বেটুপাত

বেটুপাত

Monday, 16 April 2018

"সম্বন্ধ"


                      সম্বন্ধ এটি মিঠাশব্দ যত লুকাই আছে মৰম,চেনেহ ,বিশ্বাস,আশ্বাস আদিৰ দৰে কোমল অথচ মধুৰ অনুভৱ!         হৃদয়ৰ সম্বন্ধহে আচল সম্বন্ধ,তাত তেজৰ সম্বন্ধ গৌণ.বিন্তি নাছে গানে পঢ়াই শুনাই সকলোতে ওস্তাদ ছোৱালী.তাই বিচাৰে সততা সহৃদয়তাৰে পূণ' নিভেজাল সম্বন্ধ.যি গঢ়িব পাৰে সম্বন্ধয়ৰ সুদৃঢ় ভেটি.সেয়েহে তাই চেণ্টমেৰিজ স্কুলৰ ফাদাৰ এজনৰ প্ৰেমত পৰে! তাই ঘৰখনৰ ডাঙৰ ছোৱালী,এজনী ভনীয়েক,দুটা ভায়েকেৰে ভৰাঘৰ.গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওচৰত ঘৰ হোৱাৰ বাবে তাহঁাতৰ ঘৰত প্ৰাইভেট হোষ্টেল দিছিল.হোষ্টেলৰ লৰা এটাৰ লগত ভনীয়েকে পলাই গৈ বিয়াত সুমায়.ভায়েক দুয়োটাই নিজৰ পচন্দত বিয়া পাতে.ভনীয়েকৰ লৰাটোক দুবছৰ বয়সতে তাইলৈ আনি চেণ্টমেৰিজত নাম লগাই দিয়ে.তাই লৰাটোক স্কুল অনা নিয়া কৰোতে ফাদাৰ জনছনৰ লগত পৰিচয় হয়ই.ফাদাৰে তাইক নিজৰ ভনীয়েকৰ দৰে মৰম কৰে তাই ফাদাৰক মনৰ সকলো কথা কয়.মাকে তাই চাকৰি কৰা ,ঘৰ চলোৱা ছোৱালী বাবে বিয়া দিব নোখোজে,সকলোৱে ভাৱে তাই সকলোতে ওস্তাদ হৈয়ো বাৰু কিয় বিয়া নহয়?                     সময়টো কাৰো বাবে ৰৈ নাথাকে,ফাদাৰ জনছন তাইৰ প্ৰতি আসক্ত হৈপৰে. বিন্তি ফাদাৰৰ জীয়েকৰ দৰে,ফাদাৰৰ লগৰ বোৰে এই বিষয়ে গম পায়. সেয়েহে তেওক অৰুণাচললৈ বদলি কৰি পঠায়.কিন্তু প্ৰেমে নামানে কোনো বাধা ,বিন্তিয়ে লগ নাপালেও ফোনেৰেই যোগাযোগ ৰাখিছে.ফাদাৰ গুৱাহাটীলৈ আহিলে দুয়ো লগ হয়,.ইফালে বিন্তিৰ ভায়েকহঁতে কথাটো গমপাই ঘৰৰপৰা ওলাই যাবলে কয়, মাৰপিটো কৰে.বাপেকৰ মৃতু্্যৰ পিছতে তায়ে ঘৰখন চলাই ,মাকজনীও যে কি আৰু ! ঘৰখনৰ বাবে ইমানখিনি কৰাৰ পিছতো তাইক পাগলী বুলিহে কয়.তাই লগৰবোৰক কান্দি,কান্দি সকলোবোৰ কয়.আজিও তাই আশাৰে বাট চাই আছে,ফাদাৰ জনছনে তাইক নিজৰ কৰি লব বুলি.জনছনেও বহুতৰপৰা অপদস্ত হৈছে.তেওও বৰ নিসঙ্গ.বিন্তি বৰ ধামি',ইশ্চৰৰ ওচৰত বিচাৰে মাথো জনছনে তাইক ভালপাই থাকক.সেয়েহে তাই অপেখ্ৰাৰত.সময়েহে দিব পৰিচয় তেওঁলোকৰ এই প্ৰেমৰ সমিধান কি?       

মধুছন্দা বৰুৱা

No comments:

Post a Comment