বেটুপাত

বেটুপাত

Friday, 31 August 2018

মুখ্য সম্পাদকৰ কলমত

নমস্কাৰ পাঠকবৃন্দ……

      পোনপ্ৰথমে সুবাসৰ সমূহ পাঠকবৃন্দৰ ওচৰত আমি ক্ষমা ভিক্ষা কৰিছো এইমাহৰ সুবাসৰ প্ৰকাশত কিছু বিলম্ব হোৱাৰ বাবে।
      এই আগষ্ট মাহতেই আমি লাভ কৰিছিলো আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা প্ৰাক্তন প্ৰধান মন্ত্রী ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী দেৱৰ মৃত্যুৰ সেই শোকবহ সংবাদটো। সমূহ সুবাস পৰিয়াল তথা পাঠক বৃন্দৰ তৰফৰ পৰা বাজপেয়ী দেৱৰ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ।
        বাজপেয়ী দেৱৰ শোকত ম্ৰিয়মান ৰাজ্য বাসীৰ মাজলৈ আনন্দৰ বতৰা কঢ়িয়াই অসমৰ গৌৰৱ হিমা দাসে সুদূৰ জাকৰ্টাত এচিয়ান গেমছ দুটা ৰূপৰ আৰু এটা সোণৰ পদক লাভ কৰি সমগ্ৰ অসমৰ লগতে দেশবাসীক গৰ্বিত কৰে। সুবাসৰ তৰফৰ পৰা তেওঁক "ছুইফট গাৰ্ল অফ আচাম " নামাকৰণ কৰাৰ লগতে যাছিলোঁ অলেখ মৰম আৰু অভিনন্দন।
        কিছুদিন পূৰ্বে স্বাধীনতা দিৱস উদযাপন কৰিলোঁ আমি সকলো ভাৰতীয়ই। দেশৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ দিনটোত আজিয়ো আমি যদি স্বাধীন ভাৱে ওলাই যাবলৈ ভয় কৰোঁ তেন্তে ই হৈ ৰয় এক ডাঙৰ প্ৰশ্নবোধক??
       আশা কৰোঁ আমিয়ো এদিন মহাত্মা গান্ধী,এ.পি.জে. আব্দুল কালাম, বাজপেয়ী আদি ব্যক্তিয়ে সপোন দেখা এখন সোণৰ ভাৰত গঢ়িব পাৰিম। ভূপেন হাজৰিকা দেৱৰ গীত কথাৰে নহয় কৰ্মৰে প্ৰমাণ কৰিব পাৰিম "মানুহে মানুহৰ বাবে"
       শেষত সুবাসৰ আগষ্ট মাহৰ সংকলনটি প্ৰকাশত সহায় কৰা সকলোকে ধন্যবাদ যাচি আলোচনীখন সম্পাদনাত হোৱা ভুলৰ বাবে ক্ষমা ভিক্ষাৰে আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো সুবাসৰ আগষ্ট মাহৰ সংকলনটি।
       


ধন্যবাদেৰে

দেৱব্ৰত শৰ্মা 
কৌস্তুভ বৰা

যাত্ৰা:ইউটিউবৰ পৰা বলিউডলৈ (পল্লব তামুলী ফুকন)

নেহা নিকিতা

সুবাসৰ সমূহ পাঠকবৃন্দ তথা শুভাকাংখীলৈ এটা ভাল খবৰ। কিছুমান ঘটনা ফিল্মৰ দৰেয়ো হয়। আমিৰ খান অভিনীত বলিউড ছবি "চিক্ৰেট চুপাৰষ্টাৰ" কাহিনীৰেই যেন হ'ল পুনৰাবৃত্তি।
      গোলাঘাটৰ সৰুপথাৰৰ কন্যা নেহা নিকিতাই সুবাসৰ ফেচবুক পেজত দিয়া এটা গানৰ ভিডিও ভাইৰেল হৈ গৈ পৰেগৈ বলিউডৰ বোলছবি নিৰ্মাতা সুৰ্জিত সিঙৰ হাতত। তেওঁ উক্ত ভিডিওটো চাই নেহা নিকিতাৰ কণ্ঠত আপ্লুত হয় আৰু ভিডিওটো জনপ্ৰিয় কণ্ঠশিল্পী তথা তেওঁৰ আহিবলগীয়া ছবি "হীৰ দা ইটাৰনেল লাভ স্তৰী"ৰ সংগীত পৰিচালক তুষাৰ অৰ্জুনক দেখুৱাই। দুয়োৰে সিদ্ধান্ত মৰ্মে তেওঁলোকে নেহাক প্ৰদান কৰে ছবিখনৰ এটা গুৰুত্বপূৰ্ণ গীতত কন্ঠদানৰ সুবিধা। ১৬ বছৰীয়া পিতৃহাৰা নেহাক তেওঁৰ মাতৃয়ে সৰুৰে পৰাই বহু কষ্টৰে ডাঙৰ কৰা পাছত তেওঁৰ এই সাফল্যত উৎফুল্লিত হৈ পৰা মাতৃয়ে ছবি খনৰ পৰিচালক সুৰ্জিত সিং আৰু সংগীত পৰিচালক তুষাৰ অৰ্জুনক ধন্যবাদ জনাই।
      অতি সোনকালে দেশৰ বিভিন্ন প্ৰান্তত চিত্ৰগ্ৰহণ হব লগীয়া ছবি খনত কণ্ঠদান কৰিছে এইবাৰ জনপ্ৰিয়তাৰ শীৰ্ষত থকা ইছ মে তেৰা ঘাটা শীৰ্ষক গীতবোৰ কণ্ঠশিল্পী গজেন্দ্ৰ বাৰ্মা তথা অনু মালিকহতৰ দৰে শিল্পীৰ লগতে বলিউডৰ বহু কেইজন জনপ্ৰিয় কণ্ঠশিল্পী আৰু সংগীত পৰিচালক তুষাৰ অৰ্জুনে নিজে।
      উল্লেখযোগ্য যে নেহাক প্ৰথম বাৰ জনচাক্ষুৰ সন্মুখলৈ আনিছিল সুবাসে।
      ইউটিউবত গান কভাৰ কৰি চচিয়েল মিডিয়াৰ জৰিয়তে দেশৰ আগশাৰীৰ প্ৰডাকচন হাউচটোৰ ছবিত কণ্ঠদান কৰিবলৈ সুযোগ পোৱা নেহা নিকিতাক আমাৰ তৰফৰ পৰা অশেষ অভিনন্দন।
   
    অভিনন্দন নেহা নিকিতা
  
   

Thursday, 30 August 2018

সুবাসৰ এইমাহৰ অতিথি : প্ৰিতী কংকনা




প্ৰথমেই সুবাসৰ ফালৰ পৰা আপোনালৈ অশেষ শুভকামনা জনাইছো , অসমীয়া চিৰিয়েলৰ আৰু মিউজিক ভিডিও ৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আপুনি সেই হেঁপাহতে অসমৰ ৰাইজে আপোনাৰ বিষয়ে কিছুমান কথা জানিবলৈ আগ্ৰহ কৰে। সেই আপাহতে আজি আমি আপোনাৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে

1) আমি জনা মতে আপুনি দিল্লীত অধ্যয়ন কৰি আছিল, অসমলৈ ঘূৰি আহি হঠাৎ এইখন জগতত সোমাই পৰিল নে আগৰ পৰাই এই সন্দৰ্ভত কিবা ভাবি থৈছিল?
Ans:-গুৱাহাটী ঘূৰি আহি দেউতাৰ অলপ গা বেয়া হোৱাৰ কাৰণে ঘৰলৈ ঘূৰি আহি ইয়াতে মডেলিং কেইখনমান 'শ্ব' কৰিলো তাৰ পাছত তেনেদৰে অভিনয় জগতৰ প্ৰস্তাৱ আহিলে মই তেনেকৈয়ে সৰু সুৰাকে আৰম্ভ কৰিলো, সেইদৰে ইচ্ছাকৃতভাৱে নহয় হঠাৎ পৰিকল্পিত ভাৱেও নহয় অভিনেত্ৰী হোৱাৰ সপোন মোৰ কেতিয়াও নাছিলে মোৰ সপোন বোৰ আছিলে বেলেগ কিন্তু মই তেনেদৰে সোমাই পৰিলোঁ অভিনয় জগতৰ লগত আৰু আজি মই খুবেই নিজকে সৌভাগ্যৱান বুলি ক'ব লাগিব যে অসমৰ ৰাইজে মোক ইমান হেঁপাহেৰে ইমান মৰম দিছে,আগ্ৰহ দেখুৱাইছে ।

2)কিছুদিন আগতে আপোনাৰ দ্বাৰা অভিনীত "অৰ্দ্ধাংগিনী''ধাৰাবাহিক খন নিশ্চিত ভাৱে অসমীয়া ধাৰাবাহিক ৰ জগতত অনবদ্য সংযোজন তাত অভিনয়ৰ অভিজ্ঞতা সম্পৰ্কে আমাৰ
 পঢ়ুৱৈক অলপ জনাওকচোন।
Ans:-অভিজ্ঞতা বুলি কবলৈ হ'লে ভাষা বা শব্দ বোৰো কম হৈ আহিব অৰ্ধাংগীনি মানে মই জীৱনত যিমান খিনি কাম কৰিছো তাৰ ভিতৰত আটাইতকৈ মই সৰ্বশ্ৰেষ্ঠ বুলি ক'ব লাগিব কাৰণ মই যিহেতু খুবেই সৌভাগ্যৱতী ৰূপকমল হাজৰিকা পাপু দাৰ ডিৰেকচনত কাম কৰাৰ মোৰ আগৰ পৰাই ইচ্ছা, আগ্রহ আছিলে লগতে মই যিটো টিমৰ লগত টেকনিকেলি যিটো টিমৰ লগত কাম কৰিবলৈ পালো খুবেই প্ৰফেচনেল চাবলৈ গ'লে মই বহুত শিকিবলৈ পালো টেকনিকেলি হওক আজি মই যিখিনি কথা হয়তো জনা নাছিলো সেইয়া শিকিবলৈ পালো লগতে মোৰ সগযোগী শিল্পী সকল খুবেই মৰমিয়াল,দেৱজিত দা হওক, অপৰ্ণা বা হওক আমাৰ যি সকল আছে মোৰ বিপৰীতে আছিলে অমিত সাৰংগ বৰদলৈ যিমান সকল আছে কেমেৰা পাৰচন দ্বীপেন নাথ আজি স্পট বয়ৰ পৰা আদি কৰি সমূহ টিমটোৰ লগত মোৰ এটা বেলেগ ধৰণৰ সম্পৰ্ক,সকলোৱে মোক ইমান মৰম কৰে ইমান শিকাইছে পাপু দাৰ পৰা বহুত শিকিবলৈ পাইছো অভিনয় কি আচলতে আমি টেকনিকেল টাৰমছ বিলাক নজনাকৈয়ে হয়তো আমি বহুত খিনি কৰি থাকো কিন্তু মানুহে যে কিমান ৰিচাৰ্ছ কৰিব লাগে এটা চৰিত্ৰ ফুটাই তুলিবলৈ সেইয়া মই অৰ্ধাংগীনিৰ জৰিয়তে বহুত কিছু শিকিবলৈ পালো আৰু অৰ্ধাংগীনি মানুহে এনেকৈ আদৰি লৈছে ইমান মানুহে ভাল পাব বুলি মই কেতিয়াও কল্পনা কৰা নাছিলোঁ কিন্তু মানুহে যেতিয়া ভালপাবলৈ লৈ তাৰ লগে লগে আমাৰ ওপৰত থকা যিখিনি দায়িত্ব সেইয়াও বেছি বাঢ়ি গ'ল  কাৰণ মানুহে বহুত আশা কৰিলে গতিকে তেনেদৰে অৰ্ধাংগীনিৰ যাত্ৰা টোৰ লগতে যিখিনি ৰাইজৰ লগত সম্পৰ্ক গঢ়ি উঠিলে আজি ৰুণ ঝুন আৰু গুণ গুণৰ ঘৰে ঘৰে যিটো মানুহৰ সহানুভূতি,মানুহে কিমান মৰম কৰে ৰুণ ঝুন আৰু গুণ গুনক মোৰ সঁচাকৈ কবলৈ ভাষা নাই, মই নিজকে ইমান সৌভাগ্যৱান  বুলি কম মই ভগৱানৰ ওচৰত সদায়  কৃতজ্ঞ যে মোক এনেকুৱা এটা চৰিত্ৰ দিলে আজি অসমত কিমান অভিনেতা, অভিনেত্ৰী আছে  মোতকৈ কিমান চিনিয়ৰচ আছে তাৰ ভিতৰুত যে মই এই সুযোগটো পালোঁ মই সঁচাকৈয়ে গৌৰান্বিত আৰু লগত অৰ্ধাংগিনী মোৰ জীৱনৰ এটা আস্থা।

3) সততে অভিযোগ শুনা যায় যে অসমীয়া ধাৰাবাহিকবোৰ একঘেয়ামী সেইবাবে অসমীয়া ধাৰাবাহিকৰ দৰ্শকও কম, এই ক্ষেত্ৰত কেনে ধৰণৰ নতুনত্ব আনিলে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি পাব বুলি ভাৱে?
Ans:-খুবেই সংবেদনশীল এটা প্ৰশ্ন মানুহৰ সঁহাৰি হিচাপত অসমীয়া ৰাইজ খুউব সংবেদনশীল তেওঁলোকে সদায় একেবোৰ বস্তুকে চাই থাকিব নিবিচাৰে সদায় নতুনত্ব বিচাৰে আজি অসমখন উত্তৰ পূৰ্বাঞ্চল কিমান আগবঢ়া আমাৰ চিন্তাধাৰা বহুত আগবঢ়া___  হয় কেতিয়াবা সমাজত কিন্তু আমি যদি  সেইবোৰ আওকাণ কৰি যাওঁ  অসমীয়া ৰাইজ খুবেই ষ্টাইলিশ  মানুহবিলাকৰ মন বোৰো খুউব ষ্টাইলিশ লগতে অনবৰতে দুখ কান্দি থকা  বা এইবাৰো ভাল নাপায় যেনেকৈ আমি হিন্দী চিৰিয়েলত দেখা পাওঁ বহুত কিবা কিবি শাহু,বোৱাৰী সকলো সময়তে সেইবোৰো চাই ভাল নাপায় অলপ বেলেগ এটা সোৱাদ লাগে যিটো চাই বহি থাকিবলৈ টিভি  টুয়ে তেওঁলোকক বাধ্য কৰায় আজি হিন্দী চিৰিয়েল চাবলৈ বা বিভিন্ন প্ৰগ্ৰেম আহে ৰিমত টু হাতত থাকে বিজ্ঞাপনো বহুত দিয়ে কিন্তু সেই সময়ত  হাতত থকা ৰিমৎ টোৰ চেনেল  সলনি নকৰাকৈ অসমীয়া ৰাইজক এখন চিৰীয়েল চাবলৈ বাধ্য কৰোৱাটো এটা বহুত ডাঙৰ কঠিন কাম। মই ভাবো ভাল যদি সোৱাদ পাই কিয় নাচাব মই নিজকে বঢ়াই নকওঁ অৰ্ধাংগিনীৰ যিখিনি হওক নাই কমেও ৭০%  শতাংশ অসমীয়া ৰাইজে অৰ্ধাংগীনি খন  চাইছিলে ১০০%শতাংশ নহব পাৰে কিন্তু তাৰ আগতেও বহুত কেইখন চিৰিয়েল সপোনৰ আছুতীয়া ৰং সেইখনো এখন ভাল ধাৰাবাহিক আছিল আৰু বহুত খিনি অসমীয়া ধাৰাবাহিকৰ বুৰঞ্জীত যিখন আছে আৰু বহুত ধাৰাবাহিক মানুহে চাইছে কিন্ত তাৰ ভিতৰতে টেষ্ট টু যেতিয়া বেয়া হয় তেতিয়া হঠাৎ মানুহ উদাস হৈ যায় যে কিনো এইখন নাচাওঁ চাবলৈ এটা কাৰণ লাগিব যদি আমাৰ সমাজৰ সচৰাচৰ হৈ থকা ঘটনাবোৰৰ ওপৰত মানুহে নিজকে সেইখন পটভূমিত দেখা পায় মানুহে সদায় নিজৰ লগত হৈ থকা ঘটনা বোৰ চাবলৈ বিচাৰে যদি অদ্ভুত কিবা এটা দেখুৱা হয় মানুহে কেতিয়াও নাচায় বা অনবৰতে দুখৰ কান্দি থকা সেইয়াও মানুহে চাবলৈ ভাল নাপায় মানুহক সদায় নতুনত্ব লাগে যদি অসমীয়া ধাৰাবাহিকত আজিৰ যিটো ষ্টেজ এতিয়া বৰ্তমান কিমান ভাল ভাল চেনেল আছে কিমান ধুনীয়াকৈ কিমান প্ৰতিভাশালী পৰিচালক,প্ৰযোজক আছে টিম বিলাক কিমান আগৰণুৱা  সকলোয়ে মিলি কিমান ভাল ভাল এতিয়া চিৰিয়েল বনাই আছে গতিকে মই নাভাবো যে অসমীয়া ৰাইজে হিন্দী চিৰিয়েলৰ দৰেই অসমীয়া ধাৰাবাহিকক আদৰি লব নে তেনেকুৱা এটা প্ৰশ্ন উত্থাপন হ'ব বুলি মই নাভাবো বৰ্তমান অসমীয়া ধাৰাবাহিক যদি ভাল হয় এটা ট্রেণ্ড লাগে যদি ট্রেণ্ডটু বনাবলৈ আৰম্ভ কৰিছে যদি মানুহে ভাল পায় তেতিয়া হ'লে নিশ্চয় অসমীয়া ৰাইজে হিন্দী ধাৰাবাহিকৰ দৰে অসমীয়া ধাৰাবাহিকো মানুহে চাব।

চেলেকা পোকৰ ভোক (বিশ্বজিৎ ডি চেতিয়া )


  
(খণ্ড- দুই)

কিছুদিনৰ পৰা মন কৰিছোঁ আমাৰ অফিচলৈ বহু নতুন নতুন মুখৰ আগমন ঘটিছে।এই নতুন মুখৰ বেছিভাগেই আঢ্যৱন্ত ঘৰৰ সুন্দৰী মহিলা।তেওঁ বেশভূষাতেই ধৰিব পাৰি।পেহাৰ সৈতে কেবিনত বহি কথা পাতে আৰু কাৰোলৈ নোচোৱাকৈ সদম্ভে ওলাই গুচি যায়।ষ্টাফৰ সকলো অবাক হয়। উত্তৰ কাৰো হাততেই নাথাকে।অৱশ্যে এটা উত্তৰ থাকে,সেইটো হ'ল সুন্দৰী মহিলা সকল ওলাই যোৱাৰ পিছতে পেহী মানে ৰ'জী চিধাই পেহাৰ কেবিন পায়গৈ।কিন্তু দুগৰাকীমান মহিলা ৰ'জী নথকাতহে আহে।ৰ'জী থকাত এদিনো নাহে।আমি "ক' ইনচিডেণ্ট" বুলিয়ে ভাবোঁ যদিও কেতিয়াবা খেলিমেলি লাগি যায়।পিছে এই নতুন মুখবোৰৰ মাজতে মোৰ জীৱনলৈ আহিল এখন নতুন মুখ।
এজন নতুন বন্ধু।
নামঃ প্ৰণৱ কুমাৰ দাস।
ঘৰ বাক্সাত। অফিচৰ নতুন এমপ্লয়ি।তাৰ ছিটটো মোৰ ওচৰতে হ'ল।প্ৰথম অৱস্থাত গহীন হৈ থকা প্ৰণৱৰ সৈতে লাহে লাহে সহজ হ'ব ধৰিলোঁ।প্ৰণৱৰ অমায়িক স্বভাৱ তথা ভদ্ৰ ব্যৱহাৰে মোক বাৰুকৈয়ে মুগ্ধ কৰিলে।লাহে লাহে আমাৰ দুটাৰ মাজত বন্ধুত্ব গঢ় লৈ উঠিল।প্ৰায়ে তাৰ ভাড়াতীয়া কোঠালৈ যাওঁ।নানা কথা পাতোঁ,নতুন কামৰ আলোচনাও চলে।লাঞ্চব্ৰেকতো দুইটা একেলগে বহোঁ।ৰাণা দাহঁতে বেয়াও পায় দূৰত্ব অলপ হোৱাত।
           হঠাৎ লাঞ্চব্ৰেকৰ সময়তে কাজৰীবা খঙত জকজকাই উঠিল।ষ্টাফৰ প্ৰায়খিনিয়ে "কি হ'ল কি হ'ল" বুলি কাজৰীবাৰ ওচৰ পালেহি। ৰ'জীয়ে হেনো কাজৰীবাক  অনাহক কথা এটাক লৈ আজি আকৌ কথা শুনাইছে।আগতেও এনেদৰে কথা শুনাই থৈছে।কাজৰীবাই কথাটো পেহাক নজনাই লাডেনক মানে মালিকক জনালে।তাতেই ক্ষুণ্ণ হ'ল পেহা।আকৌ এখন নাটক - প্ৰতিষ্ঠানৰ মূৰব্বী হিচাপে তেওঁ আছে যেতিয়া আগত পেহাকে কথাটো জনাব লাগিছিল।কিন্তু কাজৰীবা উপায়ন্তৰ হ'ল - জানেই অপৰাধ যিমানেই নহওক কিয়- বচপেহাই নিজৰ ৱাইফ যেতিয়া পেহীক যিকোনো প্ৰকাৰে দোষমুক্ত কৰি কাজৰীবাৰ ওপৰতে সমস্ত দোষ জাপি দিবই দিব। এতিয়াও পেহাই এটা ইচ্যু পায়ে গ'ল যে তেওঁক কিয় আগত জনোৱা নহ'ল।তাকে মিক্সিত চাটনি পিহাদি ইমানেই পিহিব যে ৰ'জীৰ অপৰাধ কি সেইটো দবি যাব।পেহাৰ এই "টু মাচ" বৰিং টেকনিকবোৰ এতিয়া সকলোৰে জ্ঞাত।
        ভবাটোকেই হ'ল।কেবিনলৈ সকলোকে মতা হ'ল।দুই ম'হৰ যুঁজত বিৰিণাৰ মৰণ চুৰু।কোনোবাই তৰ্ক কৰিব আৰু আমি এনেই কাণ বিষোৱাব লাগিব।পেটে পেটে সকলোৰে খং উঠিল।ব্যক্ত নকৰিলেও চকুৱে মুখে স্পষ্ট প্ৰতিফলন দেখা গ'ল।কথাটো মূৰব্বী হিচাপে জনাব লাগিছিল সঁচা কিন্তু পেহাৰ যিহে স্বভাৱ,কৈ লাভো নাই।পেহাৰ নিৰন্তৰ শব্দ বাক্য বৰ্ষণত কাজৰীবাৰ মাত তল পৰি গ'ল।যুদ্ধৰ দামামাই উপস্থিত সকলোৰে কাণ মগজুত আঘাত কৰিলে।সঁচাকৈ উচ্চস্বৰে কথা কৈ কৈ কাজৰীবাকে দোষী সাব্যস্ত কৰিলে।দোষী ৰ'জীক পেহাই একোকে নক'লে।হামিদে কাণে কাণে ক'লে বচৰ কথা "মাইকীৰ তলতীয়া " বুলি।কেবিনৰ পৰা ওলায়ে ৰাণাদাই অনুচ্চ স্বৰত ক'লে -"মাইকীৰ তলতীয়াটোৱে ঘৈণীয়েকক একো ক'বই নোৱাৰে।"ৰাণাদাৰ খং উঠিছে।লগতে নৃপেনদাৰো।
উঠাটো স্বাভাৱিক।
      সকলোৰে সন্মুখত অপমান পাই কাজৰীবা দুদিন নাহিল। এটেনডেন্স বুকত বচে এবচেণ্ট লিখি ডব্লিউ এন. লিখিলে অৰ্থাৎ উইডাউট নটিচ।তাৰমানে দুদিনৰ দৰমহা গ'ল।লাঞ্চব্ৰেকত কথাবোৰ পূৰামাত্ৰাই ওলাই থাকিল। আচলতে কাজৰীবাৰ দোষেই নাছিল।ফাইল এটাৰ কথাক লৈ বচৰ কেবিনত অলপ সময় ৰ'ব লগা হ'ল;তাতে ৰুষ্ট হ'ল ৰ'জী।কথাৰ গুৰি ক'ৰবাত,ৰ'জীয়ে কাজৰীবাক বচৰ সৈতে সন্দেহ কৰে।কেৰোণ তাতেই।কিন্তু কাজৰীবা কি আমি সকলোৱে জানো।সুখৰ সংসাৰ এখন তেওঁৰ আছেই।
"-এইখন কাজিয়া বহুত পুৰণি-ব্যক্তিগত কথাৰ মাজত  আমি সোমোৱা উচিত নহয়।পিছত আমাৰহে বিপদ হ'ব।" চিত্ৰলেখাই ক'লে।
"-গোটেই দোষটো এ ৰ'জীৰ। অদৰকাৰী  কথাত এই বৰ মূৰ মাৰি থাকে।নিজেও শান্তিত নাথাকে আৰু আনকো থাকিবলৈ নিদিয়ে।"- নৃপেনদাই ক'লে।
"-তাইৰ হাজবেণ্ড বচ যেতিয়া যাব লাগিবই যিকোনো কথা সুধিবলৈ।প্ৰজেক্টৰ কথাওচোন ফাৰ্ষ্ট বচকহে কয়। আমিতো সুধিব লাগিবই।তেতিয়া খন্তেক ৰ'ব লাগিবই।"-বৰানীয়ে ক'লে।
"-মইও তাকে কওঁ অ বৰানী।তোমালোকো চোন যোৱা,এই চিত্ৰলেখা যায়,সংগীতা যায়,বৰতামুলীৰতো তাঁতবাতি কৰোঁতেই যায়।তোমালোকক সন্দেহ নকৰে কিয়?"
"-চিচি কেমেৰা নলগাইনো কেলৈ ইমান যদি সন্দেহেই কৰে!দুধ কা দুধ পানী কা পানী হৈ যাব তেতিয়া।"
"-সংগীতাই ভাল কথা কৈছা।পেহীয়েৰাৰ ইমানটো অন্তৰ্মুখী কেমেৰা থাকোঁতে যন্ত্ৰ কেমেৰাৰ কিহৰ প্ৰয়োজন?পেহীৰ অন্তৰ্দৃষ্টি আছে বুলি নাজানা নেকি?"-ৰাণাদাৰ ৰগৰত সকলোৱে হাঁহিলে।
       তেনেকোৱাতে জিয়া ওলালহি কথাৰ ভাগ ল'বলৈ। "কি কথা ওলাইছে অ' ইমান হাঁহিছে?মোকো কওকচোন;মইও হাঁহো।" জিয়াৰ কথা শুনি মোৰ খঙেই উঠিল। ওলালহি যাই উৰহীৰ ওৰ বিচাৰি।সকলোৱে খোৱাত লাগিল।নৃপেনদাৰ বাদে।
"-কৈছোঁ এওঁলোকক,কিছুমান জলকীয়া বৰ জলা থাকে,কিছুমানৰ আকৌ জালেই নাই।বজাৰত হৰেক ৰকমৰ জলকীয়া ওলাল অ' -জলা -নজলা!"
"-তাকে অ নৃপেনদা,বজাৰৰ পৰা ভাল বুলি কিনি আনোঁ।খাওঁতেহে ওলায়।ফোঁপোলা;জালেই নাই।চব ভেজাল" -জিয়াই প্ৰত্যুত্তৰ দিলে।
  "-ভেজাল ভেজাল বজাৰৰ প্ৰায়বোৰে ভেজাল।কোনটো দৰৱ দিয়া কোনটো নিদিয়া একো ধৰিব নোৱাৰি।"নৃপেনদাৰ কথা জিয়াই বুজি নাপালেও বুজি পায় হাঁহি উঠিল মোৰ আৰু ৰাণাদাৰ।
      দুদিন বিৰতিৰ পিছত কাজৰীবা আহিল।আমি ভবা মতে কাজৰীবাই কিন্তু ৰিজাইন নিদিলে।গতানুগতিক ভাৱেই চলিল সকলো।মাত্ৰ ৰ'জীয়ে ষ্টাফৰে বিপাশা বোলাজনীক টানি নি ফুচফুচাই কিবাকিবি কৈছে।সকলোৱে বুজি পাইছে।বিপাশাৰ আকৌ ৰ'জীৰ লগতহে টাৰ্মছ।ষ্টাফৰ কোনোৱে তাইৰ আগত ৰ'জীৰ কথা নকয়।জানেই  শিপা গড়গাঁও পাবলৈ দেৰি নালাগে।দুতলীয়া কাৰবাৰবোৰ কৰি বিপাশাই কি পায় তাই জানে!কোনেও একো ক'বও নোৱাৰে।ৰ'জীক তাইৰ ফলীয়া কৰি থৈছেই।
    ৰ'জীৰ দৃষ্টিশক্তিৰ ওপৰতো মোৰ কেতিয়াবা সন্দেহ হয়,কথাটো কি ধৰিব নোৱাৰোঁ।তেওঁ যি দেখে আমিওচোন একে দেখোঁ,সন্দেহ কৰিবলগীয়াচোন একো নেদেখোঁ।সেই একে দেখাতে ৰ'জীয়েনো কি সন্দেহৰ গোন্ধ পায় আমি ভাবি নাপাওঁ।ৰ'জীৰ এই ঠেক মানসিকতা দেখিলে ঘৃণা উপজে।নামটোহে ৰ'জী  -  ৰ'জ মানে গোলাপফুল।গোলাপ ফুলৰ গ- টোও তেওঁৰ গাত দেখা নাযায়।গোলাপৰ পাহিৰ কোমলতাৰ সলনি কাঁইটৰ সমাহাৰহে তেওঁৰ চৰিত্ৰত দেখা যায়। (ক্ৰমশঃ)

জীয়া মানুহৰ ঘৰ ( সৌৰভজ্যোতি দত্ত )

জীয়া মানুহৰ ঘৰ
°°°°°°°°°°°°°°°°
জীয়া মানুহবোৰ এদিন ফটোগ্ৰাফ হৈ
দেৱালত ওলমি থাকে

মানুহৰ হেনো দুখন ঘৰ,
এখন জিৰনিৰ,আনখন চিৰদিনৰ

সোঁৱৰণিৰ ৰাতিবোৰত কলপুলি
এটি ৰখীয়া হৈ পৰে
জীয়া মানুহবোৰৰ আচল ঘৰ(মৰিশালি) ৰ

এদিন এই মানুুহবোৰ
মৰিশালিবোৰত নিসংগ হৈ পৰি থাকে
সাৰে থাকে এটাৰ পাছত এটা ৰাতি
জোপ লৈ বহি থাকে অশৰীৰ মানুহবোৰ
মৰিশালিৰ মানুহবোৰৰ চকুপানী
টুকিবলৈ কাষত কোনো নাথাকে

জিলীৰ পেটত পুত খাই পৰে তেতিয়া
আজিৰ জীয়া মানুুবোৰৰ বিননি
আজিৰ জীয়া মানুুবোৰক তেতিয়া
ৰ'দে নুপুৰে,ভোকে নদহে

যিদৰে চালকে নাৰাখে মনত যাত্ৰীক ঠিকনা
মানুুহবোৰো এদিন অতিত হৈ হেৰাই যায় ,
কোনেও নজনাকৈ
আৰু দেহত গজিব ধৰে দলঘাঁহ 

এৰি থৈ অহা দিনবোৰৰ দৰে এৰি থৈ অহা
মানুহবোৰৰো
পৃথিৱীয়ে সাঁচি নাৰাখে কোনো স্মৃতি ।
----------------------
-সৌৰভজ্যোতি দত্ত
(৯৬১৩৭০১০৫৪)

মানৱ জীৱনৰ অৰ্থ ( সঞ্জয় ৰবিদাস)

 পৃথিৱীত মানৱৰ জন্ম এক স্বভাৱজাত প্ৰক্ৰিয়া । জন্ম লাভ কৰা সকলো মানুহৰে এদিন মৃত্যু অনিবাৰ্য। জন্ম লাভ কৰি ডাঙৰ হোৱাৰ পৰা নমৰালৈকে মানুহ এজনৰ বাবে জীৱনটো এক সংগ্ৰাম ক্ষেত্ৰ।এই সংগ্ৰাম ক্ষেত্ৰখনত ভৰি থৈ মানুহে ভাল-বেয়া অনেক কামেই কৰে।অধিকাংশ মানুহে অতি লোভৰ ফলত সৎপথৰ পৰা বিচলিত হৈ বেয়া কামৰ প্ৰতি ঢাপলি মেলে ।বিবেকৰ কথা নুশুনি ধন-সোণৰ অন্ধ লোভত জীৱনৰ মূল লক্ষ্য-উদ্দেশ্য পাহৰি ,নৈতিকতা বিসৰ্জন দি কোটি কোটি মানুহ আজি অসৎ পথেৰে পৰিচালিত হৈ আহিছে । ডাঙৰ হোৱাৰ পাছৰেপৰা দুৰ্নীতিৰ পথেৰে বিত্তশালী হোৱা,অপৰাধৰ জগতখনেৰে ক্ষমতাশালী হোৱাটোৱেই সাম্প্ৰতিক কালত বহু মানুহৰ মূল লক্ষ্য হৈ পৰা পৰিলক্ষিত হৈছে। এনে বহু অপৰাধী মানুহৰ ভৱিষ্যতৰ ঠিকনা হৈ পৰে  কাৰাগাৰৰ অন্ধ কোঠালি ।জে'লৰ কয়দী হোৱাৰ পাছত অনুশোচনা জাগিলেও অপৰাধী জীৱনৰ পৰা মুক্তি লাভৰ বাবে তেতিয়ালৈ বহু দেৰি হৈ যায় ।
   
               মানুহে ধন ঘটাৰ দৌৰত বা সম্পত্তিৰ মোহত অন্ধ হৈ উচিত-অনুচিত, ন্যায়-অন্যায়, পাপ-পূণ্য, বৈধ-অবৈধ---এই সকলোখিনি নৈতিক-অনৈতিক ধ্যান-ধাৰণাক ভৰিৰে গছকি মোহাৰি ভোগবাদৰ পৃথিৱীত নিজকে বিলীন কৰি দিয়ে। ফলস্বৰূপে মানুহ হৈ পৰে লোভী আৰু নিষ্ঠুৰ ।এক শ্ৰেণীৰ মানুহে আজি কেৱল নিজৰ কথাহে ভাবে । নিজৰ ঘৰ আৰু নিজৰ সন্তানৰ মংগলৰ চিন্তাতে দিন-ৰাতি পাৰ কৰে। আনৰ দুখৰ সমভাগী হ'বলৈ যেন এপলকো আহৰি নাই।এখন গাড়ী,মোটা অংকৰ বেংক-বেলেন্স,সন্তানক নামী-দামী বিদ্যালয়ত পঢ়ুওৱা ---এই বিলাকতে এচাম মানুহৰ সুখ আৰু সপোন সীমাবদ্ধ। পৃথিৱীখন বহল দৃষ্টিভংগীৰে চোৱা মানুহৰ আজি অভাৱ ।মানুহবোৰ প্ৰতিযোগিতাত নামিছে । ভোকাতুৰ,দৰিদ্ৰ, দিব্যাংগ,নি:স্ব আৰু সৰ্বহাৰাৰ কাষত আজি থিয় দিয়ে বা কোনে? পৃথিৱীৰ পৰা মানৱতা লাহে লাহে লোপ পাবলৈ ধৰিছে। সুবিধাবাদী মানুহৰ বাবে পৃথিৱীখন এক বজাৰলৈ পৰিণত হৈছে। স্বাৰ্থপৰ হৈ পৰিছো আমি,নিতৌ স্বাৰ্থপৰৰ দৰে কাম কৰিছো। যিকোনো কাম সেৱাৰ মনোভাৱেৰে কৰা নাই, লাভ-লোকচানৰ অংক মিলাইহে কামত হাত দিছোঁ। আমি একো একোজন পাকৈত ব্যৱসায়ী হৈ উঠিছোঁ। প্ৰতিটো কামৰ অন্তৰালত স্বাৰ্থ পুহি ৰাখিছো,বিনিময় দাবী কৰিছোঁ ।সেইবাবে এই পৃথিৱীত আমাৰ মানৱীয় মূল্য নাই,গুৰুত্ব নাই। আৰ্তজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ আজি আমি অনিচ্ছুক। জীয়াই থকাৰ মহান উদ্দেশ্যক আমি পাহৰি পেলাইছোঁ। মানুহৰ বাবে এতিয়া জীয়াই থকাৰ অৰ্থ হৈ পৰিছে পাৰ্থিৱ সুখ অৰ্জন ,বিষয়-বাসনা পূৰণ। আনৰ হিত চিন্তা ,পৰোপকাৰ জাতীয় চেতনাবোৰ মানুহে মনৰ পৰা মচি পেলাইছে। মানুহ হৈ পৰিছে অৰ্থৰ দাস। তীব্ৰ আত্মকেন্দ্ৰীকতাত বন্দী আজিৰ মানুহ ।নিজৰ ঘৰ-পৰিয়াল, কৰ্মস্থানৰ বাদে বাহ্যিক সমাজৰ সৈতে যোগসূত্ৰ স্থাপনত মুঠেও আগ্ৰহী আজিৰ সমাজৰ গৰিষ্ঠসংখ্যক লোক। ভোগবাদ আৰু বিচ্ছিন্নতাই গ্ৰাস কৰি পেলাইছে আজিৰ পৃথিৱীক ।শুশ্ৰূষা আৰু আতিথ্যৰ মাজত এতিয়া কৃত্ৰিমতা বিৰাজমান। আজি আনৰ সুখত আমি সুখী নহয়,আনৰ দুখত দুখী নহয়।কাৰণ নিজৰ নিজৰ উচ্চাকাংক্ষা,দুৰাকাংক্ষা পূৰণত ব্যস্ত আমি ।এখন্তেক আনৰ কথা ভাবিবলৈ আজি আমাৰ সময় নাই । প্ৰতিযোগিতাৰ যুগত আমি ইজনে-সিজনৰ জীৱন বাটৰ সহযাত্ৰী নহয়,যেন প্ৰতিদ্বন্দ্বীহে।


              নিজৰ পৰিয়ালৰ সদস্যৰ সৈতে আজি আমি ভাল ভাল খাইছো,পিন্ধিছো,নতুন নতুন ঠাইলৈ ফুৰিবলৈ গৈছোঁ, 'চেল্ফি' তুলি ছচিয়েল মিডিয়াত প'ষ্ট কৰিছোঁ---বচ্,হৈ গ'ল বিন্দাচ লাইফ ।পাহৰি পেলাইছো 'আনৰ বাবে কান্দিব জানিলে কান্দোনতো সুখ পায়', পাহৰি পেলাইছো 'মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে,অকণি সহানুভূতিৰে কোনেনো ভাবিব.....' ।আজি আমি বহুত সুখী । নিজৰ ঘৰ,গাড়ী,চাকৰি,টকা-পইচা সকলো আছে । কিন্তু মানৱতাবোধ বোলা বস্তুটো জানো আমাৰ মাজত আছে?যদি নাই, তেন্তে নিশ্চিতভাবে আমি দয়া-মমতাহীন শিলৰ হৃদয়ৰ গৰাকীলৈ পৰ্যবসিত হৈছোঁ। পৃথিৱীৰ মানুহৰ অভাৱ-অনাটন,দুখ-দুৰ্দশাবোৰ দেখিও যদি কৰুণাত উথলি উঠা নাই আমাৰ মন,তেন্তে আমি নিশ্চয় একো একোটা নিৰ্জীৱ প্ৰস্তৰ মূৰ্তি।

           পৃথিৱীত আমাৰ জনম হোৱাৰ নিশ্চয় এক মহৎ উদ্দেশ্য আছে। মানুহ আৰু অন্য জীৱ-জন্তুৰ বাসোপযোগী এটা পৰিৱেশ সৃষ্টি কৰাই মানৱ জীৱনৰ মূল ধৰ্ম।তেহে আমাৰ জনম সাৰ্থক হ'ব। পৃথিৱীৰ প্ৰতিজন লোকক আশা কৰিবলৈ,সপোন দেখিবলৈ সাহস আৰু উৎসাহ যোগোৱাটো জানো মানুহৰ কৰ্তব্য হোৱা উচিত নহয়? সহমৰ্মিতাৰে সহাৱস্থান কৰিব পাৰিলেহে পৃথিৱীলৈ সুখ আৰু শান্তিৰ নিজৰা বৈ আহিব। তেনে এটা সুদিনৰ বাবে আমি প্ৰত্যেকেই প্ৰকৃতাৰ্থত 'মানুহ' হোৱাৰ চেষ্টা অব্যাহত ৰাখিব লাগিব।সেই চেষ্টাৰ ফলতেই আমাৰ মনত সৃষ্টি হ'ব মানুহ হোৱাৰ গৌৰৱ। ইয়াৰ অন্যথা পৃথিৱীত জনম লোৱাটো আমাৰ বাবে হৈ পৰিব মাথো এক দুৰ্ভাগ্য ।(সমাপ্ত)


সঞ্জয় ৰবিদাস
ঠিকনা: বৰহোলা, যোৰহাট।
ফোন: ৯১০১৮৬২৯৭৯

বুৰঞ্জীয়ে গৰকা চৰাইদেউ (হীৰামনি শৰ্মা উপমন্যু )

           ১২২৮ খৃষ্টাব্দত ম্যুং- ড্যুন- চুন- খামলৈ আহি অসমীয়া জাতিৰ  জনক চাওলুং চ্যুকাফাই ১২৫৩ খ্যীষ্টাব্দত চৰাইদেউত স্থায়ী ৰাজধানী পাতে আৰু
৬০০বছৰীয়া আহোম ৰাজত্বৰ শুভাৰম্ভ কৰে ।
             এই চৰাইদেউৰ কথায়ে অকমান লিখিব লৈছো , সৰু থাকতে চৰাইদেউৰ ওপৰত লিখা এখন গ্ৰন্থ পঢ়িছিলো আৰু কেইবছৰ মান আগতে

"আমাৰ অসম"ত  এটা প্ৰৱন্ধ  পঢ়িছিলো ।
ডঃ লীলা গগৈ দেৱে তেখেতৰ "টাই সংস্কৃতিৰ ৰূপৰেখা" নামৰ গ্ৰন্থত "চে -ৰাই- ডয়" শব্দৰ পৰাই চৰাইদেউ হৈছে বুলি ক'ব খোজে শব্দগত অৰ্থ অনুসৰি " চে মানে নগৰ ,'ৰাই' মানে জিলিকা আৰু
'ডয়' মানে পাহাৰ ।অৰ্থাৎ পাহাৰত জিলিকা নগৰ।

##" চৰাইদেউ" ঠাইখন অসমৰ গৌৰৱময় ঠাই । কাৰণ ইয়াতে স্বৰ্গদেও চ্যুডাংফাৰ (১৩৯৭-১৪০৭)
শতাব্দীলৈ ১৫০বছৰ ধৰি আহোমৰ ৰাজধানী আছিল ।
               পিছলৈ ৰাজধানী তুলি নিয়ে গড়গাওঁলৈ,
তাত ৰুদ্ৰসিংহই প্ৰায় ১৭২৩ চনলৈ ৰাজত্ব কৰে,
তাৰে পিছতে ৰংপুৰ আৰু শেষলৈ পুৰনন্দৰসিংহই
১৮২৬লৈ ৰাজত্ব কৰে ।
                চৰাইদেউৰ পৰা ৰাজধানী তুলি নিয়াৰ
পিছত সেই চৰাইদেউত কোনো ৰজাৰ মৃত্যু হ'লে
শৱদেহ আনি মৈদাম দিয়া হয় ।
            চৰাইদেউৰ কাষতে থকা দেওশালত আহোম ৰাজত্ব কালত বিভিন্ন ধৰ্মীয় অনুষ্ঠান সম্পন্ন হৈছিল ।দেওশাল আৰু লাংকুৰি দেৱতাৰ
মন্দিৰৰ ধ্বংসাৱশেষ এতিয়াও চৰাইদেউত দেখিবলৈ পোৱা যায় ।
            এইবোৰ দেখি শুনি জানিব পাৰি যে ৰাজকীয় আৰু ঐতিহাসিক দিশৰ পৰাও চৰাইদেউ
- ৰ গুৰুত্ব অধিক আছিল আৰু এতিয়াও আছে ।আৰু অসম তথা অসমীয়া থকালৈ থাকিব ।
       
#### চৰাইদেউক " কি- তাম- দয়" অৰ্থাৎ দেৱতা
পূজাৰ পৰ্বতীয়া ঠাই ।
            পিছলৈ চৰাইদেউ অৱহেলিত হৈ এখন ঘন
জংঘলত পৰিণত হয় । প্ৰায় অসমৰ স্বাধীনতাৰ বেলিমাৰ যোৱাৰ লগে লগে অসমৰ অতীত গৌৰৱ
শেষ হৈ যোৱাৰ উপক্ৰম হৈছিল । ঠিক তেতিয়াতে
১৯৫২ চনত আহোম স্বৰ্গদেও সকলৰ বংশধৰ গনেশ চন্দ্ৰ ৰাজকোঁৱৰে অতীত ইতিহাস উদ্ধাৰৰ
নামত ব্যস্ত হয় ।
                 গনেশচন্দ্ৰ ৰাজকোঁৱৰে বহু কষ্টৰে চৰাইদেউৰ মৈদাম পোহৰলৈ অনাৰ নামত বহুতো
কষ্ট কৰে আৰু তেওঁৰ প্ৰচেষ্টাতে পোহৰলৈ চৰাইদেউক আনিব পাৰিছে , নহলে চৰাইদেউ কৰবাত হেৰাই গ'ল হেঁতেন ।
             ১৯৫২ চনতে চৰাইদেউৰ সমীপৰ এঙেৰাত কোঁৱৰ সকলৰ তিনি ফৈদৰ বংশাৱলী
অনুষ্ঠিত হৈছিল । তাতেই চৰাইদেউক উদ্ধাৰৰ বিষয় আলোচনা কৰে আৰু চৰাইদেউ উদ্ধাৰ কৰি
স্বৰ্গদেও সকলৰ প্ৰতি তৰ্পন দিয়াৰ সিদ্ধান্ত লয় ।
              ১৯৫৩ চনত মৈদামৰ নাতিদূৰত শ- ধোৱা
ৰজাদিনীয়া পুখুৰীৰ পাৰত ফাগুন মাহৰ কৃষ্ণ চতুৰ্থীৰ দিনা পায়সৰ শৰাই দি তৰ্পন উৎসৱৰ শুভাৰম্ভ কৰে ।
                গনেশচন্দ্ৰ ৰাজকোঁৱৰে নিজে কিছু মানুহ লগাই ধোদৰ আলিৰ পৰা মৈদাম অঞ্চললৈ
যাব পৰা পথ উলিয়াবলৈ হাবি- জংগল কাটি এটি
সুন্দৰ পথ নিৰ্মাণ কৰে ।
                 স্বৰ্গদেও সকলোক তৰ্পণ উৎসৱৰ লগতে সংগতি ৰাখি পিছলৈ চৰাইদেউৰ স্থানীয় লোকবোৰে গাখীৰ,পায়সৰ শৰাই মেজেঙাত সজাই তৰ্পণ উৎসৱ পালন কৰি আহিছে আৰু চৰাইদেউৰ অতীত গৌৰৱ জীয়াই ৰাখিছে ।
         
##### বিশিষ্ট বুৰঞ্জীবিদ ভূবন চন্দ্ৰ সন্দিকৈ দেৱে
চাংৰুং ফুকনৰ বুৰঞ্জীৰ প্ৰথম খণ্ড সম্পাদনা কৰি
কৈছে --- বহু যত্ন আৰু স্বাৰ্থ ত্যাগত অনুপ্ৰাণিত হৈ
ৰাইজ সকলে ডেৰশবছৰ ধৰি হাবিত ঢাক খাই থকা স্বৰ্গদেউ সকলৰ মৈদাম সমূহ পুণৰ জীয়াই তোলে । আৰু স্বৰ্গদেও সকলৰ পবিত্ৰ আত্মাৰ প্ৰতি এগচি শলাবন্তি আৰু এখনি গুৱা তেৰা সকলৰ বংশধৰৰ লগতে অসমীয়া জাতিয়ে সভক্তিৰে অৰ্পণ কৰিবলৈ পাইছে , যিজনাৰ কষ্টত
তেৱেঁ হ'ল -- স্বৰ্গদেও বংশধৰ ভূতপূৰ্ব সৰু মথুৰাপুৰ চাহ বাগানৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় গনেশ চন্দ্ৰ ৰাজকোঁৱৰ, তেওঁৰে পুত্ৰ তিলেশ্বৰ ৰাজকোঁৱৰ লগতে মুক্তি যোদ্ধা উমাকান্ত ৰাজকোঁৱৰ ।
         ১৯৫৩ চনৰ পৰা বৰ্তমানলৈ চৰাইদেউ বহুতো
পৰিবৰ্তন হ'ল ।
         চৰাইদেউৱে এতিয়াও অসমৰ লোক সংস্কৃতিৰ ক্ষেত্ৰত খনত এক সুকীয়া আসন দখল কৰি আছে । সেয়েহে বিহু গীত বোৰত  চৰাইদেউৰ কথা প্ৰতিফলিত হৈ আছে ।
             "" চৰাইদেউ পৰ্বতত কুকুৰা কাটিলো
                       পাটকাইত পৰিলে তেজ
             নাচনীৰ খোপালৈ চাবকে নোৱাৰি
                       যেন ময়ূৰৰ নেজ।
            বিহুটি আছিলে কলিয়াবোৰতে
                     চৰাইদেউত ল'লেহি ঠাই
         গাৱঁৰ ডেকা বুঢ়াই আদৰি
         আনিলে ৰঙালী বিহুটি পাই ।
       
      **********************
- হীৰামনি শৰ্মা উপমন্যু


Wednesday, 29 August 2018

পাথৰৰ মজিয়াত ফুল ( ছবি বৰুৱা )


উৰুখা পঁজাত ওলমা আকাশ লৈ
শব্দৰ ইটাৰে
কবিতাৰ দৌল নাসাজিবা বন্ধু

নাড়ীৰ গভীৰত ধানবনা কলৰ শবদ
পাট-গাভৰুৰ কেঁচা তেজৰ গোন্ধত
পাবানে বন্ধু
জীৱনৰ মাদকতা কিম্বা উন্মাদনা
অথবা
জীৱনৰ সঁচাবোৰ

গোলাপৰ পাহি ছিঙি
নিবিড় আলিংগনত অৱক্ষয় সময়
উভতি নাহে

যিখন দেশত
মাৰ্বলৰ পাথৰৰ দাম তেজতকৈ বেছি
সেইখন দেশত
কবিতাৰ গানে পাথৰৰ মজিয়াত
ফুল ফুলাব পাৰেনে বন্ধু..

ছবি বৰুৱা 
খেজুৰিতল,ৰহঢলা(ঢেকিয়াল)
গোলাঘাট785621

আস্তিক ( প্ৰাঞ্জল বৰা )


     সি চোলাৰ জেপৰ টকাৰ নুৰাটো সযতনে চুই চালে পথাৰৰ মাজত সিহঁতে পতা অস্থায়ী আস্থানৰ পৰা ওলাই যোৱা শেষৰখন গাড়ীৰ হেডলাইটৰ পোহৰ তোৰণৰ সন্মুখৰ ভগৱানৰ মুৰ্তিটোত পৰিল মুৰ্তিটোৰ মুখত সি প্ৰহেলিকাময় হাঁহি লক্ষ্য কৰিলে কৃত্ৰিম পোহৰে জোনাক নিশাৰ পৰিৱেশৰ সৃষ্টি কৰা পথাৰৰ আলিত বহি সি ভগৱানক আন এখন মেলাৰ বাবে অনুৰোধ কৰিলে  


 প্ৰাঞ্জল বৰা 


Sunday, 26 August 2018

ঐতিহ্যমণ্ডিত মাজুলী ( শ্ৰী মানস প্ৰতীম হাজৰিকা )


 অসমৰ অবিভক্ত যোৰহাট জিলাৰ উত্তৰ দিশত বৰলুইতৰ বিশাল জলৰাশিৰ বুকুত অৱস্থিত  "মাজুলী"।ধৰাৰ বুকুত পৃথিৱীৰ বৃহত্তম নদীদ্বীপ হিচাপে চিহ্নিত মাজুলী প্ৰখ্যাত হোৱাৰ উপৰি অসমীয়া সাহিত্য-সংস্কৃতিৰ অন্যতম পীঠভূমি। মাজুলী নদীৰ গৰ্ভতেই জন্ম আৰু হয়তো এদিন বিলীন হৈ যাব নদীৰ গৰ্ভতেই। বৰলুইতৰ বুকুত উমাল পৰশ লৈ সত্ৰ-সংস্কৃতি চহকী কৰি ক্ষত-বিক্ষত দেহা লৈ বছৰ ধৰি মানুহক যাদুকৰী মোহনীয় ৰূপেৰে জীয়াই ৰাখিছে মাজুলীয়েই।
    মাজুলী প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ। লুইতৰ পাৰৰ কহুৱা, ঝাওবনৰ শাৰী, লুইতৰ পাৰে পাৰে সজাই ৰখা খৰিৰ মেজি, মৃন্ময় পন্থীসকলৰ মাটিৰ চাকেৰে সমৃদ্ধ, ভক্তিধৰ্মৰ অতুলনীয় জ্যোতিৰে মহিমামণ্ডিত  মাজুলী সচাকৈয়ে এক সুন্দৰ ৰম্যভূমি। বন-বিৰিখৰ পাতে পাতে বাজি অহা ৰিব্-ৰিব্ মলয়াৰ সুৰ, বিভিন্ন চৰাই চিৰিকটিৰ বিনন্দীয়া মাত, নাম-কীৰ্তন, বৰগীত, বনগীত, বিহুগীত, বিয়ানাম, খোল-তাল, মৃদংগ, ঢোল-পেপা, দবা- শংখৰ ধ্বনি আৰু উৰুলিৰ মধুৰ ঐক্যতানে মাজুলীলৈ সকলোকে আমন্ত্ৰণ জনায়।
    কৃষ্টিৰ কঠিয়া তলি মাজুলী। বানত যদিও বিপন্ন তথাপি ইয়াত জীয়াই থকা হাজাৰজনৰ মনত বহুতো ঘাট-প্ৰতিঘাটত জন্ম হয় সুন্দৰৰ অঙ্কুৰৰনৱ নৱ পথাৰ। বাৰে ৰহণীয়া কৃষ্টি-সংস্কৃতিৰ সমাহাৰ তথা প্ৰকৃতিৰ ৰম্যভূম মাজুলীক অধিক আকৰ্ষিত কৰি তুলিছে ইয়াত বসবাস কৰা মানুহ আৰু ঋতুভেদে আহি থকা দেশ-বিদেশৰ পৰ্যটকসকলে। মাজুলীত বাস কৰা লোকসকল একতাৰ এনাজৰীৰে বান্ধ খাই আছে। কলিতা, কঙমাৰ, মিচিং, যোগী, কোচ, কৈৱৰ্ত, বামুন, আহোম আদি বিভিন্ন জনগোষ্ঠীয়ে ইয়াত মিলি-জুলি বসবাস কৰে। মাজুলীৰ মানুহৰ ধৈৰ্যশক্তি অসীম। সহজ-সৰল মানুহ বিলাকৰ আন্তৰিকতা প্ৰকাশ পাই আলহী-অতিথি আপ্যায়নৰ দ্বাৰা।   মাজুলীৰ পূৰ্বৰ মাটিকালি ১২৫৬ বৰ্গ কিলোমিটাৰ আছিল যদিও বৰ্তমান বৰলুইতৰ খহনীয়াত পৰি ৫১২ বৰ্গ কিলোমিটাৰহে ৰৈছেগৈ।  প্ৰকৃতিৰ ৰম্যভূমি সত্ৰ-সংস্কৃতিৰ ঠাহ খোৱা ভৰাল, চাৰিওফালে নিৰ্মল জলধাৰা, নিৰ্মল বতাহ আৰু জলবায়ুৰে ভৰা মাজুলী মানুহৰ স্বাস্থ্যৰ উপযোগী বসতিস্থল। শস্য-শ্যামলা ভোগালী মাজুলীৰ মাটিৰ বস্তুৰ সোৱাদ অন্য ঠাইৰ লগত তুলনা কৰিব নোৱাৰি।
    যি কাৰকৰ ওপৰত ভিত্তি কৰি "বিশ্ব ঐতিহ্য ক্ষেত্ৰ" মাজুলীয়ে নিজকে অন্তৰ্ভুক্তিৰ প্ৰয়াস কৰিছে, সম্প্ৰতি সংগ্ৰাম অব্যাহত ৰাখিছে সেই অনুপম কাৰকসমূহ '-- () মাজুলীৰ অতুলনীয় সত্ৰীয়া-সংস্কৃতিৰ সম্ভাৰ () গৰিমামণ্ডিত শ্ৰী শ্ৰী চামগুৰি সত্ৰৰ আটকধুনীয়া বিনন্দীয়া মুখাশিল্প আৰু () ইতিহাস প্ৰসিদ্ধ শালমৰা, চিনাতলীৰ বৃত্তিধাৰী কুমাৰ সকলে প্ৰাচীন কালৰে পৰা জীয়াই ৰখা ঐতিহ্যমণ্ডিত মৃৎশিল্প।
    প্ৰাকৃতিক ভাবে মাজুলী যেনেদৰে বৈচিত্ৰ্যপূৰ্ণ তেনেদৰে সাংস্কৃতিক, ৰাজনৈতিক, অৰ্থনৈতিক, ধৰ্মীয় দিশৰ পৰাও এখন বাঙ্ময় বৰ্ণিল সুন্দৰ পৃথিৱী। কথাৰে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি এইখন পৃথিৱী পৰম পুৰুষ জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। যাৰ বাবে শান্ত সামাজিক পৰিৱেশৰ এই মাজুলীক বাছি লৈছিল আধ্যাত্মিক চৰ্চাৰ উপযুক্ত স্থান হিচাপে আৰু পোনপ্ৰথমে সত্ৰখনুষ্ঠান স্থাপন কৰিছিল ধোৱাহাট বেলগুৰি থানত। তাৰ পিছত তেখেতৰ অনুগামীসকলে মাজুলীৰ বিভিন্ন স্থানত সত্ৰানুষ্ঠান গঢ় দি এক সত্ৰীয়া সংস্কৃতিৰ পৰিৱেশ গঢ়ি তোলে সৰু বৰ প্ৰায় ৬০ খন সত্ৰৰ যোগেদি। মাজুলীত অভিশাপস্বৰূপ খহনীয়াই কাঢ়ি নিয়া সংখ্যাখিনি বৰ্তমান প্ৰায় ৩৪ খন সত্ৰ আছে। ধোৱাছালা গড়, ৰাৱনাপাৰ পুখুৰী আদি ঐতিহাসিক বিশেষত্বসমূহৰ উপৰি মাজুলীত আহোম ৰজা জয়ধ্বজ সিংহ, লক্ষ্মীনাৰায়ণ সিংহ স্বৰ্গদেউৰ দিনত স্থাপন কৰা চাৰিসত্ৰ অন্যতম। বৈষ্ণৱ ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ "এটকা মহন্তৰ স্থল" মাজুলী শৰৎকালীন উৎসৱ বুলিলে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আৰু মহাপালনামৰ কথাই মনলৈ আহে। অসমীয়া জাতিৰ তিনিটা বিহু উৎসৱ অতি উলহ-মালহেৰে ইয়াত পালন কৰা হয়।
    সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী এফালে সত্ৰীয়া সংস্কৃতিৰ বাহক আৰু আনফালে সত্ৰীয়া সংস্কৃতিৰ সমণ্বয়ৰ মিলনভূমি। মাজুলীত সত্ৰীয়া নৃত্য, গীত-ভাওনা, প্ৰসংগ প্ৰনালী নিয়মিতভাবে চৰ্চা হয়। সেয়ে মাজুলী এক কথাত 'বলৈ 'লে সংস্কৃতিৰ "মনিকূট স্বৰূপ" অৰ্থাৎ মাজুলী অসমীয়া সংস্কৃতিৰ দিক নিৰ্নয়কাৰী পীঠভূমি। মাজুলীৰ সত্ৰসমূহৰ ভিতৰত মূল কেইখনমান সত্ৰ '----
() দক্ষিণপাট সত্ৰ:- মহাবাহু ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে মাজুলীৰ দক্ষিণ-পূবত ঐতিহাসিক চাৰিসত্ৰৰ অন্যতম দক্ষিণপাট সত্ৰ। উল্লেখযোগ্য যে এই সত্ৰতে পোনপ্ৰথমে ৰাসোৎসৱৰ আৰম্ভ হৈছিল। এই সত্ৰত ৰজাদিনীয়া আপুৰুগীয়া সম্পদ, -অলংকাৰ, তাম্ৰ-পত্ৰ, পুথি আদি চাবলগীয়া সম্পদ আছে আৰু এইবোৰ চাবলৈ বহু দেশী-বিদেশী পৰ্যটক আহে।
() বেঙেনাআটী সত্ৰ:- ৰাজ অনুগ্ৰহ লাভ কৰা এই সত্ৰৰ আপুৰুগীয়া সম্পদসমূহেই প্ৰাচীন ঐতিহ্য বহন কৰাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰৰূপে পৰিগণিত হৈছে। পুৰুষোত্তম ঠাকুৰৰ আজ্ঞাপৰ বাৰজনীয়া মূৰাৰীদেৱৰ দ্বাৰা এই সত্ৰ স্থাপিত হৈছিল। এই সত্ৰৰ 'ফাগুৱা' উৎসৱে এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে।
() চামগুৰি সত্ৰ:- আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহ্ই ১৯৬৩ চনত 'চক্ৰপানিক' মাজুলীৰ জাহাজ ঘাটৰ চামগুৰি সত্ৰ পাতি দিয়ে। চামগুৰি সত্ৰৰ শিল্পকলাৰ নিদৰ্শন চালে চকুৰোৱা। এই সত্ৰৰ পৌৰাণিক, আধুনিক চিত্ৰকলা আৰু ভাস্কৰ্যৰ নিদৰ্শনে দেশ-বিদেশৰ পৰ্যটকৰ মন মুহিবলৈ সক্ষম হৈছে। বাহ বেতেৰে তৈয়াৰী  ভিন্ন প্ৰকাৰৰ মঙখা শিল্প এই অঞ্চলটোৰে এক উল্লেখনীয় শিল্প।
() গড়মূৰ সত্ৰ:-ৰজাঘৰীয়া চাৰিসত্ৰৰ অন্যতম গড়মূৰ সত্ৰ। এই সত্ৰৰ বৈশিষ্ট্য ' ভাৰতৰ স্বাধীনতা সংগ্ৰামত জপিয়াই পৰা বৈষ্ণৱসকলৰ উপৰি স্বৰ্গীয় পীতাম্বৰদেৱৰ মহৎ কৃতিত্বসমূহ।এই সত্ৰৰো পৰ্যটকক আকৰ্ষণ কৰাৰ কিছু সমল আছে এই সত্ৰত পৌৰাণিক সম্পদৰ ভিতৰত বৃন্দাবনী বস্ত্ৰ, সচিত্ৰ ভাগৱত, দোলা, কামান, 'হৰ শিং, বেতৰ সফুৰা, বহুতো আপুৰুগীয়া পুথি, নামঘৰৰ চৌপাশে থকা পুৰণিকলীয়া বৃক্ষ, বংশীগোপাল নাট্যমন্দিৰ, জয়ধ্বজ সিংহৰ আমোলত ৰোৱা চম্পাফুল আৰু বকুলফুলৰ গছজোপা পৰ্যটকৰ বাবে আকৰ্ষণীয় সমল।
() আউনীআটি সত্ৰ:- মাজুলীৰ চাৰিসত্ৰৰে এখন গুৰুত্বপূৰ্ণ সত্ৰ ' আউনীআটি সত্ৰ। পৰ্যটকৰ বাবে অতি আকৰ্ষণীয় এই সত্ৰৰ কেইটামান উল্লেখযোগ্য দিশ ' ইয়াত অনুষ্ঠিত হোৱা কাতি মাহৰ আকাশবন্তি আৰু পালনাম, সত্ৰীয়া নৃত্য, পুতলা নাচ, ওজা পালি, বহুতো সাচিপাতৰ পুথি, চৰিত পুথি আদি এই সত্ৰত থূপ খাই আছে। অপৰূপ ৰং- তুলিকাৰে আকি থোৱা ছবিৰ সৈতে 'হস্তী বিদ্যাৰ্ণব' পুথিখনি চাবলগীয়া তাৎপৰ্যপূৰ্ণ পুথি। a সত্ৰৰ নৃত্য্-গীত ,নাম-প্ৰসংগ ,গায়ন-বায়ন, তিথি-পাৰ্বন, নাট্যাভিনয় আদি অতিকে উপভোগ্য। এই সত্ৰ্ই বিভিন্ন দিশত ঐতিহ্যপূৰ্ণ সুনাম অৰ্জন কৰিছে। বছৰি এই সত্ৰলৈ বহুতো বৈষ্ণৱপ্ৰাণ ভকতৰ উপৰি দেশ-বিদেশৰ ভ্ৰমণকাৰীৰ আগমন হয়।
    ইতিহাসে গৰকা নদীৰে পৰিবেষ্টিত তথা বৈষ্ণৱ ধৰ্ম সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ "এটকা মহন্তৰ স্থল" মাজুলী লোক সংস্কৃতিৰ উৰ্বৰা ভৰাল। মাজুলীত বাস কৰা লোকসকলক সত্ৰসমূহৰ প্ৰচলিত নীতি-নিয়মে আধ্যাত্মিক দিশটোৰ প্ৰতি বেছি আকৰ্ষিত কৰে। কেৱল বাস কৰা লোকসকলৰ বাবেই নহয় সমগ্ৰ ভাৰত তথা বিশ্বৰ সাংস্কৃতিক কেন্দ্ৰ হিচাপে বিশ্বৰ দৰবাৰত মাজুলীয়ে এক বিশেষ স্থান পাই আহিছে। মাজুলী গোটেই বিশ্বৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তৎসত্বেও মাজুলী সম্প্ৰতি বিপৰ্যস্ত। বিভিন্ন ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত বৃহত্তম নদীদ্বীপ মাজুলীৰ অস্তিত্ব এটি এটিকৈ লীন ' ধৰিছে বিশাল মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত। বৃহত্তম নদীদ্বীপ আৰু সত্ৰীয়া পীঠস্থানক লৈ এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুত তাণ্ডৱলীলাৰ সৃষ্টি ' ধৰিছে আৰু বাৰিষাৰ বানৰ নামত এতিয়া মাজুলীবাসী ৰাইজ ভয়ত কম্পমান। তথাপিও এই সকলোবোৰ দুৰ্যোগ সমস্যাক আওকান কৰি সংস্কৃতিপ্ৰেমী মাজুলীবাসীয়ে নিজৰ সংস্কৃতিক ধৰি ৰখাৰ ক্ষেত্ৰত অলপো বিচলিত হোৱা নাই।


  
 শ্ৰী মানস প্ৰতীম হাজৰিকা
 মাজুলী