বেটুপাত

বেটুপাত

Sunday, 26 August 2018

সাম্প্ৰতিক অসমীয়া সাহিত্যৰ পৰিবেশ : এজন পঢ়ুৱৈৰ দৃষ্টিৰে ( কৌশিক ৰঞ্জন বৰা )


এজন সাধাৰণ পঢ়ুৱৈ হিচাপে আমি অনুভব কৰো যে অসমীয়া ভাষাত সাহিত্য চৰ্চাই বহুত খিনি অগ্ৰগতি লাভ কৰিছে। সাহিত্যতৰ শ্ৰী বৃদ্ধিত আলোচনী তথা কাকত সমূহৰ ভূমিকা উল্লেখযোগ্য। বৰ্তমানো কেইবাখনো মননশীল আলোচনীয়ে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে। আমি এইসমূহ আলোচনীত পূৰ্বৰ দৰেই উচ্চ মান বিশিষ্ট লেখা পঢ়িব পাই আহিছো।

গুৰুত্ব পূৰ্ণ কথা এয়ে যে বৰ্তমান অসমীয়া সাহিত্যৰ চৰ্চা কৰা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ এক অন্যতম কাৰণ ' চচিয়েল মেডিয়া ফেচবুক।অসমীয়া ভাষা লিখিব পৰা হোৱাৰে পৰা ফেবুকৰ মাধ্যমেৰে সাহিত্য চৰ্চা কৰা লোকৰ সংখ্যা যঠেষ্ট বৃদ্ধি হোৱা দেখা গৈছে।সকলো লেখাৰে গুণগত মান একে নহ'লেও আমি কেতবোৰ মননশীল লেখা ফেচবুকৰ মাধ্যমেৰে পঢ়িবলৈ পাইছো। যোৱা দুবছৰ মানৰ পৰা প্ৰচলিত হোৱা অনলাইন আলোচনী সমূহেও সাহিত্য চৰ্চাত অৰিহণা যোগাই অহা দেখা গৈছে। কেইবাখনো গুণগত মানদণ্ডৰ আলোচনীয়ে অসমীয়া সাহিত্য ডিজিটেল কৰি তোলাত গুৰুত্ব পূৰ্ণ ভূমিকা লৈছে।কিন্তু সাহিত্যৰ নামত কিছুমান জাবৰো আমি দেখিবলৈ পাইছো। এজন সাধাৰণ পঢ়ুৱৈ হিচাপে আমি সদায় মননশীল লেখাই বিছাৰো। তাতোকৈয়ো ডাঙৰ কথা ভুল বানানে কেতবোৰ উচ্চ মানদণ্ডৰ লেখাও নষ্ট কৰি পেলায়। অন লাইন মেগাজিন সমূহত এই ভুল বানানৰ পয়োভৰ কিছু কিছু পৰিমাণে দেখা যায়। হয়তো কম সময়ৰ ভিতৰতে তৈয়াৰ কৰি উলিয়াব লগা হোৱাৰ বাবেই এনেহয়। বানান শুদ্ধিৰ দিশটো ক্ষেত্ৰত আলোচনীসমুহৰ সম্পাদনা কক্ষ অলপ সচেতন হোৱাৰ প্ৰয়োজন বুলি অনুভব কৰো। 

বৰ্তমান কিছু বছৰ ধৰি নিৰবিছিন্ন ভাবে বছৰৰ শেষৰ ফালে অসমৰ প্ৰায়বোৰ চহৰতে তথা কেতবোৰ গ্ৰাম্যাঞ্চলতো গ্ৰন্হমেলাৰ প্ৰয়োভৰ দেখা পোৱা যায়। কিন্তু লেখক তথা প্ৰকাশক সকলে আগবঢ়োৱা এক গুৰুত্বপূৰ্ণ অসন্তুস্তি ' কিতাপৰ বিক্ৰী কম। এই অভিযোগ নুই কৰিব নোৱাৰি। বৰ্তমান যুৱপ্ৰজন্মৰ মাজত নিজে কিনি কিতাপ পঢ়াৰ হাবিয়াস কম যেন অনুভূত হয়। তদুপৰি কেতবোৰ কালজয়ী গ্ৰন্হৰ বাদে নতুন লেখকৰ গ্ৰন্হৰ প্ৰতি বেছিভাগ গ্ৰন্হপ্ৰেমী আকৰ্ষিত নহয়। সেয়ে হয়তো আজিও অসীমত যাৰ হেৰাল সীমা অথবা মাকাম আজিও বেষ্টচেলাৰ।

তদুপৰি এটা বছৰত সৰ্বাধিক কবিতাৰ কিতাপেই বেছি প্ৰকাশিত হয়। এজন সাধাৰণ পঢ়ুৱৈ হিচাপে অনুভৱ কৰো যে কবিতাৰ কিতাপৰ প্ৰতি পঢ়ুৱৈ সকলৰ এক অনীহা আছে। উপন্যাস অথবা গল্পৰ তুলনাত কবিতাৰ অধ্যয়নৰ ক্ষেত্ৰত পঢ়ুৱৈ সকলে ইমান মন দিয়া দেখা নাযায়।কিন্তু বৰ্তমান কিছুবছৰৰ পৰা কবিতাৰ পঢ়ুৱৈৰ সংখ্যা বৃদ্ধি পোৱা দেখা গৈছে।

আমাৰ প্ৰজন্মৰ কিছুসংখ্যকৰ এইটো দৃষ্টিভংগী যে অন্ততঃ অধ্যয়ন শেষ নোহোৱালৈকে পাঠ্যপুঠিতে গুৰুত্ব দিয়া উচিত।এনেবোৰ কাৰণত তেওঁলোক বাহিৰ কিতাপৰ অধ্যয়নৰ পৰা দুৰৈত থকা দেখা যায়।শেহতীয়াকৈ নৱ প্ৰজন্মৰ বহুতেই সাহিত্য চৰ্চা তথা অধ্যয়নত গুৰুত্ব দিয়াত দেখা গৈছে। এই বছৰ উত্তৰ পূৱ গ্ৰন্হমেলা বা অন্য গ্ৰন্হমেলা সমূহত নৱপ্ৰজন্মৰ যঠেষ্ট সহাঁৰি দেখা গৈছে। অনাগত দিনত আমাৰ বাবে এক শুভ সংবাদ কঢ়িয়াই আনিব বুলি আশাবাদী।

কৌশিক ৰঞ্জন বৰা
তৃতীয় ষান্মাসিক
পদাৰ্থ বিজ্ঞান বিভাগ
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়
ফোন :৮৬৩৪৫৬৪৯৩৮

No comments:

Post a Comment