বেটুপাত

বেটুপাত

Tuesday, 26 June 2018

যন্ত্ৰণা ( নয়নমণি দত্ত )



      পুৱাৰ কোমল 'দজাকৰ সৈতে কথা নপতা কিমান দিন যে ' ।আগতে যে কিমান কথা পাতিছিলো।আহ.... ভাবিলেই ভাল লাগি যায়।পুৱাৰ 'দজাকৰ সৈতে কথা পাতিবলৈ কিমান যে সোনকালে বিচনা এৰি গাতে গা লগাই সেউজীয়া পাতৰ আঁৰে আঁৰে কুক-ভা কৰি কথা পাতিবলৈ দৌৰি আহিছিলো আজিও মনত পৰে....

কিন্ত আজিকালি সময় '....চকুকেইটা মোহাৰি কেৱল পেটটোলৈহে চিন্তা।দিনটোলৈ বুলি কিবা এটা কৰি নানিলে দেখোন ৰাতি পানী টুপিৰেই পেটৰ ভোক মাৰিব লগা হয়.....
....গোটেই অঞ্চলটোৰ পৰা অহা জাবৰৰ 'মেৰে হেঁচি ধৰা পুখুৰীটোৰ ওচৰলৈ গৈ মালতীয়ে মুখখন ধুই আহি ফটা ছিটা পলিথিনেৰে আৱৰি থকা তাইৰ মৰমৰ সৰু জুপুৰিটোলৈ আহি বস্তাৰে বনোৱা তাইৰ সেই সৰু বিচনাখনৰ কাষতে থকা প্লাষ্টিকৰ বস্তাটো কান্ধতে লৈ তাই '-' পেলনীয় বিভিন্ন ধৰণৰ বটল,লোহা আদিবোৰ বুটলিবলৈ বুলি একো নোখোৱাকৈয়ে দিনটোলৈ বুলি ওলাই যায়.....

........মালতীৰ আজিও মনত পৰে মাক-দেউতাকলৈ।যদিও মালতীহঁত এই সৰু জুপুৰিটোতে দিন কটাইছিল তাইক কোনো দিনেই এই কামলৈ মাক দেউতাকে নিয়া নাছিল আৰু কৰিবও দিয়া নাছিল।তাইক যেনেকৈ পাৰে তেনেকৈয়ে পঢ়ুৱাবলৈহে মাক দেউতাকে চেষ্টা কৰিছিল।মালতী দুশ্ৰেণীমান গৈছিলেও।খুব সম্ভৱ তৃতীয় শ্ৰেণীলৈকে।কিন্ত নিষ্ঠুৰ নিয়তিয়ে মালতীক সেই পথ বাছি 'বলৈ নিদিলে।মাক দেউতাকৰ অকাল মৃত্যুৱে তাইৰ জীৱনলৈ যেন অন্ধকাৰহে নমালে.....মালতীৰ আইতাকে যদিও তাইৰ মাক দেউতাকৰ অভাৱ পূৰণ কৰিছিল কিন্ত পেটৰ অভাৱ দূৰ কৰিব পৰা নাছিল আৰু সেইবাবে আইতাকে এই পেলনীয়া বস্তুবোৰ বুটলিবলৈ বুলি যাওঁতে মালতীকো লগত লৈ গৈছিল।লাহে লাহে আইতাকৰো দেহা পৰি আহি এদিন তেওঁ চকু মুদিলে আৰু এই কাম কৰি কৰিয়েই আজি মালতীৰ বয়স ১৩ 'লহি....
 ......আহ.......ভৰিৰ তলুৱাত ভগা গ্লাছৰ টুকুৰা এটা সোমাই তেজ ওলোৱাতহে মালতী বাস্তৱলৈ ঘুৰি আহিল।
আহ...আহ....বৰ বিষাইছে পাই।তেজো ওলাইছে বৰকৈ....কি কৰো....তাই নিজৰ পিন্ধি থকা ফ্ৰকটোলৈ চাই কাপোৰ এডোখৰ ফালিব লৈয়ো তাই ফালিব নোৱাৰিলে।কিয়নো তাই পিন্ধি থকা চোলাটো '-' ফটা আছিল।ইফাল সিফাল চাই 'তো কাপোৰ পৰি থকা দেখা নাপাই তাই বাটৰ ধূলি অলপ লৈ ভৰিৰ তলুৱাত লগালে..........মালতীয়ে ভৰিটো লেঙেৰাই লেঙেৰাই তাই ভগা-ছিগা বস্তুবোৰ বিচৰাত লাগিল.....

উফ......বৰ পিয়াহ লাগিছে।অলপ পানীকে পোৱা 'লে।ওচৰতে থকা দোকানকেইখনলৈ চাই মালতীয়ে লেঙেৰাই লেঙেৰাই দোকানৰ কাষ পাইগৈ.......
.....দাদা....অলপ পানী দিবনি.....বৰ পিয়াহ লাগিছে।
দোকানী 'ৰাজনে তাইলৈ চাই পানী এগিলাচ দি যায়হি।
....মালতী বহি থকা ঠাইডোখৰৰ ওচৰতে দোকানখনত থকা গ্লাছৰ আলমিৰাটোতে বিভিন্ন ধৰণৰ মিঠাই সজাই থোৱা আছিল।তাকে দেখি মালতীৰ লোভৰ লগতে পেটটোৱেও কলমলাই আহিল।তাই দোকানীজনলৈ চাই কিবা এটা খাবলৈ দিব নেকি বুলি সোধাত ভেকাহি মাৰি তাইক খেদি পঠিয়াইছিল......যাহ যাহ.....মিঠাই লাগে।পইচা দিব নোৱাৰ' তাতে মিঠাই খাই ।যাহ....ইয়াৰ পৰা......
....মালতীয়ে বেগটো চোচৰাই চোচৰাই ৰাস্তাটোৰ দাঁতিতে বহি ভৰিৰ তলুৱালৈ চাই পঠিয়ালে....এতিয়াও অলপ অলপ তেজ ওলাই আছে।বিষটো অলপ অলপকৈ বাঢ়ি আহিছে আৰু ভোকত মূৰটো কিবাখন কৰিছে....মালতীয়ে বেগটো চাই কিবা এটা চিন্তা কৰিলে...
....আজি এই ভৰিটোৰ বাবেই একো এটা ভালকৈ বিচাৰিব নোৱাৰিলো।এইকেইটা দিবলৈ 'লে ৰহিমে এটকাও নিদিয়ে।সি যিহে মাতকেইটা দিয়ে তাতকৈ আজি নোযোৱাই ভাল।ইফালে ভৰিটোৰ বিষত ভালকৈ খোজ পেলাব পৰা নাই।আজি ৰাতি যেনেতেনে ভোকতে কটাব লাগিব।আহ........মালতী যেনেতেনে কৰি থিয় হৈ নিজৰ জুপুৰিটোলৈ বুলি লাহে লাহে খোজ দিয়ে।

মালতী নিজৰ জুপুৰিটোলৈ পাইহি মানে চিকিমিকি সন্ধিয়াই হৈছিল।তাই শুৱা বস্তাটোৰ কাষতে চকুৰে মনিব পৰাকৈ কিবা এটা টোপোলা পৰি থকা দেখা পালে....হয়তো কোনোবাই আধা খাই ৰাস্তালৈ বুলি দলিয়াই দিওতে তাইৰ সৰু জুপুৰিটোতে আহি পৰিছিল তাই টোপোলাটো খুলি চাই কিবা এটা গোন্ধ তাইৰ নাকত লাগিলেহি.....হয়....কোনোবাই আধা খোৱা....পাউৰুটি আৰু তেনেই এআঙুলমান পানীৰ বটল এটা.....
....মালতীয়ে নেদেখাজনলৈ সেৱা এটি জনাই তাই খোৱাত লাগিল...... তাইৰ এতিয়াহে পেটটোৱে অলপ ভাল পাইছে।তাই বস্তুবোৰ ঠিক ঠাক কৰি গাটো তাইৰ মৰমৰ বিচনাখনতে এৰি দিলে।

টোপ .....টোপ ....টোপ
.....হে হৰি....বৰষুণ...ছেহঃ.....সকলোবোৰ তিতিলে....আজি কেনেকৈ ' কি কৰি থাকিম....মালতীয়ে মূৰ খজুৱাই খজুৱাই বাহিৰলৈ ওলাই আহি চাৰিওফালে পানী দেখে।তাই ওখ ঢিপ এটাত থাকে বাবেই কোনোমতে জুপুৰিটো ঠিকেই আছে।কেৱল ওপৰৰ পৰা পানী পৰি ভিতৰখন জেপজেপীয়া হৈ পৰিছে।

মালতীয়ে বহি বহি বাহিৰৰ বৰষুণজাকলৈ চাই আছে।কিজানি বৰষুণজাক এৰেই।নাই.....বৰষুণজাক এৰাৰ নামকে লোৱা নাই ।পানী আগতকৈ বেছিহে হৈছে।তাইৰ কাষ পাবলৈ মাত্ৰ এহাতহে আছেগৈ।

' দাদা....' দাদা ....মালতীয়ে হাত এখন ডাঙি অলপ আতঁৰত থকা মানুহ এজাকলৈ চাই তাই চিঞৰি মাতিলে।কিন্ত মানুহবোৰে তাইক নেদেখাৰ ভাও জুৰি তেওঁলোকে নিজক লৈহে ব্যস্ত আছিল।লাহে লাহে পানী বাঢ়ি আহি মালতীৰ কঁকাল পালেহি।তাইক তাইৰ জুপুৰিটোৰ পৰা উলিয়াই নিবলৈ মানুহজাকলৈ চাই তাই চিঞৰিছে যদিও কোনেও তাইক নিবলৈ অহা।মাথো দূৰৈৰ পৰা চাইহে পঠিয়াইছে.......

এটা সময়ত চিঞৰি চিঞৰি মালতীৰ মাত নোহোৱা হৈ পৰিছে।বৰষুণৰ পানীৰ সৈতে তাইৰ চকুৰ পানী একাকাৰ হৈ পৰিছে।কিন্ত তাইৰ চকুৰ পানী কোনেও দেখা নাই।আজি যিমান দুখ,যন্ত্ৰনা এই সমাজৰ শিক্ষিত,বৰ বৰ লোকসকলৰ পৰা পাইছে হয়তো তাই ভৰিৰ তলুৱাত পোৱা বিষৰ পৰাও ইমান যন্ত্ৰনা পোৱা নাছিল।এইয়াই হৈছে আজিৰ সমাজৰ এচাম লোকসকলৰ কলুষিত মন......
কথাবোৰ ভাবি থাকোতে তাই যেন আৰু আগলৈ যাব নোৱাৰিছে এনে অনুভৱ কৰিলে .....মালতী আগলৈ যিমানেই আগবাঢ়িছে পানী সিমানেই বেছি হৈ আহিছে।লাহে লাহে মালতী পানী মাজলৈ সোমাই যাব ধৰিছে...

 আজিও মালতীয়ে নেদেখা জনলৈ সেৱা জনাইছে..... পুৱাৰ কোমল 'দজাকে আহি সেউজীয়া পাতৰ আঁৰে আঁৰে তাইৰ সৈতে কথা পাতেহি যেন   ......

লাহে লাহে সকলো সমান হৈ পৰিছিল। মালতীৰ প্ৰাৰ্থনাও নেদেখাজনে শুনিছিল।পুৱাৰ কোমল 'দজাকৰ সৈতে লুকাভাকু খেলিবলৈ মালতী তেতিয়া বৰ শান্তৰে শুই পৰিছিল.......

                             


নয়নমণি দত্ত,
ঢুলীয়াপাৰ, শিৱসাগৰ

No comments:

Post a Comment