বেটুপাত

বেটুপাত

Friday, 29 June 2018

আইৰ বাবে ( ৰুনু দেবী শৰ্মা)



দেশত এক তাণ্ডবনৃত্য চলিছে।
একুৰা জ্বলা জুইয়ে
খেদি ফুৰিছে সৰ্বগ্ৰাস কৰিবলৈ।
আইৰ সৰ্বশৰীৰ কপি উঠে,গোটেই নিশাই
আইৰ দুচকুৰ মুকুতা সৰে।
   থৰক বৰক খোজেৰে
সপোন ভঙাৰ শব্দ।
সূৰ্য্য উঠাৰ দেশত আজি
সলাব খোজে আইৰ নাম।
তোমাৰ গৰ্ভত থাকি তোমাৰেই দূগ্ধ পান কৰি
তোমাকেই এঘৰীয়া কৰে।
বিদেশী স্বদেশী ,ল।
ইয়াত তাহানিৰ লাচিত
কনকলতা,মূলাগাভৰু নাই , হাতত হেংডাং লৈ
বীৰ লাচিতৰ দৰে ,
পাৰিবানে মোৰ ভাই-ভণী,পুত্ৰসকল !
এৰাতিৰ ভিতৰতে
গড় সাজি আইক মুক্ত
   কৰিব?
পাৰিবানে ককালত টঙালি বান্ধি
বাহুবলেৰে বিদেশীৰ
হাতৰ পৰা আইক
উদ্ধাৰ কৰিব?
পাৰিবানে সংশোধনী
   কৰিব
    নাগৰিক পঞ্জী !!!


 ৰুনু দেবী শৰ্মা
       

No comments:

Post a Comment