বেটুপাত

বেটুপাত

Tuesday, 26 June 2018

অনুগল্প ( ৰুণাস্মিতা দাস )

)মানৱীয়তা
পাণ জপাদি যাত্ৰী  জপা চিটি বাচ খনত খৰধৰকৈ উঠিল প্ৰিয়াই।ঘড়ীটো চাই তাই উচপিচাই উঠিল,চেহ: আজিও ফাৰ্ষ্ট ক্লাচ টো মিচ হৈ যাব।অলপ সময় ভিৰৰ মাজত ঠিয় হৈ তাই অনুভৱ কৰিলে পিছফালে কোনোবাই হেচুঁকিছে।কেৰাহীকৈ চাই দেখিলে এজন আদবয়সীয়া মানুহ।অস্বস্তি লাগিল তাইৰ।পাঁচ মিনিট মান তেনেকৈয়ে 'ল।আগুৱাবও পৰা নাই তাই ভিৰ ঠেলি।হঠাতে,"আৰে ভন্টি তোক দেখাই নাছিলোঁ।কলেজলৈ গৈ আছ' নেকি?…' খুৰা অকমান চাইড্ দিয়কচোন।মোৰ তাইৰ লগত কথা আছে।" মানুহ জনৰ পাছতে থকা অচিনাকি 'ৰাজনে তাইৰ পিছপিনে থিয় 'লহি।
                          
2)_সকাহ
কেচাঁ খৰিবোৰ ফুৱাঁই ফুৱাঁই ফুলবানুৱে জুই কুৰা আগবঢ়াই দিলে।হঠাৎ সিটো কোঠাৰ পৰা জাহানুৰে ফোনত ফুচফুচাই কোৱা শুনা পালে তাই।" আৰু কেইদিনমান ধৈৰ্য ধৰচোন  ৰেজিনা।এইক খেদিয়ে তোক লৈ আনিম"অলপ সময় দে মোক।তালাক টো হৈ যাওঁক।" ফুলবানুৰ দুচকুৰে লোতক বৈ আহিল।
         টি.ভি সন্মুখত বাতৰিটো লগাই বহি থকা জাহানুৰক ভাত কেইটা দি তলমুৰকৈ নিজৰ কেইটাও খাব বহিল।বাতৰিটোত বাজি উঠিল""বন্ধ ' তিনিতালাক নামৰ কু-ব্যৱস্থাটো।এতিয়াৰ পৰা কোনেওঁ কৰিব নোৱাৰিব তিনি তালাক…………" পিছৰ খিনি আৰু নুশুনিলে ফুলবানুই।তৃপ্তিৰে ভাত কেইটা খাবলৈ ধৰিলে।

)প্ৰভেদ
ৰান্ধনি বেলিটো পাতত পৰা সময়তে গাইজনীৰ পোৱালী এটা জগিল।শাহুৱেকে মাক আৰু পোৱালী দুয়োটাকে চাফা কৰি কৰি পুতেকক ' ধৰিলে " আজি দিনটো বৰ ভাল ……পুৱাই ছাগলী জনীৰ দুটাকৈ পাঠী পোৱালী 'ল।এতিয়া আকৌ গাইজনীৰো কাঢ়লী এটা 'ল।বৰ লক্ষ্মী ' এইকেইটা মোৰ।কাষতে তৃতীয়জনী ছোৱালী কেচুঁৱাটি লৈ থিয় হোৱা ৰেণুকাই মনত পেলালে,ছোৱালীটি হোৱা সময়ত শাহুৱেকৰ অবহেলাৰ চাৱনীটো।

ৰুণাস্মিতা দাস।
মৰনৈ,গোৱালপাৰা

No comments:

Post a Comment