বেটুপাত

বেটুপাত

Sunday, 26 August 2018

ভোক কিম্বা সতীত্ব ( গাৰ্গী মহন্ত )




 কেঁচুৱাটোৰ মুখত পিয়াহটো গুজি দি তাই ভাবি উঠিল আৰু আমনি নকৰিলেই 'ল।কালিৰ পৰা কান্দি কান্দি ভাগৰি গৈছে কেঁচুৱাটো ।তথাপিও বন্ধ নহয় কান্দোন ।ইফালে কান্দিলেও তাইৰে বিপদ ।সিহঁতে যদি উমান পাই যায় তাইৰ অৱস্থিতিৰ কথা ।ক' লুকাব তাই ।বুকুৰ কেঁচুৱাটোক এৰো বুলিও 'তো এৰি আহিবও নোৱাৰে ।যি 'লেও গাৰ মঙহ।তাৰ মৰমৰ চিন ।যিমান পাৰে জোৰকৈ উশাহটো টানিলে তাই।ইফালে সিফালে চাই মূৰটো বেৰখনতে আউজাই 'লে ।খুব ক্লান্ত তাই,খুব ক্লান্ত ।কেঁচুৱাটোৱে আকৌ ফেঁকুৰি উঠিল ।যেন খুব ভোকত আছে।তাই আচৰিত 'ল।তেতিয়াহে মনত পৰিল পৰহি দেহাটো বচাই কেঁচুৱাটো বুকুত বান্ধি সিহঁতৰ পৰা পলাই আহোতে তাই যে খাবলৈকে নহ' একো ।সেইদিন ধৰি একোৱেই পৰা নাই তাইৰ পেটত।কেঁচুৱাটোৱে নো ' পৰা খাব  !!!!!!!!

গাৰ্গী মহন্ত 
সৰুপথাৰ

No comments:

Post a Comment