বেটুপাত

বেটুপাত

Sunday, 26 August 2018

একাপ চাহ ( নিৰুপজ্যোতি বৰুৱা )


ব্যস্ত সময়ৰ বিৰতিত
অলস দুচকুৰ টোপনিত
ৰৈ থাকে একাপ চাহ

বন্ধুৰ আড্ডাত
জাৰৰ বাৰাণ্ডাত
ৰৈ থাকে একাপ চাহ

গ্ৰাহকভেদে
ৰঙা বগা আৰু সেউজীয়া
চালু অথবা স্পেচিয়েল

অফিচে কাছাৰিয়ে চাহৰ চাহিদা
ফাইলবোৰ লৰিবলৈ
চহী এটা পাবলৈ
চাহৰ ৰমৰমীয়া বজাৰ
বজাৰত -হাজাৰৰ নিলাম

"আচলতে চাহে আঁতৰায়নে অৱসাদ
নে পূৰ্ণ কৰে চিগা জেপ লৈ ভ্ৰমি ফুৰা
আধুনিক নাগৰিকৰ হাহাকাৰ..."


নিৰুপজ্যোতি বৰুৱা 
সৰভোগ,বৰপেটা। 
ফোনঃ8876019939

No comments:

Post a Comment