বাহিৰৰ সেউজীয়া ঘাঁহৰ দলিচাখন আজি যেন নকৈ বহুত
ভাল লাগি গ'ল তাইৰ
।সঁচাকৈয়ে, কিছুমান বিশেষ মুহূৰ্ত এজন ব্যক্তিৰ জীৱনলৈ এক অমূল্য উপহাৰ
হৈ আহে।এনে মূল্যবান মুহূৰ্ত বোৰক সংগোপনে হৃদয়ৰ এটা বিশেষ কোণত আলফুলে সযতনে সংৰক্ষণ কৰি ৰাখিবলৈ মন যায়।
কিছুসময়ৰ অন্তত তন্দ্ৰা
ঘূৰি আহিল তাইৰ। লগে লগে পুৱাৰ দৈনন্দিন কামখিনিৰ লগত ব্যস্ত হৈ পৰিল তাই।
ৰাতিপুৱা
জোনক সাত বজাত ৰেডি কৰি স্কুললৈ পঠিওৱা, নয়নক ন বজাত পুৱাৰ
জলপান যোগান ধৰা মুঠতে এখন শ্বাসৰুদ্ধ যুদ্ধ
হৈ পৰে পুৱাৰ সেই সময়খিনি।
আকৌ তাই নিজেও দহমান বজাত লৰালৰিকৈ কামবোৰ সামৰি কিবা এটা মুখত গুজি কলেজলৈ বুলি ৰাওনা হয়। সন্ধিয়া কোচিং ,ল'ৰাকো পঢ়োৱা
,ৰাতি ভাতৰ আয়োজন
ইত্যাদি দৈনিক কামৰ তালিকাত , মীৰাৰ জীৱনটো সীমাবদ্ধ হৈ পৰিছিল।
একমাত্ৰ পুত্ৰ জোন আৰু স্বামী নয়নৰ সৈতে মীৰাৰ, নিজৰ ঘৰ মাটিৰ সৈতে
এক সুখৰ সংসাৰ। দুয়ো গুৱাহাটী মহানগৰীতে ব্যক্তিগত দুখন মহাবিদ্যালয়ত অধ্যাপনা কৰে।
অলপতে তাই কলেজৰ সহকৰ্মী সকলৰ তাগিদাত নিজৰ ফৰ জি মোবাইলৰ
যোগেদি ,ফেচবুক জগতখনত নিজৰ নামটো সন্নিবিষ্ট কৰিলে ।
তাইৰো ভাল লাগি আহিল।পুৰণি বন্ধু বান্ধৱী সকলৰ লগত পুনৰ এক যোগসূত্ৰ স্থাপন
হবলৈ ধৰিলে।
হঠাৎ এদিন তাৰ মাজতেই চিনাকি ,প্ৰিয় চেহেৰাৰ মুখ এখনে মীৰাৰ মনৰ
দোলাত এক মৃদু আলোড়নৰ
সৃষ্টি কৰিলেহি।
তেঁও আছিল মীৰাৰ বাল্যবন্ধু পংকজ,তাইৰ জীৱনত
প্ৰথম প্ৰেমৰ সুৱাস কঢ়িয়াই অনা তাইৰ একমাত্ৰ প্ৰেমিক জন।
সেই পংকজেই যৌৱনৰ প্ৰথম পুৱাতেই প্ৰেমৰ সেন্দুৰীয়া ৰহণ সানি বুকুৰ মাজত এটা তেজাল ৰঙী সূৰ্য
হৈ দৃঢ় খোপনি পুতিছিল।প্ৰেম ছাগে তেনেকুৱাই। কৈশোৰৰ খেল ধেমালিৰ মাজেৰে যৌৱনৰ দুৱাৰদলিত কিদৰে এই দুই বন্ধুৰ
মাজত প্ৰেমে স্বত:স্ফুতভাবে পোঁখা মেলিলে ,সিহঁতে তলকিবই নোৱাৰিলে। সিহঁতে
ন ন ৰঙীন সপোন
ৰচিবলৈ আৰম্ভ কৰিলে। কিন্তু সপোনবোৰ সপোন হৈয়ে ৰল।থন ধৰি অহা প্ৰেমৰ কলিটি হঠাতে
এদিন মৰহি থাকিল। এক তৃতীয় পক্ষৰ
উপস্থিতিত উদ্ভৱ হোৱা ভূল বুজাবুজিৰ পৰিপেক্ষিতত সেই প্ৰেমে ডেউকা ভালকৈ মেলিবলৈকে সুবিধাকণ নেপালে। টেলিফোন,ইন্টাৰনেটৰ দৰে প্ৰযুক্তিৰ অভাৱত ,সেই সময়ত আঁৰে আঁৰে আঁতৰি যাব ধৰা দুয়োৰে
সম্পৰ্কত এখন বৃহৎ প্ৰাচীৰ গঢ় লৈ উঠিছিল।দুখন
পৃথক কলেজ |
,সিহঁতে তলকিবই নোৱাৰিলে।
কলেজত পঢ়ি থকা বাবেই সিহঁতৰ মাজত সৃষ্টি হোৱা ভূল বুজা বুজিৰ মীমাংসা কৰাৰ কোনো সুৰুঙাই বাকী নৰল।দশম শ্ৰেণীৰ সেই অপৈণত ভালপোৱাই পৈণত ৰূপত বিকশিত হবই নাপালে।একেখন মহানগৰীত বাস কৰা স্বতেও দুয়ো দুয়োৰে পৰা বহু দূৰলৈ আঁতৰি গ'ল।
সৌ অলপতে তাৰ
মুখখন ফেচবুকত দেখি মীৰাই তালৈ ৰিকুৱেষ্ট এটা পঠিয়ালে।দুদিনৰ অন্তত ৰিকুৱেষ্ট একচে একচেপ্তেদ।বহুত ভাল লাগিল তাইৰ ,যেন এক হেৰুওৱা সম্পদৰ
পুনৰ প্ৰাপ্তিৰহে উল্লাস সেয়া।
দেওবাৰ
সন্ধিয়াটো কিছু আজৰি হৈ মীৰাই পংকজৰ
প্ৰফাইলটো পোষ্টমাটৰৰৰ পোষ্টমৰ্টেম কৰা দি এফালৰ পৰা
চাই গ'ল।তাইৰ একালৰ
প্ৰেমিক পংকজ এতিয়া বাসৱীৰ স্বামী,কণমানী ছোৱালী সন্তানৰ পিতৃ,পেছাত এজন সুদক্ষ অভিযন্তা ।সি বতৰ্মান চাকৰীসুত্ৰে যোৰহাটত বাস কৰি আছে।পলকতে কিবা এক ঈৰ্ষাভাৱে মীৰাক
ব্যাকুল কৰি তুলিলে।তাই ৱাসবীৰ আৰু পংকজৰ আপলোদ কৰা আটাইবোৰ
ফটো জুম কৰি কিছু সময় চাই ৰ'ল ।বুকুখনত
সামান্য বিষ এটা অনুভব কৰিলে তাই। মোৱাইলটো গাৰুৰ শিতানত থৈ তাইৰ দুচকুৰে
নিগৰি অহা চকুপানীখিনিক বৈ যাবলৈ অনুমতি
দিলে ,অলপ পাতল অনুভব কৰিলে।
সোমবাৰ আবেলি তাইৰ মেছেনজাৰত এটা মেছেজ আহিল- ‘কেন আই হেভ ইয়ৰ
নম্বৰ?"
বুকুখন আকৌ কপি উঠিল তাইৰ ।কিছুপৰ সাহস গোটাই মীৰাই ফোন নম্বৰটো পংকজলৈ ছেণ্ড কৰিলে। লগে লগে তাইৰ ফোনটো বাজি উঠিল ।কঁপি উঠা সোঁ হাতখনেৰে তাই ফোনটো ৰিচিভ কৰিলে ।
পংকজৰ কণ্ঠস্বৰ যেন এক বহু দূৰৰ
নৈ পৰীয়া পথাৰত কোনোবা বিৰহী প্ৰেমিকৰ কণ্ঠৰপৰা নিগৰী অহা ৰিণিকি ৰিণিকি সুৰহে। পংকজৰ
প্ৰশ্ন –"ভালে আছানে?"
সৰলতাৰে
মীৰাই তাইৰ বতৰাখিনি দিলে । কিয়
জানো তাইৰ মনোজগতত ক্ৰিয়া কৰি থকা প্ৰশ্নটো সুধিবলৈ
মন গল।
‘তুমি কিয় মোক এৰি গৈছিলা।’ হয়,তাই শেষত
সুধি পেলালে ।
সিটো মুৰৰ পৰা পংকজত অকপট উত্তৰ –"মই
তোমাক বহু দিনলৈ পাহৰিব পৰা নাছিলো ।আমাৰ মাজত উদ্ভৱ হোৱা ভূল বুজা
- বুজিখিনি খণ্ডন কৰাৰ মই প্ৰয়াস কৰিবলৈ
বিচাৰিছিলো ,কিন্তু তোমাক লগ পাবলৈ সুযোগেই
নাপালো।তুমি –মই অজানিতে ইমান
আঁতৰি আহিলো যে ।’'
মীৰাৰ
বাকৰুদ্ধ অৱস্থা প্ৰায়। পংকজৰ
কণ্ঠ আকৌ উচ্চস্বৰে ফোনত ভাঁহি আহিল–‘হেই মীৰা ,আৰ ইউ দেয়াৰ
?’ মীৰাই অলপ নিজকে সুস্থিৰ কৰি লৈ কলে- '‘জানা,মইও বিচাৰিছিলো তোমাক ,হৃদয়ৰ এটা বিশেষ কোঠালীত সদায় সজীৱ হৈ আছিলা ।নিতৌ
কলেজ,ইউনিভাৰচিটিলৈ অহা যোৱা কৰোতে চাইছিলো তোমাক বাছৰ খিৰিকীৰ পৰা ,কিজানি তোমাৰ মুখখন দেখা পাঁও !’
পংকজে কৈ উঠিল–‘তুমিয়েই মোৰ জীৱনৰ একমাত্ৰ প্ৰেমিকা আছিলা।’ মীৰাই
আবেগিক হৈ আকৌ উচুপি
উঠিল। পংকজে
তাইক সাহ দি কলে–‘মীৰা,নাকান্দিৱা ।তোমাৰ এখন সুখৰ সংসাৰ এতিয়া, মোৰ ভাল লাগিছে তোমাক সুখী দেখি। মই আছো তোমাৰ
লগত ,এজন ভাল বন্ধু হিচাপে সদায় লগত থাকিম। ’
তাইৰ বাবে এই মুহূৰ্তখিনিয়েই আজি
হৈ পৰিল প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰ
এক দোমোজাস্বৰূপ। সামান্য
সুৰুঙাদি ভুমুকি মৰা পংকজ আজি ভাল বন্ধু হিচাপে প্ৰাপ্তি আৰু প্ৰেমিক হিচাপে ,প্ৰেমিকক স্বামী হিচাপে নোপোৱাটো জীৱনৰ এক অন্যতম অপ্ৰাপ্তি। সঁচাই
জন্ম ,মৃত্যু আৰু বিবাহ পূৰ্বনিৰ্ধাৰিত। নেদেখাজনে লিখে, আমাৰ কপালৰ লিখন।সেইবাবেই মীৰা আজি নয়নৰ আৰু পংকজ বাসবীৰ।
তাৰ বুজনিয়ে মীৰাক সাহস প্ৰদান কৰিলে।কণমানী শুই উঠা জোনৰ ফুলকুমলীয়া ‘মা’ শব্দটিত তাই বাস্তৱলৈ
ঘূৰি আহিল।হয়,এয়াই তাইৰ আজিৰ বাস্তৱ।তাই
জোনৰ মাক,নয়নৰ
ঘৈণী ,এগৰাকী দায়িত্ব শীল মহিলা ।বয়সৰ এই পৈণত পৰ্য্যায়ত
দুটা মনে নিজৰ সীমাবদ্ধতাখিনি নিশ্চয় বুজি উঠিব লাগিব ।আবেগক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হব লাগিব। ফোনটো ৰাখি তাই জোনক জোৰেৰে সাৱটি ধৰিলে। মনতো অলপ পাতল আৰু মুকলি অনুভব কৰিলে তাই ।এইখনেই তাইৰ সংসাৰ এতিয়া।জীৱনত এইখিনিকে পৰম প্ৰাপ্তি হিচাপে লৈ, আথে বেথে চাদৰৰ মসৃন আঁচলত সযতনে বান্ধি ৰাখিবলৈ চিৰ প্ৰস্তুত ।জীৱনৰ এক গোপন অধ্যায়ৰ
নাই কোনো দুখ , নাই কোনো বেদনা । আজিৰ পৰা
তাই আকৌ নিজৰ জীৱনটো গতানুগতিক ভাৱে আগুৱাই নিব,লগত থাকিব জীৱনৰ সহযাত্ৰী লগৰী স্বামী নয়ন আৰু পংকজৰ দৰে এজন সুহৃদ বন্ধু নিলগৰ।
ন প্ৰভাতৰ এটা
ন দিনত আজি আৰু নাই কোনো দুখ- বেদনা নাই কোনো প্ৰাপ্তি - অপ্ৰাপ্তিৰ অনুশোচনা ।
পংকজ
এতিয়া ওঠৰ বছৰৰ আগৰ এক প্ৰাচীন সোঁৱৰণী,
যৌৱন সমৃদ্ধ এক তজবজীয়া অতীত,
সুদীৰ্ঘ ওঠৰ বছৰৰ অন্তত স্মৃতিৰ সামান্য স্পৰ্শতে উজ্জীৱিত হোৱা এক অতীত মাথোঁ।
কৰৱী কলিতা ,
গুৱাহাটী
No comments:
Post a Comment