বেটুপাত

বেটুপাত

Tuesday, 26 June 2018

দুটি সপোন এটি ৰঙ ( ব্ৰজেন মেধি )



দুটি সপোন এটি ৰঙ

দেখিলো এজনী ছোৱালী
কলেজত
দেখিয়েই খেলি মেলি
লাগি ' মনত

দেখিলো যেতিয়াৰে পৰা
মই তোমাকে
অবুজ মনে দেখোন
তোমাকে বিচাৰি ফুৰে

ৰঙীন সপোন বুকুত বান্ধি
কলেজলৈ অাহো অাজি কালি
ৰাতিটোও পাৰ হয়
তোমাৰ কথাকে ভাৱি

ৰাতিপুৱাই সোনকালে উঠি
যাও কলেজলৈ বুলি
কলেজৰ পদূলিত থাকো ৰৈ
তুমি কেতিয়া অাহিৱা বুলি

গোপনে গোপনে চাও সদায়
তোমাকে জুমি
কেতিয়া কৱ পাৰিম মই
তোমাক ভাল পাও বুলি

এতিয়া জোনাক নিশায়ে
অাৱৰিছে মোৰ জীৱনক
এতিয়া মোৰ হৃদয়ত
সাঁচিছো তোমাৰে মৰমক

অাঁকিছো অাজি
তোমাৰে ছবি
লিখিছো কবিতা
তোমালে বুলি

ভয় লাগে কেতিয়াবা মোৰ
সময়বোৰ গৈ অাছে প্ৰতি ক্ষণে ক্ষণে
সপোনবোৰো ভাগি যাৱ নেকি
সময়ৰ লগে লগে

ভাগৰুৱা মোৰ দেহ
নিঠৰুৱা মোৰ প্ৰাণ
তাৰ মাজতে সাঁচি ৰাখিছো
দুটি সপোন এটি ৰং

এতিয়া মোৰ বুকুত অাছে
তোমাৰে ছবি
অাহিৱানে চাবলে
সেই ছবিবোৰ তুমি

ভয় লাগে কেতিয়াবা মোৰ
দু চকুত ফুলা প্ৰেমৰ ফুল
কলিতে মৰহে বুলি
দুটি সপোনৰ দুটি ৰং হয় যদি




 নাম =  ব্ৰজেন মেধি
 কামৰূপ (গ্ৰাম্য)

No comments:

Post a Comment