বেটুপাত

বেটুপাত

Sunday, 26 August 2018

সময় ( শাশ্বতী সভাপণ্ডিত )


সময় 

"গান এটি গোৱানা ' মা
 হাত বুলাই দিয়ানা ' মা
 সপোন হেৰালে কেনিবা
 বিচাৰি আনি দিয়ানা 
  মই শুব পৰা নাই ' মা
  বুকুখন বিষাইছে ' মা"

             গানটো শুনি শুভ্ৰমেঘৰ চকুৰ একোণেদি চকুপানী 'বলৈ ধৰিলে ।লাহে লাহে এই চকুপানী কান্দোনলৈ ৰূপান্তৰিত ' ।কিন্ত্ত তাৰ চকুপানী মচিবলৈ এইখন ঘৰত কোনো যে নাই ।তাৰ বৰকৈ তেজস্বিনীলৈ মনত পৰিল

        "যেতিয়া তোমাৰ মা আৰু মোৰ মাজত মতভেদ ' বা দুয়োজনী সম্পূৰ্ণ বিপৰীত দিশে যাম তেতিয়া তুমি মাৰ হাতখন খামুচিবা ।তেওঁ তোমাক দহ মাহ দহ দিন গৰ্ভত ৰাখি অশেষ কষ্টৰে জন্ম দিছে,তোমাৰ কাৰণে কিমান সংগ্ৰাম কৰিছে,মা তোমাৰ জীবনৰ প্ৰথম প্ৰাধান্য ' লাগে "-কিমান বুজন আছিল তাই

             তেজস্বিনী ভৰদ্বাজ -নামেই যেন কৈ যায় তাইৰ ব্যক্তিত্বৰ কথা ।ফুটফুটীয়া ফ্ৰক পিন্ধা দিনৰ পৰা একেলগে থকা ,একেলগে পঢ়া ,প্ৰতিদ্বন্দ্বী আছিল দুয়ো সকলো ক্ষেত্রতে ।পঢ়া -শুনা,নাচ -গান সকলোতে শুভ্ৰমেঘ আৰু তেজস্বিনী নহ'লেই নহৈছিল ।কিমান যে কাজিয়া হৈছিল দুয়োৰে মাজত ।শৈশবৰ সোণোৱালী দিনবোৰ পাৰ হৈ লাহে লাহে দুয়ো কৈশোৰত ভৰি দিলে লাহে লাহে সিহতৰ সৰু সৰু  কাজিয়াবোৰ প্ৰেমলৈ ৰূপান্তৰিত 'বলৈ ধৰিলে।শুভ্ৰমেঘৰ কিছুমান  কথা কাণ্ডয়ে তেজস্বিনীক ভবাই তুলিলে ।কিন্ত্ত তাই সকলো বুজিও নুবুজাৰ ভাও ধৰি থাকিল ।যৌবন উতলা বায়ে দুয়োকে থকা-সৰকা কৰিলে।কিন্ত্ত কিমান দিন নিজক লুকুৱাই ৰাখিব। এদিন খুব বৰষুণ দিছিল,জোৰেৰে বতাহ বলিছিল ।তেজস্বিনী সৰুৰে পৰাই বৰষুণ বলিয়া।বৰষুণে তাইক উন্মনা কৰি তোলে ।শ্ৰেণীকোঠাৰ পাছফালৰ খিৰিকীখনৰ ওচৰত ৰৈ তাই বৰষুণৰ টোপালবোৰ চুই চোৱাৰ ব্যৰ্থ চেষ্টা কৰি আছিল ।তেনেতে শুভ্ৰমেঘে পিছফালৰ পৰা আহি তাইৰ হাতখনত ধৰি ঠেলি দিলে।নিমিষতে বৰষুণৰ টোপালবোৰ তাইৰ হাতত ধৰা দিলেহি ।তেনেতে গুৰুমকৈ এটা গাজনি মাৰিলে ।ভয়তে তাই শুভ্ৰমেঘক সাবটি ধৰিলে।সিয়ো যিমান পাৰে জোৰেৰে তাইক সাবটি ধৰি অভয় প্ৰদান কৰিবলৈ চেষ্টা কৰিলে।কিছু সময় তাই তাৰ বহল বুকুত সোমায় থাকিল।হঠাতে শ্ৰেণীকোঠাৰ লাইটবোৰ জ্বলি উঠিল ।দুয়োটাই তড়িৎ গতিৰে আতৰি আহিল ।লগৰ সকলোৱে হাঁহি -খিকিন্দালিৰে জোকাবলৈ ধৰিলে ।মাধুৰ্যয়ে 'লে-"ইমানখিনি ' যেতিয়া তোক আকৌ নতুনকৈ প্ৰ'পজ কৰিব লাগিব জানো তেজস্বিনী?" তাই লাজ আৰু ভয়তে মূছ-কঁছ যাও যেন 'ল।তাইৰ অৱস্থাটো দেখি লগৰে পল্লবীয়ে 'লে-",তই ইমান ভয় কৰিব নালাগে।আমি প্ৰিন্সিপালক কৈ নিদিওগৈ নহয়।মাত্র আমাক পাৰ্টীটো দিবি।"সেইসময়তে বেল পৰিল।এইটো শেষৰ ক্লাছ আছিল।তাই কাৰো মুখলৈ নোচোৱাকৈ যিমান পাৰে সিমান গহীন হৈ খৰ খোজেৰে ঘৰলৈ বুলি বাট 'লে।ঘৰত ভাত-পানী একো পেটলৈ নগ'ল।গা বেয়া বুলি বিচনাত পৰিল।মনলৈ কেবল সাবটি ধৰা মহূৰ্তখিনি আহি থাকিল।কি যে সুখ আছিল সেই স্পৰ্শত!!হঠাতে তাইৰ ফোনটো বাজি উঠিল। শুভ্ৰমেঘে মেছেজ।তাইৰ বুকুখন ধানে বনাদি বানিবলৈ ধৰিলে।তাই চাঁও -নাচাওকৈ মেছেজটো চালে।"মই অথনিৰ ঘটনাটোৰ কাৰণে তোক 'ৰি কৈছো।তই লগৰবোৰৰ আগত বহুত লাজ পালি।কিন্ত্ত এট কথা সঁচা যে মই তোক ভালপাঁও।তোৰ উত্তৰ কি হয় নাজানো।মই এটা 'জিটিভ থিংকাৰ।গতিকে মই তোৰ উত্তৰটোও 'জিটিভ বুলিয়েই ভাবিছো।"সেয়াই যি আৰম্ভণী তাৰ প্ৰেমৰ।তাই উত্তৰ দিয়া নাছিল।মেট্ৰিকত দুয়ো সুখ্যাতিৰে উত্তীৰ্ণ হৈ গুচি গৈছিল অসমৰ এখন নামজ্বলা কলেজত পঢ়িবৰ বাবে।যৌবনৰ  উতলা বা দুয়োৰে গাত বাৰুকৈয়ে লাগিছিল।কিন্ত্ত লাহে লাহে  তেজস্বিনীয়ে অনুভব কৰিছিল সিঁহত দুটাৰ চিন্তাধাৰাৰ আকাশ-পাতাল প্ৰভেদ ।সি সলনি হৈ গৈছিল নে তাই তাক চিনি পোৱাত ভুল কৰিছিল তাই ধৰিব পৰা নাছিল।সিঁহতৰ বাৰ্ষিকীটোও তাৰ মনত নথকা 'ল।তাই যেতিয়া সেইটো কথা কৈ তাৰ ওচৰত মুখ ওন্দোলাইছিল তেতিয়া সি সাধাৰণভাবেই কৈছিল-"পাহৰি থাকিলো '।পঢ়াৰ বোজা বৰ বাঢ়ি গৈছে ।তাই দুখ মনেৰে প্ৰত্যুত্তৰ দিছিল-"চাবা,জীবনত পাটীগণিতবোৰ সমাধান কৰোঁতে কৰোঁতে কুঁহি-পাতৰ পদ্যবোৰৰ অৰ্থ পাহৰি যাবা।

            তাই সৰু-সৰু সপোন দেখিছিল,সি ডাঙৰ;তাই নিজৰ ওচৰত থকা বস্ত্তখিনিকে মৰমৰে হেৰাই নোযোৱাকৈ ৰাখিব বিচাৰিছিল;তাই কেঁচা ঘৰত চাকি জ্বলাই মজিয়াত ভাত খোৱাৰ সপোন দেখিছিল,সি অট্টালিকাৰ চোফাত তাইৰ কোলাত মূৰ থৈ শোৱাৰ সপোন দেখিছিল।লাহে লাহে তাই তাৰ পৰা আঁতৰি আহিছিল।যৌবনৰ মাদকতা তাৰ মাজত আছিল কিন্ত্ত জীবনৰ সৌন্দৰ্যবোধ নাছিল।তাইৰ অন্তৰখনে হাহাকাৰ কৰি ফুৰিছিল।সি তাইক বিচ্ছেদৰ কাৰণ বিচাৰি কাবৌ কৰিছিল।তাই কোনো স্পষ্ট কাৰণ দিব পৰা নাছিল।মাঁথো কৈছিল-"যদি মই নিজৰ মাজত কেতিয়াবা তোক বিচাৰি পাঁও তেতিয়া নিশ্চয় ঘূৰি আহিম।"

               তাই ঘূৰি অহা নাছিল।নিজৰ সপোনৰ পাছত দৌৰি তাই এখন নামজ্বলা কলেজৰ অধ্যাপিকা হৈছিলগৈ।সময়বোৰ বাগৰি গৈছিল।পৰিবৰ্তনৰ ধামখুমীয়াত,সমস্যাৰ তাগিদাত দুয়ো সংযোগবিহীন হৈ পৰিছিল।শুভ্ৰমেঘো এজন অভিযন্তা হৈ অট্টালিকাৰ মাজৰ আভিজাত্যত পোত গুচি গৈছিল।হঠাত এদিন সন্ধিয়া অফিচৰ পৰা আহি টেলিভিচনটোৰ এটা মত বিনিময় অনুষ্ঠানত তেজস্বিনীক দেখি শুভ্ৰমেঘ আচৰিত হৈ গৈছিল।তাহানিৰ চঞ্চল তেজস্বিনী এতিয়া গহীন-গম্ভীৰ ,দুচকুত সফলতাৰ জিলমিলনি।একেই আছে তাইৰ চকু মুখ হাঁহি ,বাকপটুতা।তাৰ নিজৰ ওপৰতে ধিক্কাৰ জন্মিল।ইমান বছৰ সিটো তাইৰ খবৰ এটা 'বলৈ পাৰিলহেতেন।তাইৰ বিষয়ে জানিবলৈ তাৰ বৰ উৎসুকতা 'ল।তাইৰ সপোনবোৰ সাৰ্থক 'লনে?তাই নিজৰ জীবনটোক লৈ সুখীনে নে তাৰ দৰে জীবন জীয়াৰ নামত কেবল উশাহ লৈ আছে?জানিবলৈ সি তাইৰ ঘৰলৈ গৈছিল।তাৰ অত বছৰীয়া আত্মগৌৰব বিসৰ্জন দি।এটা ব্যতিক্ৰমী পৰিবেশ।এটা চাংঘৰ,চাৰিওফালে কেবল সেউজীয়া বিভিন্ন গছ,ঘৰৰ বাৰাণ্ডাত নানাৰঙী ফুল।চোতালতে বেতৰ চোফা এখনত কাম কৰা মানুহ এজনে তাক বহিবলৈ দিলে।কিছু সময়ৰ পাছত তেজস্বিনী ওলাই আহিল যৌবনৰ সেই খিলখিলিয়া হাঁহিৰ সৈতে।
"তই??কি আচৰিত !!!কেনে আছ??" সি তাইৰ উজ্জ্বল চকুযুৰিলৈ চাই চমুকৈ উত্তৰ দিলে-"আছো আৰু।"দুয়োটায়ে বিভিন্ন কথা পাতিবলৈ ধৰিলে কৰ্মক্ষেত্ৰৰ পৰা ৰাজনীতিলৈ।হঠাতে তাই শুভ্ৰমেঘক সুধিলে-"তোৰ পৰিয়াল??"
"পত্নী আছে,সন্তান নাই।তেওঁ মডেল।ঘৰত থাকিবলৈ সময়েই নাপায়।তোৰ??" স্বভাবসুলভ হাঁ হিটো মাৰি তাই কৈছিল-"মোৰ ১০ টা সন্তান "আশ্চৰ্যত তাৰ মুখখন মেল খাই গৈছিল।তাৰ অৱস্থাটো দেখি তাই হাঁহি হাঁহিয়েই কৈছিল-"মোৰ নিজৰ নহয় ' অনাথ।মই বিয়া নকৰালো।ইহতেই মোৰ সুখ দুখৰ লগৰীয়া ।মই নিজৰ পৃথিবীখনত খুবেই সুখী।মই জীবন যুঁজত জয়ী।মই তোৰ সকলো খবৰ পাঁও।তই যে নিজৰ জীবনটোক লৈ অসুখী সেই কথাও জানো।টকা-পইচা,সা-সম্পত্তিয়ে শাৰীৰিক ক্ষুধা নিবাৰণ কৰিব পাৰে,মানসিক নহয়।তই তোৰ অভিযন্তাৰ চাকৰিৰে অৰ্জা বেনাম সম্পত্তিৰে বিশ্ববিজয়ী ' পাৰ,কিন্ত্ত মই আজি আত্মবিজয়ী।"শুভ্ৰমেঘে আৰু শুনিব নোৱাৰা হৈছিল।"মই যাওঁ দে।কেতিয়াবা ফোন কৰিবি।"এইবুলি নিজৰ কাৰ্ডখন দি শুভ্ৰমেঘ ওলাই গুচি 'ল।

শাশ্বতী সভাপণ্ডিত
প্ৰথম ষান্মাসিক
দেবীচৰন বৰুৱা ছাত্রী মহাবিদ্যালয়

No comments:

Post a Comment