বেটুপাত

বেটুপাত

Friday, 29 June 2018

মুখ্য সম্পাদকৰ কলমত


নমস্কাৰ পাঠকবৃন্দ……
      পোনপ্ৰথমে সুবাসৰ সমূহ পাঠকবৃন্দৰ ওচৰত আমি ক্ষমা ভিক্ষা কৰিছো।  কাৰিকৰী কিছু অসুবিধাৰ বাবে আমি যোৱা সংখ্যাৰ সংকলনটি প্ৰকাশ কৰিব নোৱাৰিলো।

      ছচিয়েল মিডিয়াৰ যোগেদি আমি আৰম্ভ কৰা সুবাস -আলোচনীখনৰ প্ৰচাৰ তথা আপোনালোকৰ উৎসাহত আমি অতিকৈ সুখী। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ডিজিটেল ভাৰতৰ সপোনৰ ফলশ্ৰুতিত আমাৰ আলোচনীখনৰ জন্ম হৈছিল। আমি চেষ্টা কৰিছো ডিজিটেল যুগত কিছু নতুনত্ব আনিবলৈ পাঠকসমাজত।
      কিন্ত ছচিয়েল মিডিয়াই যে বহুতৰ বাবে মৃত্যুদূত হৈ আহিছে তাতে আমি সংকিত। যোৱা কেইদিনত ছচিয়েল মিডিয়াৰ অপব্যৱহাৰৰ বাবে অসমত তথা ভাৰতত হত্যা-মাৰপিটৰ দৰে বহুকেইটা জঘন্য ঘটনা সংঘটিত হল। দায়ী কোন ইয়াৰ বাবে?? এটা ডাঙৰ প্ৰশ্ন ……!!
    ভাল -বেয়া সকলো বস্তুৰে থাকেআমি কোনটো দিশ গুৰুত্ব দিও সেইটো আচল কথা। ছচিয়েল মিডিয়া ব্যৱহাৰ কৰি বহুবোৰ ভাল কৰিব পাৰি। নেতিবাচক কথাবোৰক অৱজ্ঞা কৰি ইতিবাচক প্ৰভাৱ তথা ব্যৱহাৰক গুৰুত্ব দি আমি আগুৱাই যাব লাগে।

    এইখিনিতে যোৱা ৩১ / ০৬/ ২০১৮  তাৰিখে ইহলীলা সম্বৰণ কৰা সুবাসৰ সহ:সম্পাদক সৌৰভ জ্যোতি দত্তৰ       মাতৃ দীপামনি দত্তক আমি সুবাসৰ পৰিয়ালৰ পৰা গভীৰ শ্ৰদ্ধাঞ্জলি যাচিলো।   

     শেষত সুবাসৰ জুন মাহৰ সংকলনটি প্ৰকাশত সহায় কৰা সকলোকে ধন্যবাদ যাচি আলোচনীখন সম্পাদনাত হোৱা ভুলৰ বাবে ক্ষমা ভিক্ষাৰে আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো সুবাসৰ জুন মাহৰ সংকলনটি।




ধন্যবাদেৰে
দেৱব্ৰত শৰ্মা
মুখ্য সম্পাদক
সুবাস


No comments:

Post a Comment