বেটুপাত

বেটুপাত

Tuesday, 26 June 2018

বেজাৰ ( মিণ্টুল হাজৰিকা )


বেজাৰত নাখায় নলৈ
ৰোহ ঘৰত ৰজাৰ পুতেক
ৰজাৰ পুতেকৰ ইচ্ছা  ভৰ দুপৰীয়াটো চোবাই  খোৱাৰ

উদং পেট 'দত শুকুৱা মানুহজনে কাঁচিয়লি পুৱাটো পূৰঠ কৰোঁতে জীৱন যৌৱন বন্ধকীত থৈছিল

ৰজাই হুকুম দিছে
-এদিম চেদিম বায়
কি হুকুম দিছে
-এদিম চেদিম বায়

ৰজাৰ হুকুম শিলৰ ৰেখা
তাতে ৰজাৰ পুতেকৰ ইচ্ছা
প্ৰজাৰ জীৱনৰ মূল্য এটা মহা শূন্য

ৰজাৰ পুতেকৰ বেজাৰত ফল লাগে
প্ৰজাৰ বেজাৰত ফল দূৰৰে কথা
আজিলৈ ফুলৰে মুখ দেখা নাই

পুনশ্চ:

ৰজাৰ পুতেকৰ ইচ্ছা পূৰণ '
দুপৰীয়াৰ শেষ চিঞৰ
আজীৱন  বাজি থাকিল
উদং পেট 'দত শুকুৱা মানুহজনৰ বুকুতখনত!

মিণ্টুল হাজৰিকা
ঠিকনা:গুৱাহাটী
দূৰভাষ:৯৭০৬৮২৯১৫৭

No comments:

Post a Comment