বেটুপাত

বেটুপাত

Monday, 9 April 2018

তোমাৰ খিলখিল হাঁ‌হি


তোমাৰ খিলখিল হাঁহিত
দেখা পাওঁনিয়ৰৰ ফুল
আমোলমোলায় শীতল সুগন্ধি
শিহৰণে কঁপায় অবুজ ভাবনা
ৰোমাঞ্চিত হয় শাশ্বত জীৱন।
তোমাৰ খিলখিল হাঁহিত
পোখা মেলে কৃষ্ণচূড়াৰ সতেজ ছাঁ
জিৰণি লয় চঞ্চল যৌৱন
বিচাৰি পাওঁঅনুভৱৰ ৰঙা ৰং।
তোমাৰ খিলখিল হাঁহিত
আঁতৰে বিষাক্ত কীট
শব্দই স্পৰ্শিলে ঢলি পৰে শৰীৰ
থমকি ৰয় অসাধুৰ নষ্ট চৰিত্ৰ।
তোমাৰ খিলখিল হাঁহিত
পাহৰি পেলাওঁদুখৰ যন্ত্ৰণা
ডেউকা কোবাই সাৱটে শুভ্ৰ জোনাক
সপোন হৈ চুৱে আকাশ, বতাহ অথবা মত্য--
সৌন্দৰ্যৰে উজ্জ্বলি উঠে চৌদিশ
অৰ্থবহ হয় পুৱাৰ 'দালি।
ক্ৰমশঃ
গুণগুনায় প্ৰতি পল-অনুপল
মনৰ জোলোঙাত থিতাপি লয়
সোণোৱালী সুদিন।


মৃণাল
 কুমাৰ বৰা

No comments:

Post a Comment