বেটুপাত

বেটুপাত

Monday, 16 April 2018

কবিতাযেন লগা তোমাৰ কথাবোৰ



তেতিয়া মোৰ মনৰ আকাশখন বিষাদৰ এচপৰা ডাৱৰে গোমা কৰি ৰাখিছিল, আৰু তাৰ পাছতেই যেন তুমি তিৰবিৰ এচমকা ৰ’দ হৈ আহিছিলা মোৰ মনৰ আকাশখনি পোহৰাই তুলিবলৈ ৷ মই হঠাৎ অহা বুলিয়েই ভাবো, মোৰ জীৱনলৈ তোমাৰ নামৰ ৰ’দ জাকৰ পোহৰ ৷ তুমি সিঁচি দিব খুজিছিলা মোৰ মন আকাশৰ চৌদিশে কেৱল তোমাৰ পোহৰ ৷ হয়তো প্ৰথম মই বিচৰা নাছিলো যদিও লাহে লাহে বিচাৰি পাইছিলো তুমি সিঁচিব খুজা পোহৰৰ খনি ৷

আচলতে লাহে লাহে মইয়ো প্ৰেমত পৰিব ধৰিছিলো তোমাৰ সেই কাব্যিক ভাষাবোৰৰ ৷ চেষ্টা কৰিছিলো তোমাৰ দৰেই কাব্যিকতাৰ ৰসন সানি উত্তৰ দিবলৈ ৷ সেয়ে হয়তো আমাৰ কথোপকথনবোৰ হৈ পৰিছিল কাব্যিক ধৰণৰ আৰু সেই কাব্যিকতাৰ পৰাই যেন লাহে লাহে প্ৰেম নামৰ বীজটোৰ বৃদ্ধি হ’বলৈ ধৰিছিল আমাৰ অজানিতে ৷ আমাৰ প্ৰেম প্ৰকাশ পাবলৈ ধৰিছিল কবিতাৰ দৰে এনেদৰে ---

🙎🏼‍♂ ভাল সময় তোমাৰ হাতলৈ আহিছে যেতিয়া কিয় আঁতৰি যাব দিছা, ধৰি ৰাখা সময় থাকোতেই ৷

🙎‍♀ চেষ্টা কৰিব লাগিব ৷

🙎🏼‍♂ ইমান মৌন কিয় ?

🙎‍♀ মৌনতাৰো ভাষা থাকে ৷

🙎🏼‍♂ বুজিব পাৰি হৃদয়ৰে, সেই ভাষাবোৰ ৷
 
🙎‍♀ তেন্তে বুজিব চেষ্টা কৰা ৷

🙎🏼‍♂ চেষ্টা কৰিম তোমাৰ মৌন ভাষাবোৰৰ অৰ্থ বুজিবলৈ ৷

🙎‍♀ বুজাব পাছতে হেৰাই যাব বুলি ভয় লাগে ৷

🙎🏼‍♂ যাবলৈ খোজোতেই ধৰি ৰাখিবা তোমাৰ দুয়োহাতৰ মুঠিত ৷

🙎‍♀ যদি নোৱাৰো ?

🙎🏼‍♂ সময়ৰ বতাহজাক বুকুত ধৰি ৰাখিবা, নিশ্চয় পাৰিবা ৷

🙎‍♀ বান্ধোন ভাঙি যায় যদি !

🙎🏼‍♂ যেতিয়া বুকুত মৰমেৰে সিঁচৰিত কৰি পেলাব তেতিয়া সেই বান্ধোন ধুমুহাই ক্ষত বিক্ষত কৰিব নোৱাৰে ৷
 
🙎‍♀ মোৰ হৃদয়খন তোমাক দিলো, ধৰি ৰখাটো তোমাৰ কৰ্তব্য ৷

🙎🏼‍♂ ভয় হয়, আজি কালি হৃদয়ৰ কোনো মূল্য নাই ! হৃদয়খন মোক ধাৰলৈ নিদিবা, মৃত্যুৰ শেষ সময়লৈকে দিয়া চিৰদিন ৷ 

🙎‍♀ চিৰদিনৰ বাবেইটো দিছো ৷ মৃত্যুৰ নাম নকবা চোন ৷

🙎🏼‍♂ মই মৃত্যুৰ কথা ক’লে কিয় ভয় হয় তোমাৰ ? যেতিয়া মোৰ মৃ্ত্যু কাষ চাপিব মোক ধৰি ৰাখিব পাৰিবা জানো তুমি ?

🙎‍♀ মৃ্ত্যুৱে সকলো সুখ কাঢ়ি নিয়ে বাবে ভয় হয় ৷

🙎🏼‍♂ আমাৰ পৰা কাঢ়ি নিব নোৱাৰে ৷

🙎‍♀ বিশ্বাস ৰাখিবা সদায় ৷

🙎🏼‍♂ বিশ্বাস নামৰ জেওৰা খন একেলগে গাঠিম ৷ হৃদয়ৰ চাৰিওকাষে খুব সাৱধানে বেৰি ৰাখিম ৷

সময় আগবঢ়াৰ লগে লগে আমাৰ প্ৰেমৰ বীজটোৱেও পোখা মেলি বৃদ্ধি হ’বলৈ আৰম্ভ কৰিছে ৷ তুমি কি ভাবা নাজানো, কিন্তু মই আমাৰ এই প্ৰেমৰ বাঢ়ি অহা পুলিটোক বৃক্ষৰ ৰূপত চাবলৈ বিচাৰো ৷ সেই প্ৰেমৰ বৃক্ষজোপাৰ তলতে জীয়াব বিচাৰো তোমাৰ সৈতে জীৱনৰ বিয়লি বেলা লৈকে ৷ দূৰত্ব নামৰ হেঙাৰ ডাল নেওচি বিশ্বাস নামৰ ভেটিটোত তোমাৰ সৈতে সাজিব বিচাৰো আমাৰ সপোনৰ পঁজাটি ৷



  ৰিম্পী গগৈ
  জগন্নাথ বৰুৱা মহাবিদ্যালয় ৷

No comments:

Post a Comment