বেটুপাত

বেটুপাত

Tuesday, 26 June 2018

শ্ৰুতলিপি ( মদাৰজ্যোতি কছাৰী)


 আৰু ইমানতেই শেষ
ইমানতে শেষ এক ক্ষুদ্ৰাতিক্ষুদ্ৰ জীৱন
ভৱিষ্যত আৰু উৎসৱ ।। নৈমিত্তিক হৃদয়
কাণ থিয় গৰাটোৰ পাৰতে তৰি দিছো
এখন চালি
তাত নিতৌ উশাহ শপত জী উঠে
আৰু দিবাস্বপ্ন........

দৈনিক কথা নহয় এয়া
পোহৰৰ তে পঞ্চামৃত উগাৰে
হাতত আঁকে পুৰৈ ৰং
কেঁচা কলপতীয়া অথবা ঘন
জেওৰা জপনা তৰে
আৰু বান্ধে শশ্মানৰ ফালে যোৱা এটা বাট

প্ৰেমিকজন সদায় আহে
বুকুত সংগোপনে লৈ আহে বৰ্ষাকুটীৰ এটি
আবেলি
তাইৰ খোপাত তাৰেই পীৰিটি দেখিলো
প্ৰতি সন্ধিয়াত কাজল আঁকে দুচকুত

সৰিয়হ ফুটাদি ফুটিছে আকাশ
দেহত জুই জ্বলিছে
বতাহত কামনাৰ গোন্ধ
বোধহয় তাই এইফালেই আহি আছে......


মদাৰজ্যোতি কছাৰী

No comments:

Post a Comment