বেটুপাত

বেটুপাত

Tuesday, 26 June 2018

মমতা (নীৰুজা বৰা)



    বন্দনাই আজি ৰাতিপুৱা সোনকালেই শোৱাপাটি এৰিছে। অৱশ্যে অন্যদিনাও ইয়াৰ ব্যতিক্ৰম নহয়। আজি এটা বিশেষ দিন ৰাতিপুৱা ছয় বজাৰ আগেয়ে সকলো কাম কৰি শেষ কৰিছে। পায়স অলপো পগাইছে। 'ৰাদুটাই  পৰীক্ষা লৈ যোৱাৰ সময়ত খাই যাব পৰাকৈ।
 আজিৰ পৰা বন্দনাৰ 'ৰা দুটাই জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত বহিব। যদিও তাই কামবোৰ কৰি আছে, তাইৰ দেখোন বুকুখনত হেন্দোলনী এটা উঠি আছে। বজাৰ পৰা পৰীক্ষা আৰম্ভ।গতিকে আঠ বজাত সিহঁতক পঠিয়াব লাগিব। বন্দনাৰ সিহঁতৰ লগতে যাবলৈ মন আছিল। কিন্তু 'ৰা দুটাই মানা কৰিছে,"মা,আমি এতিয়া সৰু 'ৰা নহয়, চাইকেল লৈ যাম, তুমি একো চিন্তা নকৰিবা।"
       নাই তাই সিহঁতৰ কথাত মাত নামাতে। আজিকালি সিহঁতৰ কথা মতেই কাম কৰে।সিহঁত বুজন। অন্য 'ৰা ছোৱালীত কৈ বেছিকৈ বুজন। কিজানি দেউতাক নোহোৱা ঘৰ খনৰ বাবেই নেকি, সিহঁতৰ কথাবোৰো বুজন।
       পৰীক্ষালৈ ওলাই দুয়োটাই মাকৰ ভৰি চুলে। এই কথা তাই কেতিয়াও শিকোৱা নাই। কেৱল ডাঙৰৰ ভৰি চুবলৈ কেতিয়াবা সকীয়াইছিল। কিন্তু আজি তাইৰ ভৰিত হাত দিয়াত বন্দনাৰ চকুৰে দুটোপাল লোতক বৈ আহিল। দুয়োটাকে সাৱটি তাই, দেউতাকৰ ফটোৰ সন্মুখলৈ লৈ গৈ ধূপ দুডাল লগাই সেৱা  কৰালে। ধূপ দুডাল এই বাবেই লগাইছে, কাৰণ সন্মুখত দুজন দেউতাকৰ ফটো আছে। 'ৰা দুটাই এতিয়া, আৰু নোসোধে, এই দুখন ফটো কিয়? কাৰণ এই কথা সৰুতেই সিহঁতক তাই সকীয়াই থৈছিল।
      এদিন সৰুতে স্কুলৰ নতুন বাইদেউ এগৰাকীৰ প্ৰশ্নত সিহঁতে মাকক প্ৰশ্ন কৰিছিল,"মা, আজি আমাক বাইদেউ য়ে কৈছে, তহঁত দুটা ককায়েক ভায়েক নেকি, একেটা শ্ৰেণীত যে আছ?' মাকে সেইদিনাই সিহঁতক সকলো কথা খুলি কৈছিল। তেতিয়া সিহঁত কিজানি পঞ্চম শ্ৰেণীত আছিল। বাইদেউকৰ কথাত সিহঁতৰ মনতো চাগে সেমেকি উঠিল, সেইবাবেই নেকি স্কুলৰ পৰা ঘৰলৈ আহিয়েই মাকক সুধিছিল। বন্দনাই অলপ ডাঙৰ 'লে, ' বুলি ভবা কথা কেইটা সেইদিনাই কৈছিল।
     দেউতাকৰ ফটোৰ সন্মুখত সিহঁতক ৰখাই কৈছিল,"এইয়া তহঁতৰ দেউতা" সিহঁতে অবাক হৈ মাকলৈ চাইছিল, "মা , কোনজন দেউতা'
কাৰণ সন্মুখত দুজন মানুহৰ ফটো আছিল।তাই সেইদিনা সিহঁতক সাৱতি ধৰি মাথোঁ কৈছিল,"দুয়োজন তহঁতৰ দেউতা, কিন্তু তহঁতে এজনৰ নাম দেউতাকৰ নাম হিচাপে লিখিছ, সেইজন ',এই আৰ্মীৰ পোছাক পিন্ধা জন, কিন্তু আজি তহঁতক সোঁৱৰাই দিছোঁ, তহঁতৰ দেউতা দুজন, বাকী কথা তহঁতে ডাঙৰ 'লে, বুজিবি" সেইদিনাৰ পৰা সিহঁতে একো প্ৰশ্নই সুধা নাই। কিজানি ডাঙৰ হওঁতে সকলো কথা বুজি পালে, সেইবাবেই এই বিষয়টোলৈ সিহঁতে একো নকয়।
       'ৰা দুটাক পঠিয়াই, বন্দনাই ভগবানকে চিন্তিলে, বাপেক নোহোৱা 'ৰা দুটাক যাতে সুকলমে পৰীক্ষাটো পাৰ কৰাই। ভিতৰলৈ আহি বিছনা খনত বাগৰি অতীতক আকৌ এবাৰ ৰোমন্থন কৰিবলৈ মন 'ল।
    বাস্তৱ কাকতিৰ লগত তাইৰ বিয়াখন ঘৰৰ পৰাই ঠিক কৰিছিল। ধুনীয়া এজন সুঠাম যুৱক,সেনাবাহিনীৰ চাকৰিয়াল। চাকৰিলৈ সোনকালে যাব লাগে, ছুটিৰ দুমাহতে বিয়াখন ঠিকহৈ বিয়া খনো হৈ উঠিছিল। দুসপ্তাহ দুয়ো একেলগে থকাৰ পাছতে বাস্তৱৰ সুদূৰ জম্মু কাশ্মীৰ লৈ যোৱাৰ দিনটো আহি পৰিছিল। যোৱাৰ আগদিনা, বন্দনাক বুকুত সুমুৱাই কৈছিল,"জান, এইবাৰ আহিলে,তোমাক লৈ যাম, এইকেইদিন তুমি ইয়াতে থাকা, মোক বুকুতে লৈ আৰু মই তোমাক বুকুত গুজি এই সময় খিনি পাৰ কৰোঁ,, তাৰ পাছত চাবা আমি দুয়ো একেলগে থাকিম,এদিন আকৌ তিনিও ', এদিন আকৌ চাৰিও ',,,," বন্দনাই লাজত বাস্তৱৰ মুখত হাতেৰে সোপা দি মুখ লুকুৱাইছিল। কিন্তু নিয়তিৰ কালক কোনে ৰখাব পাৰিছিল, প্ৰায় এমাহ নৌহওতেই বাস্তৱ আকৌ ঘৰ লৈ ঘুৰি আহিছিল। বন্দনাক দিয়া সেই প্ৰতিশ্ৰুতিৰে নহয়, এই প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ বাস্তৱ সোঁশৰীৰে অহা নাছিল। বন্দনা বলিয়াৰ দৰে হৈ পৰিছিল সেইকেইদিনতে তাই গম পাইছিল যে, বাস্তবে তাইক কিবা এটা যাচি থৈ গৈছে, তাইক জীয়াই থকাৰ এক সম্বল, এটি ক্ষুদ্ৰ ভ্ৰূণ তাইৰ দেহত স্থিতাপী লৈছিল। শাহু আৰু শহুৰেকৰ লগতে আহিব লগা সন্তানটিৰ মায়াত তাই জীয়াই আছিল। তাইৰ শিক্ষাৰ জোখাৰে ভাৰত চৰকাৰে এটা চাকৰিৰ ব্যবস্থা কৰি দিয়াত, ঘৰখনে কিছু 'লেও সকাহ পাইছিল।
         ভাদ মাহৰ এটা দিনত এটি 'ৰা সন্তানৰ আগমন 'ল। সন্তানটি অহাৰ আনন্দ তাই, যিমানেই লাগিছিল, সিমানেই দুখবোৰে হেঁচা মাৰি ধৰিছিল। বাপেকহীন সন্তানটি জন্মদি তাই হিয়া ঢাকোৰি কান্দিছিল। কিন্তু তেনে সময়তে এটা ঘটনা ঘটিল।হস্পিটেল খনত একে দিনাই জন্ম পোৱা আন এক সন্তানৰ মাতৃৰ মৃত্যু ঘটিল। দেউতাকজন হাবাথুৰি খোৱাৰ দৰে 'ল। সেইদিনা বন্দনাই মাতৃত্বৰ এক নিদৰ্শন দাঙি ধৰিলে। সেই মাতৃহীন কান্দিথকা 'ৰা সন্তানটি নাৰ্ছৰ হাতৰ পৰা আনি নিজৰ বুকুত গুজি প্ৰাণ দিলে। সন্তানটিৰ দেউতাক জনে তাইৰ ওচৰলৈ আহি হাতযোৰ কৰি মিনতি কৰিলে যে, তেওঁ অসুখীয়া, কেইদিন এই পৃথিৱীত থাকে ঠিক নাই, তাই বাৰু সন্তানটি ৰাখিব পাৰিব নে?'
     তাই সেইদিনা ঘৰৰ সকলোৰে অমতত এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তাই দুটি সন্তানৰ  মাতৃ হোৱাৰ সাহস কৰিছিল।  ঘৰলৈ আহি সন্তান দুটিক কোলাত লৈ বাস্তৱৰ ফটোৰ  আগত মনতে কৈছিল,"চোৱা বাস্তৱ, মই তোমাৰ আশা পূৰণ কৰিলোঁ, আমি চাৰিও 'লো" কিছুদিনৰ পাছত শুনা পাইছিল, সেই দেউতাক জনৰ মৃত্যু হৈছে। তাই দুটি সন্তানক বুকুত গুজি জীৱনটো আগুৱাই আনিবলৈ প্ৰতিশ্ৰুতি বদ্ধ হৈ পৰিছিল।
       দুৱাৰ খনৰ শব্দত তাইৰ ইমান সময়ে অতীতৰ গৰাহত ঘূৰি ফুৰা মনতো উচপ খাই উঠিল। ফাগুনৰ পছোৱাৰ কোবত বন্দনাই দুখৰ মাজত এক আনন্দ লভিছিল, তাইৰ 'ৰাহাল ডাঙৰ ', তাই সিহঁতক ডাঙৰ কৰিলে, তাই আজি এগৰাকী সুখী মাতৃ।

নীৰুজা বৰা
নগাঁও

No comments:

Post a Comment