বেটুপাত

বেটুপাত

Tuesday, 17 April 2018

হেৰাই যোৱা কল্লোলিনী

এন্ধাৰ কোঠাৰ নীৰৱতাত
এটা ৰাতি হেৰাই
যন্ত্ৰণাৰ অলেখ উচুপনি অথবা মূৰ্ত্ত হৃদয়ৰ উকমুকণিত উশাহ লুকাই
নগ্ন সভ্যতাৰ পাৰত শেঁতা কল্লোলিনী শতিকাৰ আগত এৰি আহে মৃত জীৱনৰ 'লা কাহিনী
তেজ ধুৱা নৈ দেখিছা?
বুকুৰ তেজ, জীয়া মানুহৰ তেজ.. জানো নাই দেখা !
কত দেখিবা?কেনেকে দেখিবা? দুচকুত তোমালোকৰ
নিজ সুখৰ কাপোৰেৰে বন্ধা
তেওঁ আকৌ চকুপানীৰ তেজ ৰঙা নৈ খনত বুৰ যায়
মই খেপিয়াই ফুৰোঁ
সমস্ত জোৰেৰে চিঞঁৰো " কল্লোলিনী...কল্লোলিন­.. সকলোৱে তেজপিয়া নহয়,
সকলোৱে দুশাসন নহয়, তুমি উভতি আহা তুমি উভতি আহা..."
নাই তেওঁ নাহিল
আকৌ উভতি নাহে
তেজ শোহা মানুহৰূপী পিশাচৰ মাজত তেওঁ হেৰাই থাকিল
আশা আকাংশাবোৰ
সমাধিৰ চিতাত জ্বলি ৰল... শুভ্ৰ ধোঁৱাৰ মাজত হেৰাই গল কল্লোলিনী ।।





 
দিপাংকৰ দত্ত
 টিহু(নলবাৰী
)

No comments:

Post a Comment