বেটুপাত

বেটুপাত

Tuesday, 26 June 2018

তেওঁ নাৰী ( জিতুল কলিতা)


নিঃশব্দে ক্ৰাস কৰা সপোনসনা দুচকু
আচলৰ কোনত ক্ৰন্দনৰ চহৰ
মাহে গৰ্ভত ৰাখি যুদ্ধকৰে
ভবিষ্যতৰ সতে..
তথাপিও হাঁহি এটি দি যায়
হেজাৰজনৰ নিমাখিত মুখনিত
কিয়নো... তেওঁ নাৰী.. তেওঁ মা
.
.
.
ডিজিটেল দেশৰ চমকপ্ৰদ চৌহদ
জিলিকি ৰয় কাকতে কাকতে
কিন্তু আজিও
স্বাধীন দেশত লাঞ্চিত তেওঁৰ ভূষন
কিয়নো তেওঁ নাৰী..
গভীৰ নিশাত আঁচুৰি কৰিছোঁ বলাৎকাৰ
তথাপিও জয় মোৰ দেশ
কিয়নো তথাপিও আজিও বাজে
বেটি বচাও বেটি পঢ়াও আদেশ।।
.
.
.
তাচ্ছিল্যতাত লজ্জিত তেওঁ
কেতিয়াবা ধৰ্মীয় সত্বাত 
অথবা এধানি আশাৰে অট্টালিকা সাজে
বুকুত হেজাৰ ক্ষোভ লৈ
তথাপিও জীয়াই থাকিবলৈ শিকাই যায়
কিয়নো তেওঁ অনন্যা
তেওঁ নাৰী।।
.
.
.
সন্তানৰ হেনো পৰীক্ষা চাপিছে
তেওঁৰে দেখোন হৃদয় উচুপিছে
নিৰৱে নিথৰে ৰৈ আছে সন্তানৰ কাষৰত
কিয়নো এদিন হেজাৰটা চকুপালৰ মূল্য দিব সন্তানে
হেজাৰ হাঁহিৰ সৈতে।
মনত হেজাৰ ক্ষোভ.. . বুকুত হেজাৰ সপোন
কিয়নো তেওঁ মা..
তেওঁ নাৰী ।।
.
.
.
শিক্ষিত পুত্ৰ আজি সাততলা ডিগ্ৰীৰ অট্টালিকাত
মাতৃৰ হেজাৰ কষ্টৰ চকুপানীৰ অৰ্থ
এটি এটিকৈ দি যায়
মাতৃৰ সপোনৰ হাঁহিটিৰে নহয়
সন্তানে দি যায় চকুপানীৰ বিনিময়ত চকুপানী।
এদিন হঠাৎ..
 নিজ গৃহৰ পৰা বঞ্চিত হৈ যায়
কিন্তু তেওঁ.. হাঁহিমুখে জীয়াই যায়
কিয়নো তেওঁ মা...
তেও নাৰী।।
.
.
.
নিৰ্লজ্জতাৰ পৰশত বুটাম ছিঙি
নিশেষ কৰা সপোনৰ পৃষ্ঠাত
ধুব পাৰিবনে তেওঁৰ সপোনৰ ৰঙা দাগ?
কিহৰে নুমাব সেই ডাগ..
'...
নিষিক্ত হয় অগ্নিৰ সৈতে দি যায়
নিজৰ সতীত্বতাৰ পৰিচয়
অথবা
বীৰ গিৰীয়েকৰ বাবে বিক্ৰী হয়
সমাজৰ ৰাজসভাত নিজৰ দেহৰ সন্মান।
.
.
.
বিধৱাৰ হোৱাৰ দিনাই
বুঢ়া আঙুলিৰে ধুই পেলাই শিৰৰ সেন্দুৰ
শিক্ষিত সমাজত হৈ যায় কুলক্ষণীৰ বিষন্নতা
ৰক্তাক্ত সপোনৰ দেহত আঁচুৰি পিন্ধাই
বৈষম্য সমাজৰ এজোপা বগা সাজ
তথাপিও তেওঁৰ প্ৰতিবন্ধকতাই গ্ৰাস কৰা সমাজত
নিৰৱেই জীয়াই যায়
কিয়নো তাই নাৰী।
.
.
.
নিয়ৰিত বানপানীত উটি যায়
সমস্ত সপোন..
মচি পেলাই নিজৰ সপোন আনৰ বাবে
তথাপিও কিবা যেন হাঁহি এটি বিৰিঙি যায়
নিৰৱে নিতালে.. যেন এক প্ৰশ্নবোধক।
সেয়ে হেজাৰজনী মোৰ আই
যাৰ বাবে আজিও মোৰ প্ৰতিটো পৃষ্ঠাতে জিলিকি যায়
"নাৰী তুমি অৰ্ধ আকাশ
নাৰী তুমি অনন্যা
হে আই
মৰম নামৰ শব্দৰ তুমিয়েই উৎস
সেইবাবেই সকলো মোৰ আই।।



️ জিতুল কলিতা

No comments:

Post a Comment