বেটুপাত

বেটুপাত

Friday, 29 June 2018

জীৱনৰ চাকনৈয়া ( ৰিম্পী গগৈ )


 সেইদিনাআইয়েচৰাইদেউগমৰা কুঁৱৰী বিয়ালৈ গৈছিল বিয়াঘৰতশেৱালীমনোমতীহঁতক লগ পাইছিল সিঁহতিয়ে তেওঁকপৃথিৱীৰ অসুখ খবৰটো দিছিল তাইৰ বোলে অচিন অসুখ হৈছে ডাক্তৰেও বেমাৰটো চিনিব পৰা নাই এৰা, পৃথিৱীজনীৰজীৱনৰ বাটতকমখন ঘাট-প্ৰতিঘাট পাৰহৈ অহা নাই এতিয়া সেইবোৰ বলৈ লে এখনবহল ব্যাকৰণ

মোৰ শৈশৱ মোৰ কৈশোৰপৃথিৱীৰ লগতেই পাৰ হৈছিল কেতিয়াবাএৰি অহা দিনবোৰলৈ বৰকৈ মনত পৰে জুনুকা, “নোমলহঁতৰ লগত আমিস্বপ্নৰ ৰেলগাড়ী উঠিপশ্চিমৰ পম খেদিশীতৰ শেহত বৰফৰ দেশতউপস্থিত হৈছিলো আৰু তাতবৰফৰ ঘৰসাজিছিলো কেতিয়াবা আকৌটাইটানিক উঠিঅন্ধকাৰ মহাদেশৰ মাজেৰেদেশ-দেশান্তৰঘূৰিছিলো এইবোৰ এতিয়াসাধুকথাৰ কুকি

সুগন্ধি পখিলাখেদা বয়সতে পৃথিৱীৰ মাকস্বৰ্ণলতা ইহ সংসাৰ ত্যাগ কৰিছিল সেই সময়ত দেউতাকোবন্দুকাবেহাৰলৈ গৈছিল দেউতাক আৰু আইতাকে তাইক বহুতমৰমকৰিছিল বুঢ়ী আইৰ সাধুশুনি তাইৰ শৈশৱ পাৰ হৈছিল আইতাকে তাইককপিলীপৰীয়া সাধু কৈছিল তথাপিও মাকৰ অবিহনে পৃথিৱীআকলশৰীয়াআছিল মজিয়াৰ পৰা মেজলৈতাই মাকৰপ্ৰতিমাদেখিছিল

যৌৱনৰ আদিম পুৱাত তাইবৃকোদৰ বৰুৱাৰ বিয়াফেৰেংগাদাও লগ পাইছিল তাৰ পাছত তেওঁৰ লগতপৃথিৱীৰ প্ৰেমহয় তেতিয়া এনে লাগিছিল যেন আগত সেইপৃথিৱীৰ হাঁহিঘূৰি আহিছিল কিন্তু এদিন সেই প্ৰেমৰবেলি মাৰ

এদিননাহৰৰ নিৰিবিলি ছাঁ বহি সিঁহত হালে প্ৰেম কৰি থাকোতেনামঘৰীয়াককাই সিহঁত দুইটাকে দেখা পাইছিল ককাই তাইৰ দেউতাকলিটিকাইখুৰাক সিঁহত দুটাৰ গোপন প্ৰেমৰ গোচৰ দিছিল পৃথিৱী আছিলমিৰি জীয়ৰীআৰুফেৰেংগাদাওনগা যুৱক সেয়ে তাইৰমৰমৰ দেউতাকে কথাতো শুনিমামৰে ধৰা তৰোৱাললৈ তাইক কাটিবলৈ লৈছিল এনেদৰে যন্ত্ৰণাত পৃথিৱীয়ে বহু কেইটাঅশান্ত প্ৰহৰপাৰ কৰিছিল। এদিনলোক কল্পদৃষ্টি পৰা আঁতৰি  আমাৰ গাওঁএৰি তাই দেউতাকৰ লগত চহৰৰভাড়াঘৰ থাকিবলৈ গুচি তাৰ পাছত তাইক বিয়া দিবৰ বাবে দেউতাকেমানুহ বিচাৰিহাবাথুৰি খাইছিল। কিন্তু তাইৰ বিয়া নহল। এনেদৰে দুখন হৃদয়ৰ শেষ পৰিণতি বিশ্বেদেৰে ঘটিল। সেই সময়ৰ মানুহবোৰআজিৰ মানুহনাছিল সেয়ে সেই সময়ৰ মানুহখিনিয়ে জাত-পাতৰ বিচাৰ কৰি দুটাকৈ জীৱন ধ্বংস কৰি দিলে সিঁহতি নাভাবিলে যে জাত-পাততকৈ মানুহৰ মনটো মিলাটোহে মুখ্য কথা

(বি.দ্ৰ~উৰ্ধ কমাৰ ভিতৰত থকা নামটোৰ একো একোখন গ্ৰন্থৰ নাম)

ৰিম্পী গগৈ
জগন্নাথ বৰুৱা মহাবিদ্যালয়

No comments:

Post a Comment