বেটুপাত

বেটুপাত

Sunday, 26 August 2018

শব্দ আৰু শেষ হয় ( অজয় দাস )


শব্দফুলৰ সুগন্ধ বিচাৰি
তোমাৰ কাব্যিক সময়ৰ মহা ঢৌবোৰে
বাৰে বাৰে ক্ষয় কৰিছিল
মোৰ মনৰ সুউচ্চ পাব....
আৰু সময়ক সাৰথি কৰি তুমি ভগাই লৈছিলা
মোৰ আত্মাৰ অনন্তকালৰ সাৰথি
সেই শব্দবোৰক

আধা তোমাৰ হাতত আৰু আধা মোৰ হাতত
তাকেই লৈ ৰচিত এটি কবিতা ভালপোৱাৰ,
প্ৰবুদ্ধ সময়ৰ জোকাৰত
এফাঁকিয়ে আছিল প্ৰবচন....
মই খুবেই ভালপাওঁ তোমাক

সেইদিনাই আততায়ী সময়ৰ আগত
জৌ জৌ কৈ খহিছিল 
মোৰ শব্দৰ মালিতাবোৰ
আৰু বিলীন হৈছিল
তোমাৰ নীলৰঙী ঢৌৰ অসীম অনন্তত

ক্ৰমশঃ  প্ৰেম অন্ধ হোৱাৰ দৰে 
তুমিও অন্ধ লা
আকালত ভঁৰাল হোৱা মোৰ শব্দবোৰক
মোক নজনোৱাকৈয়ে তুমি পাহৰি লা ,
আৰু নীলাবোৰৰ মাজত ডুবি খুজিব খোজা জোনাক বিচাৰি
শব্দবোৰ একাকী কৰিলা

এপাহ দুপাহ শব্দৰ ছাঁয়া...
তুমিহীনতাৰ কাতৰত জীৱনৰ হুমুনিয়াহ 
তাৰ মাজত হেৰাই যোৱা ভাললগা
আৰু ফুলি উঠা হেজাৰ কবিতা....

এনেকৈয়ো কেনেকৈ পতন পাৰে !!!

সময়ৰতো কোনো কালেই শেষ নাছিল
অথচ শব্দহীনতাত ভালপোৱাৰ কবিতা
তেনেই জুৰুলা

মাজে মাজে বোধ হয়
তুমি নামৰ ভালপোৱাবোৰ
কেৱল এটি কবিতাৰ সন্ধ্যা ..
জ্বলি মৰা বেলিৰ চিতাত
আনন্দ উদ্যাপন কৰি
জোনাক বিচাৰি যোৱা এটি নদীৰ মোহনা,
যাৰ ঘোৰ গভীৰতাত
শব্দ আৰু সময়ৰ শেষ হয়.....৷৷


অজয় দাস
হয়বৰগাঁও,নগাঁও।



No comments:

Post a Comment