বেটুপাত

বেটুপাত

Sunday, 26 August 2018

সৰাপাতৰ উচুপনি এখন চিঠি ( নিবিড় )


মৰমৰ,
        তৃষু,
         আচলতে তুমি মোৰ  অকল মৰমৰ বুলি 'লে ভুল 'ব।তুমিতো মোৰ আদৰৰ,জিউ,মোৰ আত্মা। তোমাৰ আৰু মোৰ বুলিবলৈয়ে কিনো আছে।আমি যে একেটি সত্বা, আৰু আজি একেই পথৰ যাত্ৰী।প্ৰভেদ মাথোঁ এটাই এদিন তুমি মোক এৰি গৈছিলা আৰু মই আজি তোমাক বিছাৰি যাব ওলাইছোঁ যোৱাৰ আগত তোমালৈ বুলি এই চিঠি খন মেচেঞ্জাৰত লিখি থৈ যাওঁ।কিন্তু মই জানোঁ তুমি এইখন কেতিয়াওঁ পঢ়িব নোৱাৰা,কাৰণ তোমাৰ উইথ মেচেঞ্জাৰ ফেচবুক একাউন্ট টো ডিএক্টিভেট কৰি দিছা।হয়তো মোবাইল পৰা এপ্লিকেশ্যন সহ: আনইন্সটল কৰি দিছা।তথাপি লিখিছো,বুকুখন পাতল কৰোঁ বুলি
           
             কিয় কৰিলা তুমি এনেকুৱা।মই কাপুৰুষ কাৰণে চাগে নহয়নে?এৰা '।মই কাপুৰুষ।আৰু তাৰেই পুনৰ প্ৰমাণ কৰাৰ আগত এইয়া তোমালৈ শেষ চিঠিখন লিখি আছোঁ।ইয়াৰ পিছত মোৰ এই একাউন্টটোও চিৰদিনৰ বাবে ডিএক্টিভেট কৰি দিম। তৃষু তুমি বাৰু মোক বেয়াই পাই আছা নেকি?কিন্তু কি কৰিম মই কোৱা,তোমাক মই বহুত ভাল পাইছিলোঁ।তোমাৰ সুখ,হাহিঁত নিজক বিছাৰি পাইছিলোঁ।কিন্তু প্ৰেম,ভালপোৱাৰে জানোঁ পেট ভৰে?চাকৰি নোহোৱা বেকাৰ 'ৰা মই ।তোমাৰ বাবে প্ৰয়োজনীয় দুপদ বস্তু কিনাৰো মোৰ ক্ষূদ্ৰতম শক্তি নাই।তেনেস্থলত কি যুক্তিত মই তোমাক নিজৰ কৰি লওঁ।

          সিদিনা আবেলি যে তুমি আহিছিলা মনত পৰিলে মোৰ বুকুখনে এতিয়াও মোচৰ খাই উঠে।আবেলিটো এজাৰৰ ৰং সনা আছিল।তোমাৰ বেঙুনীয়া চুৰিদাৰ যোৰে তাতে যেন আৰু এজাক বিষাদহে সানি দিছিল।তুমি মোক কি কৈছিলা……………' মনত পৰিছে খুব স্পষ্ট কৈ।   "নিবিড় ,,মোক লৈ 'লা ,তোমাৰ ঘৰলৈ চিৰদিনৰ বাবে।নহ'লে যে সকলো শেষ হৈ যাব নিবিড়।ঘৰৰ পৰা 'ৰা ঠিক কৰিছে। অহা মাহতে চাবলৈ আহিব। তুমি যদি কিবা এটা নকৰা আমাৰ সম্পৰ্কটো যে চিৰদিনৰ বাবে………তুমি আৰু ' পৰা নাছিলা।মোৰ বুকুখনত কুৰুকি কুৰুকি সোমাই ফেকুঁৰিছিলা। আৰু মই ?? শিলটো মুৰত পৰা মানুহৰ দৰে তাতেই বহি পৰিছিলোঁ।কিমান সময় বাৰু!! নাই মনত নাই। যেতিয়ালৈকে তুমি কান্দিছিলা তেতিয়ালৈকে। তাৰপিছতেই মই বৰ কঠোৰ সিদ্ধান্ত এটা লৈ পেলাইছিলোঁ। তুমি শুনি থৰ লাগিছিলা। অলপ পিছতে মোক তিৰস্কাৰো কৰিছিলা। ঠিকেই মনত পৰিছে মোৰ তুমি কৈছিলা-"  ছিহ: নিবিড় কি কাপুৰুষ তুমি।নিজৰ ভালপোৱাক তুমি আনৰ হাতত তুলি দিবলৈ কুন্ঠাবোধ নকৰিলা।ঠিক আছে তোমাৰ যদি সেইয়ে সিদ্ধান্ত সেইয়াই 'ব।মোক মোৰ মাজত এৰি দিয়া।তুমি গুচি যোৱা" মই একো নকলো। মই জানোঁ, মোৰ বাকৰূদ্ধতাই তোমাক আৰু বেছি ক্ষূন্ন কৰিছিল কিন্তু তৃষু ,মই তোমাক দুখত পেলাব বিচৰা নাছিলোঁ, মোৰ আছেই বা কি। বেকাৰ 'ৰা বুলি পিঠিত এখন ডাঙৰ পোষ্টাৰ লগোৱা আছে। সিদিনা তুমি অভিমানী হৈ হুৰমুৰাই গুচি গৈছিলা।মোৰ হৃদয়খনে তেতিয়া চিঞঁৰি চিঞঁৰি ' বিচাৰিছিল "নাযাবা তৃষু নাযাবা "।কিন্তু বিবেকে তোমাক যাব দিছিল ,তোমাৰ সোনালী ভৱিষ্যতৰ আখৰা কৰিবলৈ। 

            শুনিছিলোঁ তাৰপিছত,তোমাৰ তাৰিখ হোৱা।আঙুঠি পিন্ধোৱাতোমাৰ দৰাৰ ঘৰটোও মই চাব গৈছিলোঁ ।খুব ধুনীয়া। ঘৰ নহয় যেন ৰাজপ্ৰাসাদ।  তুমি সুখী ' পৰাকৈ সকলোবোৰ উভৈনদী হৈ  আছিল বৰ ভাল লাগিছিল দেখি। যি নহওঁক তুমি মোৰ দৰে নিচলা এটাৰ ঘৰলৈ যে যাব লগা নহ'ল। মনত পৰেনে তোমাৰ তুমি মই আমি হৈ থাকোঁতে এদিন যে মই লগৰ বন্ধুৰ লগত পাৰ্টি কৰি বহুত দেৰিকৈ আহিছিলোঁ আৰু তুমি মোক ফোনত বহুত গালি দি কৈছিলা, "তোমাৰ ঘৰ বাৰি নাই নেকি নিবিড়? ইমান দেৰিলৈকে ঘূৰি ফুৰা পঘা চিগা গৰুৰ দৰে? আৰু মই হাহিঁ হাহিঁ কি কৈছিলোঁ……ওম মনত পৰে আজিওঁ।কৈছিলোঁ, " এই ৰাজকুমাৰৰ ৰাজপ্ৰাসাদত সপোন কুৱঁৰী জনী  'হালৈকে দেৰি 'বই",তুমি বেলুন টো হৈ  কৈছিলা "তোমাৰ প্ৰাসাদৰ কুৱঁৰী নহৈহে নোৱাঁৰিছো মই। এৰা ' তুমি যে মোৰ ভগা ঘৰটিৰ বাবে যোগ্য নহয়। তোমাৰ স্থান এইয়াহে।সচাঁকৈ ,তোমাৰ 'বলগীয়া স্বামীৰ ঘৰখন যেন ৰাজ প্ৰাসাদহে।কিন্তু ভবা নাছিলোঁ তৃষু তুমি যে তেওঁৰ সেই সুবৃহৎ ঘৰটিত এবাৰো পদ ধূলা নিদিবা বুলি

          এৰা……… তোমাৰ বিয়াৰ দিনা খনেই মই ঘৰ এৰি গুচি গৈছিলোঁ।লক্ষ্য বিহীন ভাৱে। অনাই বনাই ঘূৰি শেষত কলকাতাৰ এজন বন্ধুৰ সহযোগত কোম্পেনী এটাত সৰু চাকৰি এটা গোটাই লৈ তাতেই থাকিব ললোঁ বৰফ হোৱা চকুপানীবোৰ সামৰি সুতঁৰিও মনত সন্তুষ্টি আছিল। কিয় জানানে? যি নহওঁক তুমি ভাল ঘৰৰ ভাল মানুহ এজনক স্বামী হিচাপে পালা। কিন্তু তুমি যে মোক এৰি এনেদৰে দূৰ হৈ যাব পাৰা,মই ভাবিবই নোৱাৰোঁ অ।এবাৰো নজনালা ইমান দিনে তোমাৰ নতুন ঠিকনা……… জনা 'লে আজিতো নহয়।কাহানিবাই তোমাৰ ঠিকনাৰ সংগী 'লোহেতেঁন। এতিয়া কলকাতাই মোৰ আপোন ঘৰ যেন 'ল।কাৰণ ঘৰত অহা মই বাদেই দিলোঁ। কিয় জানোঁ তোমাৰ স্মৃতিয়ে বুকুখন ঠাহঁ মাৰি ধৰে। এইবাৰ মই কিমান দিনৰ মুৰত আহিছোঁ তুমি জানানে তৃষু? সুদীৰ্ঘ  আঠ বছৰ।আঠটা বছৰত মই বহুত কিবা কিবিয়ে ভাবি আহিছিলোঁ ।তোমাৰ জীৱন গতিত কিমান পৰিৱৰ্তন অহা বুলি ভাৱি আছিলোঁ।  কিন্তু পৰিবৰ্তনতো মোৰ হে ' , তুমি দেখোন একে ঠাইতে একেই হৈ থাকি 'লা ।ঠিক যিখিনি সময়ত আমাৰ বিচ্ছেদ ঘটিছিল,তাতেই,তেনেকৈয়ে……… 

       তুমি পলসুৱা কৰা বুকুখনত ঘৰ পায়ে কঠিয়াঁৰ ডহেঁচীয়া গোন্ধ এটা পালোঁ।তুমি হীনতাই উদং কৰা বুকুখনত ধিপধিপাই উঠিল এজাক বেঙুনীয়া। সপোনবোৰ সৰি পৰা দিন ধৰি আবেগ কি বস্তু পাহৰি পেলাইছিলোঁ।কিন্তু ইয়ালৈ আহি আবেগ বোৰ কিয় জানোঁ উথলি উঠিছে।এবাৰ তোমাক দেখা পোৱাৰ তীব্ৰ বাসনা জাগি উঠিছে।

            মন আছিল ,তোমাক দুৰৰ পৰাই এবাৰ চোৱাৰ। কলকাতাত যাম বুলি ওভতনি তাৰিখ ঠিক কৰি তোমাক চাওঁ বুলি ওলালোঁ।আৰু বা কেতিয়া অহা হয়…!!!বেছি দুৰ নহয় যে।বাইক খনেৰেই 'লো।কিন্তু তোমাক দেখাই নাপালোঁ। তোমাক চাওঁ বুলি তিনিদিন বাইক খন লৈ 'লো।তোমাৰ স্বামীক দেখোঁ সদায়ে ,মাজে মাজে সন্দেহো হৈছিল তেওঁ হয় নে নাই বুলি।কাৰণ বিয়াৰ আগত তোমাৰ ' লগীয়া জনক এবাৰ হে চকামকাকৈ দেখিছিলোঁ।তথাপি মনত সাহস গোটাই চতুৰ্থ দিনা মই তেখেতক সুধিলো" ইয়াত তৃষ্ণা বৰুৱা থাকেনে?" তেওঁ মোক মুৰৰ পৰা ভৰিলৈকে চাই অলপ সময় 'ল।তাৰ পিছত মোক ড্ৰয়িং ৰূমলৈ বুলি লৈ 'ল। ভিতৰলৈ চাই তেওঁ কলড্ৰিংকচ অনাৰ কথা কৈছিল। হয়তো তেওঁৰ পত্নীক।মোৰ সেইখিনি সময়ত কেনে লাগিছিল তোমাক বুজাব নোৱাৰিম। অলপ পিছত তুমি হাতত কলড্ৰিংকচ লৈ ওলাই আহিবা। মোক দেখা পাবা আৰু মই তোমাক দেখিম। ইমান দিন পিছত কেনেকুৱা যে লাগিব ভাবি মই আৰু বেছি ঘামি গৈছিলোঁ। উত্তেজনাত মোৰ বুকুখন কপিঁব ধৰিছিল। মানুহ জনে মোক চাই আছিল।এনে লাগিছিল,তেওঁ যেন মোৰ মনৰ অৱস্থাতো ধৰিব পাৰিছিল। অলপ সময় পিছত কলড্ৰিংকচ লৈ "তেওঁ" ওলাই আহিছিল। ভৰিৰ পাৱেলৰ শব্দত মোৰ কলিজাতোও  জুনক জুনুক কৈ বাজি উঠিছিল।মই তেওঁ ভৰিলৈ চাইছিলোঁ। মুখলৈ চাব সাহস গোটাব পৰা নাছিলোঁ।গ্লাছ কেইটা ঘূৰনীয়া টেবুল খনত থৈ এইয়া তেওঁ মোক কৈছে,    
"কলড্ৰিংকচ লওঁক।" কিন্তু উস!! এইয়া মই কি শুনিছোঁ।এইয়া জানোঁ তোমাৰ মাত? নাই নাই মাতটো জানোঁ সময়ৰ লগত ইমান সলনি ' পাৰে!! তোমাৰ মাতো মই বুজি নাপামনে? ……… এইখিনি সময়ত মোৰ কি মনত পৰিছে জানানে তৃষু, তোমাৰ মৰমলগা মাতটিৰে মোক যে শোৱাৰ সময়ত সৰু 'ৰা ছোৱালীৰ দৰে "আমাৰে মইনা শুব " গুনগুনাইছিলা ।অাস!!! কি মধূৰ আছিল তোমাৰ মাতটি।মই শুনি শুনি মোবাইলত ফোনটো লগায়েই  টোপনি গৈছিলো, আৰু তুমি পিছত ফোন ৰাখি শুইছিলা। "সোন ' আজি বহুত দিন ' তোমাৰ মাতটি নুশুনা।মোৰ যে বৰকৈ শুনিব মন গৈছে। আৰু মাত্ৰ কেইটিমান মুহুৰ্তহে।তাৰ পিছত তোমাক তো লগেই পাম।এইবাৰ কিন্তু মোবাইলত নহয়,তোমাৰ কোলাত শুই শুই গান শুনিম দেই।" অহ!!! কি যে ভাৱি আছিলোঁ ,বহুত আগলৈ গুছি গৈছিলোঁ ',স্মৃতিয়ে বৰকৈ আমনি কৰিছে। তাৰপিছত কি ' জানানে তৃষু??? মোৰ দুচকুৱে বগুৱা বাই এই ভদ্ৰ মহিলা গৰাকীৰ মুখলৈকে 'ল।এৰা মই ভৱাটোৱে হয়।সেইয়াযে তুমি নাছিলা।মই বাৰু তোমাৰ মাতটিও নিচিনিম নে?আশৰ্য্যত মোৰ চকুদুটা বহল হৈ গৈছিল।কিবা এটা ভয়,দুখ ,বুজা নুবুজা অনেক প্ৰশ্নই মোক মুহুৰ্ততে জোকাৰি গৈছিল।অনামী শংকাত মই কাতৰ হৈছিলোঁ। মানুহজনে মোক কি 'লে জানা?? তেওঁ হেনো জানিছিল মই এদিন 'লেওঁ তোমাক বিচাৰি আহিম বুলি। কিন্তু আচৰ্য্যজনক ভাৱে তেওঁ মোৰ নামটোওঁ আনকি সোধা নাছিল।তেওঁ মোক তোমাৰ নতুন ঠিকনা টোৰ কথা কৈছিল।তুমি বিয়াৰ দিনাখন একমাত্ৰ তেওঁলৈ বুলি স্পষ্টকৈ লিখা চিঠিখনত মোৰ কথাই হেনো উল্লেখ আছিল।তাতেই লিখা আছিল হেনো এদিন এজন 'ৰাই  মোক বিচাৰি আহিব আৰু তুমি তাক সাদৰ আপ্যায়ন কৰিবা।যদিওঁ তুমি তেওঁৰ স্ত্ৰী নহয় এইয়া তোমাৰ অন্তিম ইচ্ছা আছিল। উস!! বিয়াৰ দিনাখনেই…………কিয় ? কিয়  এনে কৰিলা ' তেওঁৰ কথাবোৰ শুনি মই পুনৰ বাৰ শিল পৰা কপৌ টোৰ দৰে নিথৰ হলো। ভাষাবোৰৰ পৰিৱৰ্তে চকুলোৰ নিজৰা 'বলৈ ধৰিলে আৰু এইয়া চোৱা এতিয়ালৈকে সুকোৱাই নাই কেনেকে শুকাব?? তুমি যে মুচি দিয়া নাই তৃষু।।কিয় তুমি এনে কৰিলা? তোমাৰ সুখৰ বাবেইহে মই গুচি গৈছিলো। এইবোৰ শুনিবলৈ নহয় '।বুকুখন যে মোৰ একেবাৰেই থানবান হৈ ' ' তোমাৰ অন্তৰ খন তেতিয়াই পঢ়িব পৰা "লে ভগা পজাঁটিলৈকে তোমাক লৈ আনিলোঁ হয়।আজি বিশ্বাস আহিছে মনতএৰা!! তোমাক খুৱাবৰ জোখে সামৰ্থ্য আছিল মোৰ।কিন্তু এতিয়া যে বহুত দেৰি হৈ 'ল।এতিয়া তোমাৰ ঠিকনা সৌ বিশাল আকাশখনত।পাৰিলে মোক ক্ষমা কৰিবা তৃষু ।মই তোমাক একোৱে দিব নোৱাৰিলোঁ।আনকি জীয়াই থকাৰ হেপাহঁকনো……

             কিন্তু আজি চোৱা মইয়ো তোমাৰ ঠিকনাৰে যাত্ৰী। মই আৰু নোৱাৰা হৈছোঁ তুমি অবিহনে।তোমাৰ লগত কৰা অবিবেচনাৰ শাস্তি মই পোৱা উচিত।মই পাবই লাগিব।তাৰ বাবে মই প্ৰস্তুত ।অহ !দেৰিয়ে হৈ আছে।তোমাক লগ পোৱাৰ হেপাহঁকন তীব্ৰ হৈ উঠিছে। এইয়া বটলটো হাতত তুলি লৈছোঁ'বা তাৰ আগতে চিঠি খন চেণ্ড কৰোঁ,ফেচবুকখনো ডি এক্টিভেট কৰিব লাগিব।তৃষু,পাৰিলে মোক ক্ষমা কৰিবা।এতিয়াতো মই তোমাৰ ওচৰলৈয়ে যাম।যিমান ক্ষোভ আছে হিয়া উজাৰি 'বা মোক।দুচৰ মাৰিবাও মোক।শান্তি পাম ' ।উহ হাতখন জথৰ হৈ গৈছে ,লিখিব পৰা নাই।

                               
ইতি
তোমাৰ ওচৰত সদায়ে ঋণী,
নিবিড়

  চেণ্ড টু তৃষ্ণা বৰুৱা,…………………ফেচবুক ডিএক্টিভেটেড।

…………সেইয়া তৃষু… তো…মা…ক দেখি…ছো,কিন্তু ইমান ধুসৰ যে,অহ অলপ দেখিছোঁ…তুমি দেখোন আজি বেঙুনীয়া চুৰিদাৰ যোৰ পিন্ধা নাই।বগা ৰঙৰ পিন্ধিছা। অ' বুজিছোঁ মোক আদৰিবলৈ পিন্ধিছা নহয়নে? কাৰণ তুমি যে জানা বগা ৰং মোৰ খুবেই প্ৰিয়।চোৱা মইয়ো পিন্ধিছোঁ।এতিয়া বৰ স্পষ্ট কৈ দেখিছোঁ তোমাক………………

 💥কোঠাটোৰ এচুকত পৰি ৰয় নিবিড় চলিহা।                   কাষত পয়জনৰ বটলটো।।
                                 
                             (সমাপ্ত)

                                            
  ৰুণাস্মিতা দাস
  মৰনৈ,গোৱালপাৰা



No comments:

Post a Comment