বেটুপাত

বেটুপাত

Monday, 16 April 2018

প্ৰেম এনেকৈয়ে



  পাঁচ বছৰ ! সহজ নাছিল উৰ্বশীৰ বাবে কিন্তু তাই অপেক্ষা কৰিছিল আধৰুৱা হেঁপাহবোৰ পূৰ কৰাৰ সপোন এটা বুকুত বান্ধি  , তাই অপেক্ষা কৰিছিল নৱাৰুণলৈ তাইৰ দৃঢ় বিশ্বাস ; এদিন নহয় এদিন তাইৰ কাষলৈ সি উভটি আহিবই আৰু , মাথো এই বিশ্বাসৰ বাবেই তাই অপেক্ষা কৰিছিল পাঁচোটাকৈ বছৰ
     - উৰ্বশী  
     - হুম্
     - মোৰ অবিহনে কিছুদিন থাকিব পাৰিবা
     - তুমি আক' 'লৈ যাবা ? - খিলখিলাই হাঁহি উঠিছিল তাই  
     - এটা নতুন পথৰ সন্ধানত যাতে নতুন প্ৰজন্মই উজুটি খাব লগা নহয়  
     - মানে
     - আজি এবছৰ ধৰি অহা-যোৱা কৰাৰ পাছতো দেউতাৰ পেঞ্চনৰ কামটো নহ' ইফালে টকা দিব নোৱাৰা বাবে আজিলৈকে মোৰ বাবে চাকৰি এটা যোগাৰ কৰিব নোৱাৰিলোঁ কালি আন এটা ইণ্টাৰভিউলৈ গৈ গম পালোঁ যে চাকৰিটো ইতিমধ্যে কোনোবা মন্ত্ৰী এজনৰ ভতিজাকে পালেই  
     - 'বাচোন ভাগি নপৰিবা আকৌ চেষ্টা কৰা দুবাৰমান কিবা এটা নিশ্চয় '
     - আৰু কিমান চেষ্টা কৰিম কোৱা চাকৰি দিবলৈ সিহঁতে মোৰ সক্ষমতা নাচায় ' সিহঁতক মাথো টকা লাগে , টকা সমাজখনক কুটি খোৱা এই পোকবোৰ নিঃশেষ কৰিব লাগিব জানা  
     - নতুন পথ ! সমাজৰ পোক ! তোমাৰ হৈছে কি নৱাৰুণ ? কি কৈছা এইবোৰ  
     - এই চিঠিখনতে সকলো আছে বুজি পাবা নিশ্চয় আৰু শুনা , 'লৈকে নাযাওঁ বা 'তেই নাথাকোঁ কিয় ; তোমাৰ কাষলৈ এদিন ঘূৰি আহিম মোৰ বাবে ৰৈ থাকিবানে ? - কথাষাৰ কৈ সি হাঁহিছিল কিন্তু তাৰ বুকুৰ সমস্ত দুখবোৰ আহি যেন ভৰ দিছিলহি তাৰ সেই হাঁহিটোত  
     সময়খিনি যেন সাঁথৰ হৈ পৰিছিল উৰ্বশীৰ বাবে কিবা এটা হেৰুওৱাৰ ভয়ত উচুপি উঠিছিল তাই চিঠিখন জোৰকৈ ধৰি , সজল চকুৰে তাইলৈ চাই থকা নৱাৰুণক মাথো কৈছিল
     - আহিবা মই ৰৈ থাকিম তোমালৈ  
     এইবোৰ আছিল আজিৰ পৰা প্ৰায় পাঁচ বছৰ আগৰ কথা কিছুদিন আগলৈকে এই কথাবোৰ ভাবিলে উৰ্বশীৰ বুকুত যেন পুৰণি বিষ এটাই উক দি উঠিছিল ; আৰু নিসংগ সময়ৰ হুমুনিয়াহবোৰত সৰি পৰিছিল হতাশাৰ একো একোটা ঢৌ কিন্তু সিদিনা হঠাতে অহা অচিনাকি ফোনক' এটাই যেন পুনৰ জীপাল কৰি তুলিলে তাইৰ আশাবোৰ  
     - হেল্ল' !
     - কোন
     - উৰ্বশী ! - আসঃ ! মাতটো শুনি যেন উৰ্বশীৰ দেহৰ মাজেৰে বিদ্যুতৰ শিহৰণ এটি পাৰ হৈ '  
     - নৱাৰুণ তুমি ! আজি ইমানদিনৰ পাছত ! মোৰ ফোন নম্বৰটো ' পালা ? ' আছা নৱাৰুণ ? কেনে আছা তুমি ? Please ঘূৰি আঁহা তোমাৰ অবিহনে আৰু নোৱাৰোঁ ' ; বৰ কষ্ট হৈছে - আজি ইমানদিনৰ পৰা মনত খুন্দিয়াই থকা কথাবোৰ যেন ভেটা ভাঙি ওলাই আহিল উৰ্বশীৰ মুখেৰে  
     আহিছোঁ উৰ্বশী ; মই ঘূৰি আহিছোঁ আত্মসমৰ্পণ কৰিছোঁ মই সকলোতে একে জানা। নীতি-আদৰ্শৰ নামত মাথো অন্যায় আৰু অবিচাৰ নতুন পথৰ সন্ধানত যেন নিজকে হেৰুৱাই পেলালোঁ ' সেইবাবেই . . . . . . . . . . ! ইয়ালৈ অহা আজি প্ৰায় এসপ্তাহেই ' তেওঁলোকে কোৱা মতে এইকেইদিনতে এদিন ঘৰলৈ যাব পাৰিম তোমাক জনাম ; আহিবা - আৰু অলপ সময় কথা পতাৰ পাছতে ফোনৰ সংযোগ বিচ্ছিন্ন কৰিছিল নৱাৰুণে  
     কথাবোৰ ভাবি কিবা এটা ভাল লাগি ' উৰ্বশীৰ ইমানদিনৰ আশা এটাই যে পূৰ্ণতা পাব ! সি কৈছে , এইবাৰ আহিয়ে সি তাইক নিজৰ কৰি '  
     অৱশেষত আকাংক্ষিত দিনটো আহিল নৱাৰুণ আজি ঘৰলৈ আহিব সেইকথা সি ইতিমধ্যে তাইক ফোন কৰি কৈছে সি কোৱামতে সিহঁত থকা সেনা চাউনিৰ পৰা ৰাতি সিহঁতক আন এঠাইলৈ নিব ; আৰু তাৰপাছতে তাত কৰিব লগা কামবোৰৰ পাছত ঘৰলৈ যাবলৈ দিব হয়তো বেছি সময় থাকিব নোৱাৰিব ; গতিকে তাই যেন সোনকালে সিহঁতৰ ঘৰলৈ যায়  
     পাৰহৈ যোৱা ৰাতিটো উৰ্বশীৰ বাবে এটা বছৰতকৈ কোনো গুণে কম নাছিল ইমান বছৰৰ পাছত যে নৱাৰুণক লগ পাব  ; সেই কথা ভাবি ৰাতিটো প্ৰায় উজাগৰেই পাৰ কৰিলে তাই অৱশেষত অৱশ্যে পুৱতি নিশালৈ তাইৰ টোপনি আহিল  
     উৰ্বশী গৈ নৱাৰুণহঁতৰ ঘৰ পোৱাৰ আগতেই , সেনাবাহিনীৰ দলটোৰ সৈতে সি আহি ঘৰ পাইছিলহি পিন্ধনত তাই ভালপোৱাৰ দৰেই এটা নীলা চোলা পদূলি মুখতে তাক দেখা পাই তাই ৰৈ ' ইমান দিনৰ পাছত আপোনজনক কাষত পোৱাৰ সুখকণে  ,  উদং হৈ থকা তাইৰ বুকুখন ভৰাই পেলালে তাই আৰু ' নোৱাৰিলে তাৰ কাষলৈ দৌৰি গৈ তাক সাৱটি ধৰি হুকহুকাই কান্দি উঠিল তাই অৱশ্যে দুখত নহয় ; সুখত নৱাৰুণেও তাইক বুকুৰ মাজত আকোৱালি লৈ উচুপি উঠিল আহঃ কি প্ৰশান্তি ! অলপ সময় পাছত সি পকেটৰ পৰা কিবা এটা উলিয়াবলৈ লোৱা দেখি , তাই তালৈ চাই দেখিলে ; সেন্দুৰৰ এটা সৰু টেমা
     - মাজনী , মাজনী কিনো ভোৰভোৰাই আছ ' ? উঠ আক' ছয় বাজিবলৈ ' আজি যে নৱাৰুণ আহিব , পাহৰিলি 'বলা ?
     মাকৰ মাতত খকমকাই সাৰ পাই ' উৰ্বশী নিজৰ ওপৰতে খং উঠিল তাইৰ আজিহে বাৰু দেৰি ' লাগেনে ! তাই খকাখুন্দাকৈ বিচনাৰ পৰা নামি আহিল আৰু গাটো ধুইয়ে নৱাৰুণহঁতৰ ঘৰলৈ যাবলৈ সাজু ' বগা চুৰিদাৰ যোৰৰ লগত সি ভালপোৱাৰ দৰে ৰঙা চুৰ্ণীখনো লৈ 'লে তাই  
     পথৰুৱা বাটটোৰে গৈ থাকোঁতে মনৰ হেঁপাহটোৱে খৰ কৰি তুলিলে তাইৰ খোজবোৰ বাৰে বাৰে দুচকুলৈ ভাঁহি আহিল , শেষ বাৰলৈ নৱাৰুণক লগ পাওঁতে দেখা তাৰ সজল চকুযোৰ হঠাতে আপদীয়া বতাহজাকে কোনোবাখিনিত উৰ্বশীৰ চুৰ্ণীখন উৰুৱাই নিলে কিন্তু তাইৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই মাথো এটাই চিন্তা ; সোনকালে যেন তাক লগ পায়গৈ সেনাবাহিনীৰ লোক আৰু গাঁৱৰ মানুহৰ ভিৰৰ মাজেৰে কেতিয়ানো তাই গৈ নৱাৰুণহঁতৰ চোতাল পালেগৈ গমেই নাপালে  
     আহঃ ! এতিয়াও তাক নেদেখি তাই অস্থিৰ হৈ পৰিল মানুহবোৰলৈ খং উঠিল এনে লাগিল যেন সিহঁতৰ মিলনত বাধা দিবলৈহে আহিছে হঠাৎ সকলোৰে ভিৰৰ মাজত নৱাৰুণক দেখি তাই দৌৰি ' ইমান বছৰৰ পাছতো একেই আছে সি মাত্ৰ চুলি-দাঢ়িবোৰ অলপ দীঘল হৈ আছে পিন্ধনত তাই ভালপোৱাৰ দৰে এটা নীলা চোলা কিছু অসংযত হৈ আছে মাথো তাক কাষত পাইয়ে যোৰকৈ সাৱটি ধৰিলে তাই তাইৰ সজল চকুযুৰিত বিৰিঙি উঠা চকুপানীৰ টোপালকেইটাই তিয়াই পেলালে নৱাৰুণৰ উমাল বুকু  
    - সোণ , মোক নিজৰ কৰি নোলোৱা ? - তাইৰ কথা শুনি উপস্থিত থকা সকলোৱে অবুজ চাৱনিৰে তাইলৈ চালে ইফালে নৱাৰুণৰ মাকেও উচুপি উচুপি সাৱটি ধৰিলে তাইক তাইৰ কিন্তু সেইবোৰলৈ অকণো ভ্ৰূক্ষেপ নাই মাকৰ বন্ধনৰ পৰা মুকলি হৈ পুনৰ নৱাৰুণৰ কপালত চুমা এটা উপহাৰ দিলে উৰ্বশীয়ে তাৰপাছত অলপো পলম নকৰি , তাৰ বুকুত লাগি থকা তেজৰ কৰালেৰে তাইৰ কপালত আঁকি 'লে নৱাৰুণ নামৰ এটা দগমগীয়া বেলি  
     বুজা-নুবুজা সাঁথৰ এটাৰ দৰেই মানুহবোৰে মাথো চাই ' তাইলৈ কপালখনৰ তপত ফোঁটটো চুই চুই তাই হাঁহিছে ; খন্তেক ৰৈ আকৌ কান্দিছে আকৌ হাঁহিছে ; আকৌ . . . . . ! 


সমীৰণ বৰগোহাঁই
গুৱাহাটী

No comments:

Post a Comment