বেটুপাত

বেটুপাত

Monday, 16 April 2018

অণুগল্প


১)নিষাদ
:কোনে ক'ব জীৱনৰ সংজ্ঞা কি?
পাৰাপাৰ সুখ,
নে সুখ আৰু দুখ ?''
:"হাঁহিৰে হেনো জীৱন সুন্দৰ...''
:তুমি তেন্তে গঢ়ি লোৱা হাঁহিৰ জীৱন.."
:দুখবোৰে যে হাঁহি বোৰ ফুলিব নিদিয়ে।''-তলমূৰ কৰা শ্যামলৰ মুখ বৰণহীন।
ছায়াই ক'লে-
:"নেভেটিবা পথ!
এনেকৈয়ে জীৱনৰ গতি অবাধ।"
২)সময়ৰ ৰং
এনেকৈয়ে প্ৰতিটো ঋতু আহে  আৰু যায়।
ঋতুৰ অবাধ গতি বাধাহীন।
ই সলনি কৰে সকলো আৰু
জীৱনৰ ৰঙো সলায়।
তেতিয়ালৈ আইতাৰ কেৰু-মণি থুৰীয়া অচল হৈ পৰে।
ঘৰৰ মুধত থকা ককাৰ কাঠৰ পেৰাটোও হৈ পৰে অচল।সলনি হয় সকলো..মাথো সুৰ হৈ বৈ যায় এটি হৃদয় পেৰা তান।।
৩)জোখ
:ঐ,ক চোন তই মোক কিমান ভাল পাৱ' ?
:কেনেকৈ জুখিম?
:কৈ দে আন সকলোৰে দৰেই তইও ,সাগৰৰ সমান অথবা আকাশৰ সমান বুলি।"
তাই ক'লে-
:ওম..ওহোঁ,নকওঁ মই।
তই এটা কাম কৰ।
মই দিয়া বিহুৱান খনৰ সূতাবোৰ গণনা কৰচোন,
প্ৰতিডালি সূতাতেই আছে মোৰ তুলনীহীন মৰম,গভীৰ ভালপোৱা..তই তাতেই পাবি মোৰ ভালপোৱাৰ জোখ..।''

মূৰ্চ্ছনা শইকীয়া গগৈ।

No comments:

Post a Comment