বেটুপাত

বেটুপাত

Tuesday, 26 June 2018

ছাতি (প্ৰণৱ কুমাৰ দাস)


সেইয়া তোমাৰ মৰমৰ আৱৰণ
আৰু
দোকোলটকা বৰষুণত ঠিয় হোৱাৰ সাহস...

মূৰ শিতানৰ ফালে থকা গজালটোত
ওলমি থকা ছাতিটো নহয়,
মোৰ হাতৰ মুঠিত লাগি থকা ছাতিৰ মুঠিটোও ছাতিৰ নহয়,

সেইয়া তুমি

এই যেন চুই আছা মোক।

আজিকালি অংকবোৰ পাহৰিলোঁ

জহি যোৱা কথাবোৰ উঁই হাফলুতকৈও ওখ
ৰৈ যোৱা কথাবোৰ
এটি আন্ধাৰ গুহা।

দুখৰ ভৰত কোঙা হোৱা ছাতিটো পুৰণি ';
আজিকালি বৰষুণ সৰকে।

তোমাক ' পৰা নাই।

তথাপিও ভাল লাগে ভঙা ছাতিটো
এই যেন তুমি ছাতিটোৰ বিন্ধাইদি সৰকি
মোক চুই আছা আজিও..

ইতি

জাৰত ঠেঁটুৱৈ লগা হাড়বোৰ
গুৰি হোৱা নাই
তোমাক পাহৰিব পৰা নাই ...

প্ৰণৱ কুমাৰ দাস
জু ৰোড,গুৱাহাটী।
ফোনঃ9957467412

No comments:

Post a Comment