বেটুপাত

বেটুপাত

Sunday, 26 August 2018

সেউজীয়া বিষাদ ( পৰাগজ্যোতিমহন্ত )


তুমি দূৰৰ পৰাই চাই থাকিবা মোক
আকাশৰ শূণ্যত ডাৱৰেৰে নিৰ্মিত
নাওঁ বাই বাই মই ভাসমান হৈ থাকিম৷

বতাহৰ জোলোঙাত হৃদয়ৰ উত্তাপ
আকাশীলতাৰে সী নিদ্ৰাহীন পোছাক
অৱসৰৰ নিৰৱতাৰ সাক্ষীৰে যাপন কৰা শব্দৰ মোহনাত
মই উদ্ভ্ৰান্ত হৈ পৰো

ক্ষয় প্ৰাপ্তি এচটা শিলৰ বুকুত খোদিত পাৰে
এক সু প্ৰাচীন ভাস্কৰ্য 
যদিহে সেই সময়ক বান্ধি ৰাখিব বুৰঞ্জীৰ শিলালিপিয়ে

চেতনাৰ দুহাতেৰে মই আঁকিব পাৰিম
এক বৃত্ত
তোমাৰ পৰা আহৰণ কৰা সেউজীয়া বিষাদভৰা স্তুপৰ কৰ্ষনেৰে


পৰাগজ্যোতি মহন্ত

No comments:

Post a Comment