকুলফুলৰ গছজোপা পৰ্যটকৰ বাবে আকৰ্ষণীয় সমল।
() আউনীআটি সত্ৰ:- মাজুলীৰ চাৰিসত্ৰৰে এখন গুৰুত্বপূৰ্ণ সত্ৰ ' আউনীআটি সত্ৰ। পৰ্যটকৰ বাবে অতি আকৰ্ষণীয় এই সত্ৰৰ কেইটামান উল্লেখযোগ্য দিশ ' ইয়াত অনুষ্ঠিত হোৱা কাতি মাহৰ আকাশবন্তি আৰু পালনাম, সত্ৰীয়া নৃত্য, পুতলা নাচ, ওজা পালি, বহুতো সাচিপাতৰ পুথি, চৰিত পুথি আদি এই সত্ৰত থূপ খাই আছে। অপৰূপ ৰং- তুলিকাৰে আকি থোৱা ছবিৰ সৈতে 'হস্তী বিদ্যাৰ্ণব' পুথিখনি চাবলগীয়া তাৎপৰ্যপূৰ্ণ পুথি। a সত্ৰৰ নৃত্য্-গীত ,নাম-প্ৰসংগ ,গায়ন-বায়ন, তিথি-পাৰ্বন, নাট্যাভিনয় আদি অতিকে উপভোগ্য। এই সত্ৰ্ই বিভিন্ন দিশত ঐতিহ্যপূৰ্ণ সুনাম অৰ্জন কৰিছে। বছৰি এই সত্ৰলৈ বহুতো বৈষ্ণৱপ্ৰাণ ভকতৰ উপৰি দেশ-বিদেশৰ ভ্ৰমণকাৰীৰ আগমন হয়।
    ইতিহাসে গৰকা নদীৰে পৰিবেষ্টিত তথা বৈষ্ণৱ ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ "এটকা মহন্তৰ স্থল" মাজুলী লোক সংস্কৃতিৰ উৰ্বৰা ভৰাল। মাজুলীত বাস কৰা লোকসকলক সত্ৰসমূহৰ প্ৰচলিত নীতি-নিয়মে আধ্যাত্মিক দিশটোৰ প্ৰতি বেছি আকৰ্ষিত কৰে। কেৱল বাস কৰা লোকসকলৰ বাবেই নহয় সমগ্ৰ ভাৰত তথা বিশ্বৰ সাংস্কৃতিক কেন্দ্ৰ হিচাপে বিশ্বৰ দৰবাৰত মাজুলীয়ে এক বিশেষ স্থান পাই আহিছে। মাজুলী গোটেই বিশ্বৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তৎসত্বেও মাজুলী সম্প্ৰতি বিপৰ্যস্ত। বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত বৃহত্তম নদীদ্বীপ মাজুলীৰ অস্তিত্ব এটি এটিকৈ লীন ' ধৰিছে বিশাল মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত। বৃহত্তম নদীদ্বীপ আৰু সত্ৰীয়া পীঠস্থানক লৈ এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত তাণ্ডৱলীলাৰ সৃষ্টি ' ধৰিছে আৰু বাৰিষাৰ বানৰ নামত এতিয়া মাজুলীবাসী ৰাইজ ভয়ত কম্পমান। তথাপিও এই সকলোবোৰ দুৰ্যোগ সমস্যাক আওকান কৰি সংস্কৃতিপ্ৰেমী মাজুলীবাসীয়ে নিজৰ সংস্কৃতিক ধৰি ৰখাৰ ক্ষেত্ৰত অলপো বিচলিত হোৱা নাই।


  
 শ্ৰী মানস প্ৰতীম হাজৰিকা
 মাজুলী

No comments:

Post a Comment