বেটুপাত

বেটুপাত

Sunday, 26 August 2018

উশাহত ভাঁহি থাকে তেওঁ ( বুমণি কোঁৱৰ )


উশাহত ভাঁহি থাকে তেওঁ 
বিয়পি পৰে ক্ৰমশঃ সমগ্ৰ সত্বাত 
এটা নষ্টালজিক সপোনে 
খেদি ফুৰে মোক বাহিৰে ভিতৰে
হেঙুলীয়া হাইতাল বুকুত সামৰি 
তেওঁ আকাশ হৈ পৰে 
আৰু মই তেওঁৰ বুকুৰ মাজত বিচাৰি ফুৰো 
সাগৰৰ এমুঠি নীলাভতা
মোৰ উশাহৰ ভৰত 
তেওঁৰ বুকুৱেদি নিগৰি আহে 
একোটা স্বত:স্ফুট যন্ত্ৰণা 
সৃষ্টি হয় একোটা স্তব্ধ সময়
হেঁপাহৰ একাঁজলী জোনাক 
বিচ্ছুৰিত হৈ উঠে তেওঁৰ দুবাহুত 
আৰু মোৰ
পিয়াসী
মনত জোৱাৰ উঠে 
এই জোনাক কেৱল মোৰ বাবে।

বুমণি কোঁৱৰ
শিৱসাগৰ

No comments:

Post a Comment