বেটুপাত

বেটুপাত

Tuesday, 10 April 2018

তোমাৰ বিদায় দিনা


চাওঁতে চাওঁতে আহি পালে সেই ক্ষণটো
মাহ হালধীৰ গোন্ধই সানিছে সুন্দৰতা তোমাৰ শৰীৰত।
আয়তীৰ উৰুলিৰ মিঠা মাতে মুখৰিত হব চৌদিশ।
যি দিনৰ বাবে অপেক্ষাৰত,
প্ৰত্যেকজনী নাৰী।

তুমিও তাৰ নহয় বিপৰীত
কাৰণ আজি তোমাৰ বিয়া।
নতুন এক জীৱনত তুমি দিবা ভৰি
কইনাৰ সাজেৰে তোমাকো সজাব আজি
কইনাৰ সাজত লাগিছে তোমাক 
এজনি ধুনীয়া অপ্সৰা।

কাণত ডুলি আছে কুণ্ডল
ডিঙিত গলেপটা 
মুঠি খাৰুৱে সুৱাইছে হাতত
পিন্ধিছা দুভৰিত নুপুৰ,
ৰুণ ঝুণ নুপুৰ বজাই 
আহিছা ওলাই তুমি ৰভাতলিলৈ।।

হোমৰ জুইকুৰা আছে জ্বলি তোমালৈ বুলি
লাজে লাজে বহিছা তোমাৰ 
সংগীৰ কাষত।
শিৰত জিলিকি থকা সেন্দুৰকণে
বুজাইছে অস্তিত্ব বৰ্তমানৰ,
লৈছা প্ৰতিজ্ঞা সাত বচনৰ
হবাগৈ তুমি এখন নতুন ঘৰৰ
আপোন কৰি লব লাগিব এটি নতুন পৰিয়াল।।

অতীতক তুমি নাযাবা পাহৰি
নোৱাৰিলো ' "কইনা মোৰ ধুনীয়া বুলি"
হলাগৈ তুমি আনৰ বুকুৰ মুকুটামণি।
তথাপিতো,,
' তুমি সুখী,তাতে ময়ো সুখী
তোমাৰ অতীতৰ স্মৃতিবোৰেই ' মোৰ জীৱন লগৰী।
তোমাৰ নামতেই বিলিন কৰিম,
মোৰ যৌৱনৰ আবেগ অনুভূতি।।।।


বিশ্বজীৎ বৰা


No comments:

Post a Comment