বেটুপাত

বেটুপাত

Tuesday, 26 June 2018

পৰাজিতসকলৰৰ উচ্চ সংস্কৃতিও আদৰে বিজয়ী সভ্যতাই (ধীৰেণ শইকীয়া)


      আৰ্যসকল প্ৰায় 2000-1500খৃ:পূৰ্বৰ ভিতৰত ভাৰতবৰ্ষৰ উত্তৰ পশ্চিম দিশেদি(হিন্দুকোষ পৰ্বতমালা আৰু ইৰান আফগানিস্তান হৈ) আক্ৰমনকাৰী হিচাপে নহ'লেও যাযাবৰী পশুপালকৰ জীৱন একোটা লৈ মধ্য এছিয়া আৰু ইষ্টাৰ্ণ ইউৰোপ আদিৰ পৰা ভাৰতৰ সপ্তসিন্ধুৰ (সিন্ধু,বিপাশা,সৰস্বতী আদি) পাৰে পাৰে বসবাস কৰিবলৈ লৈছিল।তেতিয়া ভাৰতত আছিল অনাৰ্যসকল। তেওঁলোক স্বাধীনচিতীয়া,সাহসী আৰু উন্নত সভ্যতাৰ লোক হোৱা সত্বেও তেওঁলোকে আৰ্যসকলৰ লগত হোৱা কেইবাখনো যুদ্ধত পৰাজিত হৈছিল আৰু লাহে লাহে নিজৰ গুনৰ বলত সমগ্ৰ ভাৰতবৰ্ষতেই বিয়পি পৰিছিল আৰু পৰাজিত    অনাৰ্যসকলৰ বহু সংস্কৃতি আৰ্যসকলে 'বলৈ ধৰিছিল। চহকী সংস্কৃতিৰ গৰাকী হৈও অনাৰ্যসকলে তেওঁলোকৰ মাটি সম্পত্তি  আৰ্যসকল দি পৰ্বত পাহাৰে বসবাস কৰিব লগা হৈছিল।  আমাৰ হেম বৰুৱাদেৱেও সেয়েহে লিখিছিল: "পৰাজিতৰ উচচ সংস্কৃতিয়ে বিজয়ীৰ জীৱন জয় কৰিছিল।ভাৰতৰ আদিম অধিবাসীসকল অনাৰ্যৰ কৃষ্টি সমলে  আৰ্যৰ ভঁড়াল বহুখিনি চহকী কৰিছিল। বুৰঞ্জীসন্মত  সত্য।"আমাৰ কামাখ্যা,শিৱ,
"কালিয়া দমন" কালিনাগ আছিল অনাৰ্য। কিন্তু কালক্ৰমত আৰ্যীকৰণৰ ফলত এইসকলোবোৰেই আৰ্য হৈ পৰিছিল।একেদৰে
মাইকেনিয়ান জাতি আৰু  গ্ৰীক জাতিৰ মাজত দীৰ্ঘদিন শত্ৰুতা আছিল আৰু এটা সময়ত সিহঁত দুয়ো জাতিৰ মাজত ভয়ানক যুদ্ধও লাগিছিল। শেষলৈ মাইকেনিয়ান হাৰিল যদিও পৰাজিত মাইকেনীয়ানৰ উৰ্বৰা সংস্কৃতি ললে গ্ৰীকসকলে আৰু পিছলৈ বিশ্বৰ মাজত জনপ্ৰিয়তা লাভ কৰিলে গ্ৰীকসকলে   অৰ্থাৎ গ্ৰীকৰ বহু সংস্কৃতি বেলেগৰ হলেও ভালদৰে সেইবোৰৰ যতনেৰে সংৰক্ষণ কৰি অনুশীলন আৰু সন্মান অটুত ৰাখি কৰা অনুশীলনে গ্ৰীক জাতিক দোপতদোপে উন্নতি কৰালে। দ্ৰাবিড়সকলৰ বহু দেৱ দেৱীকো এটাসময়ত আৰ্যসকলে নিজৰ সংস্কৃতিলৈ আনিছিল। একেদৰে বাণিজ্যিকিকৰণৰ হাতোৰাত আৰু যিকোনো পৰম্পৰাগত  ষ্টাইলেৰে  নাগাই হঠাৎ ৰাইজক নতুন সোৱাদ দিবলৈ গোৱা বহু গীত মাতেই এদিন আমাৰ কৃষ্টি সংস্কৃতি বিজতৰীয়া কৰিব ধুৰূপ। সেয়েহে কেইবাগৰাকীও লোকসংগীতৰ শিল্পীয়ে কেইবাবছৰ আগতেই প্ৰতিবাদ কৰি কৈছিল :বাণিজ্যিকীকৰণ,
আনৰ সংস্কৃতিৰ অন্ধ অনুকৰন আৰু গোলকীকৰণেই আমাৰ সংস্কৃতিক এদিন অনাৰ্যসকলৰ দৰেই অৱস্থা কৰিব। উচ্চ সভ্যতাৰ গৰাকী হৈ জলসিঞ্চন প্ৰনালী, সুৰক্ষিত দুৰ্গ নিৰ্মান, সুপৰিকল্পিত নগৰ নিৰ্মান,বয়ন শিল্পৰ  বিকাশ থকা স্বত্বেও এদিন অনাৰ্যসকল লীন '  আৰ্যসকলৰ মাজত। এইবোৰ দেখি শুনি 'বলৈ মন যায়: যদিহে আজিৰ গতিৰে  আমাৰ অসমীয়া জাতিয়ে যি কৰি থাকে, স্বকীয় সংস্কৃতিৰে বিভূষিত হৈ থাকিও আমাৰ চহকী সংস্কৃতি বেলেগ জাতিৰ মাজত আচৰিতভাৱে লীন যে নাযাব তাৰ কথা কোনে ' পাৰিব? আমি বাৰে বঙলুৱা বিহুগীত গালে প্ৰনালীৱদ্ধভাৱে কৃষ্টি সংস্কৃতিৰ অনুশীলন নকৰিলে ভূপেন হাজৰিকাই কবৰ দৰে "আমি অসমীয়া নহও দুখীয়া বুলি সান্ত্বনা লভিলে নহব।আজিৰ অসমীয়াই নিজক নবচালে অসম ৰসাতলে যাব -----------------"




ধীৰেণ শইকীয়া
নুনমাটি
চন্দনপুৰ

2 comments:

  1. আৰ্যসকল ভাৰতত সোমোৱাৰ পাছত, ভাৰতত বহু আগতেই প্ৰৱেশ কৰা অষ্ট্ৰিক, দ্ৰাবিড়ীয় আৰু মঙ্গোলীয়সকলৰ সৈতে নানা ধৰণে সংঘৰ্ষত লিপ্ত হৈছিল। তেওঁলোকে লগত যি সাংস্কৃতিক উপাদান লৈ আহিছিল, সেই সমূহৰ সৈতে ভাৰতৰ অন-আৰ্যসকলৰ সাংস্কৃতিক উপাদান সমূহক অপহৰণ কৰি, নিজৰ সাংস্কৃতিক উপাদান সমূহৰ সৈতে যুক্ত কৰি, শেষত সেই সমূহক নিজৰ বুলি দাবী কৰিবলৈ ল'লে। লগতে তেওঁলোকে আনসকলৰ ওপৰত তেওঁলোকৰ সাংস্কৃতিক পৰম্পৰা আৰু উপাদান সমূহক জাপি দিবলৈ ধৰিলে। তেনে প্ৰক্ৰিয়াৰ মাজেৰেই তেওঁলোকে সৰ্বেসৰ্বা হৈ আত্ম-অহংকাৰীও হ'বলৈ ধৰিলে।

    আজিও সেই পৰম্পৰা আৰু আত্ম-অহংকাৰ অব্যাহত। নহলেনো আজি গণতন্ত্ৰৰ বৃহত্তম দেশ ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ সংবিধানখনক মনুবাদৰ ধাৰাৰে পৰিবৰ্তন হ'ব লাগে বুলি ক'ব পাৰে নে ?

    ReplyDelete
  2. আৰ্যসকল ভাৰতত সোমোৱাৰ পাছত, ভাৰতত বহু আগতেই প্ৰৱেশ কৰা অষ্ট্ৰিক, দ্ৰাবিড়ীয় আৰু মঙ্গোলীয়সকলৰ সৈতে নানা ধৰণে সংঘৰ্ষত লিপ্ত হৈছিল। তেওঁলোকে লগত যি সাংস্কৃতিক উপাদান লৈ আহিছিল, সেই সমূহৰ সৈতে ভাৰতৰ অন-আৰ্যসকলৰ সাংস্কৃতিক উপাদান সমূহক অপহৰণ কৰি, নিজৰ সাংস্কৃতিক উপাদান সমূহৰ সৈতে যুক্ত কৰি, শেষত সেই সমূহক নিজৰ বুলি দাবী কৰিবলৈ ল'লে। লগতে তেওঁলোকে আনসকলৰ ওপৰত তেওঁলোকৰ সাংস্কৃতিক পৰম্পৰা আৰু উপাদান সমূহক জাপি দিবলৈ ধৰিলে। তেনে প্ৰক্ৰিয়াৰ মাজেৰেই তেওঁলোকে সৰ্বেসৰ্বা হৈ আত্ম-অহংকাৰীও হ'বলৈ ধৰিলে।

    আজিও সেই পৰম্পৰা আৰু আত্ম-অহংকাৰ অব্যাহত। নহলেনো আজি গণতন্ত্ৰৰ বৃহত্তম দেশ ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষ সংবিধানখনক মনুবাদৰ ধাৰাৰে পৰিবৰ্তন হ'ব লাগে বুলি ক'ব পাৰে নে ?

    ReplyDelete