বেটুপাত

বেটুপাত

Tuesday, 26 June 2018

প্ৰেমে নামানে কোনো বাধা (মধুচন্দ্ৰা বৰুৱা)


   
            প্ৰেমে নামানে কোনো বাধা/প্ৰেম জীৱনৰ সন্জীৱনী সুধা/প্ৰেমে নামানে কোনো বয়স/নামানে কোনো জাতিকুল/ বৈ থাকে নিশব্দে নিৰৱে/প্ৰেম এক ফল্গুধাৰা.   
            প্ৰেম হয়তো এনেকুৱাই যিয়ে ভালপোৱা গৰাকীৰ প্ৰতি নিজৰ কষ্টকো তুচ্ছ কৰি যিকোনো কৰিবলৈ সাহস দিয়ে, শকতি দিয়ে.অন্তৰত থকা প্ৰেম ভালপোৱা সুগভীৰ 'লেহে প্ৰেমাস্পদৰ কাৰণে বছৰ বছৰ ধৰি অপেক্ষা কৰে।আজি  আমোলাপটি নামঘৰত পুৱাৰ পৰাই উথপথপ। এখন অসাধাৰণ বিয়া আছে।আজি ৭০ বছৰীয়া হৰেশ ককা আৰু ৬২ বছৰীয়া হেমাংগিনী আইতাৰ প্ৰেম বিয়া। দুয়ো দুয়োকে ৫৫ বছৰে ভালপোৱা প্ৰেমৰ স্বীকৃতি।হয় হৰেশ ককাই ককাৰ ঘৰৰ বিপৰীতে কেইঘৰ মান আতৰৰ ঘৰটোলৈ একান্তমনে চাই থাকে সেয়া যে হেমাংগিনী আইতাৰ ঘৰ ,মোৰ মায়ে কয় আজি ৫৪ বছৰে দুয়ো দুয়োকে ভাল পাই আছে। ককা হৰেশ বিখ্যাত উকীল ৰমেন শৰ্মাৰ সৰুপুত্ৰ,তাতে গোড়া বামুণ পৰিয়ালৰ 'ৰা ,আইতা নীহকুলীয়া কৈবৰ্ত পৰিয়ালৰ জীয়ৰী।সেয়েহে ঘৰৰ মানুহে স্বীকৃতি নিদিয়ে।সময় বৰ গতিশীল কাৰোবাবে ৰৈ নাথাকে। বছৰ বাগৰি যায় ককাৰ ভাই ককাই ভনী সকলো নিজৰ সংসাৰ লৈ ব্যস্ত ,সেইদৰে আইতাৰো ঘৰৰ মানুহ নিজকলৈ ব্যস্ত.তথাপি দুয়ো দুয়োৰে বাবে অপেক্ষাৰত। . সন্ধিয়া দুয়ো মথাউৰিত বহি সুখ-দুখৰ বতৰা লয়। হৰেশ ককা এতিয়াও সুন্দৰ স্বাস্হ্যপাতিৰ আইতাও নাকে চকুৱে জাকত জিলিকা।আইতা গাত কাপোৰ লোৱাৰপৰাই হেনো ককাই প্ৰেমৰ প্ৰস্তাৱ দিছিল ।ককাই কৰ্টত চাকৰি কৰিছিল,আইতা আছিল প্ৰাইমেৰী স্কুলৰ শিক্ষয়িত্ৰী।আইতাও কম জেদী নহয় বহুত লৰাই বিয়া কৰাবলৈ আহিছিল যদিও ককাক চাই,চাই জীৱনটো পাৰ কৰাৰ সিদ্ধান্ত লয়। সময়ৰ টিকনিডাল বৰ খৰকৈ যায়,ককাই অকলে ৰন্ধাবঢ়া কৰি খায় চাকৰিৰ পৰা ৰিটায়াৰ হয়।আইতাও চাকৰিৰ পৰা অৱসৰ লয়। বয়স হোৱাৰ বাবে বয়সেও অসুখীয়া কৰিছে,আইতা অসহায় হৈ পৰিছে। সেয়েহে ককাই জীৱনৰ শেষদিনকেইটা একেলগে কটাবৰ বাবে ৰাইজৰ সহাৰিত অনাগত দিনবোৰ পাৰ কৰাৰ শেষ সিদ্ধান্ত লয় এই বহাগৰ বিশেষ দিনটো ,সেয়েহে আজি উদুলি মুদুলী ৰাজহুৱা নামঘৰৰ পদুলী।.সচাঁই প্ৰেম চিৰন্তন,প্ৰেমে দিয়ে জীৱনক অনন্য মাত্ৰা।.প্ৰেমে নামানে বয়স/নামানে সময়/নামানে একো বাধা।.মনৰ মাজত বাঁহ বান্ধি থকা বহু কথাইটো একেই আছে,সময়েও সলনি কৰিব পৰা নাই,সচঁ প্ৰেমত  সৌন্দৰ্য্য গৌণ হৈ পৰে। ককা আইতাৰ মূখত আজি সৰগীয় হাহিঁ দুখন সঁচা হৃদয় লগ হোৱাৰ হেপাঁহত.


মধুচন্দ্ৰা বৰুৱা
ডিব্ৰুগড়

No comments:

Post a Comment