বেটুপাত

বেটুপাত

Tuesday, 10 April 2018

মানৱতা


বাছৰ পৰা নামি নিৰ্মলৰ বাবে অপেক্ষা কৰিলো প্ৰথম আহিছো নিৰ্মলহঁতৰ গাৱঁলৈ বাট-পথৰ চিনাকী নাই সেয়ে বাছ ষ্টেণ্ডতে অলপ পৰ ঠিয় 'লো।
__" বোপা... এইটো ৰাস্তাইদি 'লে কোন ঠাই পামগৈ..?" 
পিছফালৰ পৰা ৭০-৮০ বয়সৰ এজন মানুহৰ মাত শুনি মই ঘুৰি চাই 'লো
_" কঁকা..আপুনি ঠিক মোকেই সুধিছেনে..?" 
__ " হয়, তোমাকেই সুধিছো...জানা নেকি এই ৰাস্তাটো কোনদিশে গৈছে ?"
___ " কঁকা,,মইওঁ এই গাওঁখনলৈ নতুনকৈ আহিছো ভালকৈ চিনি জানি নাপাওঁ বেয়া নাপাব হা আপুনি সৌ তাত থকা মানুহ কেইজনক সুধক,নিশ্চয় তেওঁলোক ইয়াৰেই মানুহ "
___" লাভ নাই বোপা, লাভ নাই...আমি বুঢ়া মানুহ,,, এইমাত্ৰ সুধি আহিলো,,,ইঞ্চাল্ট কৰিলে।"
___ " মই গৈ সুধি আহো নেকি কঁকা...?"
___" নালাগে বোপা...তুমি মিচাতে লাজত পৰিব নালাগে "
           মানুহজনৰ কথাত মই ৰৈ 'লো. মই মাত 'গালো____
____" আপুনি এতিয়া ''বালৈ যাব..?"
____" আমি মাগি খোৱা মানুহ বোপা,,, ' যাম আমাৰ সঠিক ঠিকনা নাই "
    ____ "আপোনাৰ ঘৰত কোন কোন আছে কঁকা..?"
____" মোৰ এজনীয়েই ছোৱালী,,,,মাক সৰুতেই ঢুকাল এইবাৰ তাই মেট্ৰীক পৰীক্ষা দিব
____" তাইক এনেকৈ অক'লে এৰি থৈ...আপুনি ! দিন-কাল বৰ বেয়া ?"
____" আমি পাপী মানুহ বোপা,,,কাম বিচাৰি 'লে লেই লেই চেই চেই 'ৰে। সেয়ে ভীক্ষা খুজি ফুৰাৰ বাহিৰে আন একো উপায় নাই নহ'লে...দিনটো লঘোনে কটাব লাগিব যে বোপা....কেতিয়াবা কেতিয়াবা খুদা হাতেৰেওঁ উভতিব লগা হয়...."
  তেখেতৰ কথা শুনি মোৰ মনটোত অলপ নিৰৱতাই আগুৰি ধৰিলে শেষত মাত দিলো
___" আজি আপুনি ভীক্ষা পালে নে নাই..?"
___" পালো বোপা, আজি মানুহ এঘৰত সুমাইছিলো,এজন ডেকা 'ৰাই মোক চাউল কেইটামান দিছে।এসপ্তাহলৈ খুজিব নালাগে আৰু। 'ৰাজন বৰ ভাল বুজিছা,,,তোমাৰ সমনীয়াই ' "
                 সেই সময়তে নিৰ্মল উপস্থিত '. আহিয়েই মানুজনৰ ফালে চাই মাত দিলে,
____" আৰে কঁকা,,,আপুনি ইয়াত.....?"
                 মানুহজনে হাঁহি হাঁহি 'লে....,"বোপা বোপা...এইজনেই সেই 'ৰাজন মই কৈছিলো নহয় তোমাৰ সমনীয়াই ' বুলি পিছে তোমালোক দুয়োজন বন্ধু নেকি..?"
___" হয় কঁকা...এওঁ নৱ...প্ৰথম আহিছে আমাৰ গাঁৱলৈ আপুনি এতিয়াওঁ ঘৰ পোৱা নাই গৈ যে..?"___নিৰ্মলে 'লে
___ " নাই বোপা..ৰাস্তাটো পাহৰি 'লো তোমাৰ বন্ধুক লগ পাই সুধিছিলো "
           নিৰ্মলে মানুহজনক ৰাস্তাটো দেখুৱাই দি যাবলৈ 'লে মইও মোৰ বেগত অনা ফল-মূল কেইটা মানুজনৰ মোনাত ভৰাই দিলো পিছত দুয়োৰে মুখত এমুকুৰা হাঁহি বিৰিঙাই দুয়ো ঘৰলৈ খোজ দিলো পশ্চিমত বেলি লহিয়াইছিল তেতিয়া


নৱজীৎ দেউৰী


No comments:

Post a Comment