বেটুপাত

বেটুপাত

Tuesday, 26 June 2018

ধুমুহাৰ পক্ষত (প্ৰণীতা ৰাণী বৰা)


ধুমুহাবোৰ নহা 'লে উমান পোৱা নগ' হেঁতেন বহু কথাৰ
মাৰ চকুলোৰ দাম
 অথবা
দেউতাৰ সংগ্ৰামৰ মূল্য|
কেৱল বৰষুণে জীপাল কৰিব নোৱাৰে ধৰনী,
' জাকে নানিবও পাৰে হেঁপাহৰ চিঠিখন
ধুমুহাত তচ-নচ হৈও
প্ৰতি ৰজনী ছবি আঁকো
ৰূপান্তৰৰ
সুৰুযমূখী আকাশৰ ,
প্ৰভাতী পক্ষীৰ প্ৰসাৰিত  ডেউকাৰ
দিগন্তৰ সন্ধানৰ
সঁচাই,ধুমুহাই দি যায় বহুকিবা|

প্ৰণীতা ৰাণী বৰা
যোৰহাট

No comments:

Post a Comment