বেটুপাত

বেটুপাত

Monday, 16 April 2018

এলবাৰ্ট ছুইটজাৰ



(অন্তিম খণ্ড)

    এক সুদীৰ্ঘ সাগৰীয় যাত্ৰাৰ অন্তত ছুইটাজাৰক পশ্চিম আফ্ৰিকাৰ বন্দৰত উপস্থিত হোৱাৰ পাছত নাৱেৰে পুনৰ লেম্বেৰেন্স গাওঁখনলৈ লৈ যোৱা হয়; খ্ৰীষ্টান মিছনেৰীসকলে নিজৰ আৱাসস্থল তৈয়াৰ কৰাৰ লগতে ছুইটজাৰৰ চিকিৎসালয়ৰ নিৰ্মানৰ কামো আৰম্ভ হৈছিল৷ লেম্বেৰেন্সৰ মিছনেৰীসকলৰ ষ্টেচনবোৰৰ ঘৰসমূহ ক্ৰমে স্থানীয় নদী আৰু গভীৰ অৰণ্যৰাশিৰ মাজত অৱস্থিত টা পাহাৰৰ ওপৰত নিৰ্মান কৰি উলিওৱা হৈছিল৷ ছুইটজাৰৰ আৱাসগৃহটো কাঠেৰে নিৰ্মান কৰি উলিওৱা হৈছিল৷ ঘৰটোত টা কোঠাৰ সৈতে এখন বাৰাণ্ডাও আছিল৷ যিহেতু চিকিৎসালয়খন সম্পূৰ্ণৰূপে নিৰ্মান হোৱা নাছিল গতিকে ছুইটজাৰে নিজৰ বাসগৃহটোৰ কোঠা এটাতেই কেবাটাও আলমাৰী ঠিক কৰি তাতেই ঔষধসমূহ  ৰখাৰ ব্যৱস্থা কৰিছিল৷ চিকিৎসালয়খন নিৰ্মান নোহোৱালৈকে ৰোগীসকলৰ কাৰনে কোনোধৰনৰ অস্ত্ৰোপচাৰৰ ব্যৱস্থাও উপলব্ধ নাছিল৷ যাৰকাৰনে ছুইটজাৰে চিকিৎসাসেৱাৰ ব্যৱস্থা প্ৰথমাৱস্থাত ঘৰৰ বাহিৰৰ মুকলি ঠাইত আৰম্ভ কৰিবলগীয়াত পৰে; কিন্তু এইক্ষেত্ৰতো তেওঁ অসুবিধাৰ সন্মুখীন বলগীয়া হয়৷ প্ৰখৰ দত দুপৰীয়ালৈ ৰোগীক চিকিৎসা কৰাৰ ক্ষেত্ৰত তেওঁ অৱস হৈ পৰাৰ লগতে সদায় গধূলী সময়ত অহা ধুমুহা বতাহৰ বাবে চিকিৎসাৰ সামগ্ৰীসমূহ ৰালৰিকৈ ঘৰৰ বাৰাণ্ডালৈ টানি কঢ়িয়াই নিবলগীয়া হয়৷

    অতি কম সময়ৰ ভিতৰত তাৎক্ষনিক চিকিৎসাৰ কাৰনে এটা সৰু চৰাই ৰখা ঘৰত চিকিৎসালয়ৰ ব্যৱস্থা কৰা হয় যদিও উক্ত ঘৰটো খিৰিকীবিহীন হোৱাৰ লগতে যথেষ্ট সৰু আৰু লেতেৰা আছিল; কিন্তু প্ৰতিকূল বতৰৰ পৰা অলপ লেও সকাহ দিছিল৷ যদিও ঘৰটোৰ ছাদত অসংখ্য ফুটা আছিল কিন্তু ছুইটজাৰে দৰ তাপৰ পৰা বাছিবলৈ চিকিৎসাৰত সময়ত এক বিশেষধৰনৰ শিৰস্ত্ৰান পৰিধান কৰিবলগীয়া হৈছিল৷ বগা ৰং কৰা ঘৰৰ দেৱালসমূহ, কেইটামান ঔষধৰ বটল ৰখা আলমাৰী আৰু এখন সৰু বিছনাৰে সৈতে তেওঁৰ চিকিৎসালয়খন সম্পূৰ্ণ হৈ উঠিছিল৷

     স্থানীয় ভাষা আৰু বুজি নোপোৱাৰ ফলত ছুইটজাৰক এজন দোভাষীৰ প্ৰয়োজন হৈছিল৷ প্ৰথমে তেওঁ এইক্ষেত্ৰত এনজেং নামৰ এজন স্থানীয় শিক্ষকক দোভাষী হিচাপে নিযুক্তি দিছিল যদিও শিক্ষকজনে নিজৰ গাৱঁৰ কোনো স্থানীয় দীৰ্ঘকালীন বিবাদৰ মীমাংসাত লিপ্ত থাকিবলগীয়া হোৱাত ছুইটজাৰক সময়ত সহায় কৰিবলৈ অসমৰ্থ হয়৷ কেবাসপ্তাহো পাৰ হৈ যোৱাৰ পাছতো শিক্ষকজনৰ কোনো দেখা সাক্ষাৎ নোহোৱাত অনিচ্ছাসত্বেও তেওঁ দোভাষীজনক নিযুক্তিৰ পৰা আতঁৰাবলগীয়া হয়৷

    “আপোনাৰ প্ৰকৃত শিক্ষা এতিয়াহে আৰম্ভ ডক্টৰ আৰু লগতে আপুনি শিকিব যে আফ্ৰিকাত কিবা এটা কৰিবলৈ লোৱাটো প্ৰকৃততে কিমান কঠিন৷এদিন এজন মিছনেৰীয়ে ছুইটজাৰক উৰ্দ্দেশ্যি এইষাৰ কথা কয়৷ প্ৰথমাৱস্থাত ছুইটজাৰে যিকোনো এজন স্থানীয় আফ্ৰিকীয় ফৰাছী ভাষা পৰা কোনো লোকে ঘটনাক্ৰমে চিকিৎসালয়লৈ আহিলে তেওঁকেই দোভাষী হিচাপে অস্থায়ী ৰূপত খটোৱাইছিল৷ কিন্তু শীঘ্ৰে যোছেফ নামৰ এজন ফৰাছী সলসলীয়াকৈ পৰা ৰা তেওঁৰ চিকিৎসা শিৱিৰত আহি উপস্থিত হয়৷

     “তুমি ফৰাছী ভাষা শিকিলা?”ডক্টৰে তেওঁক সুধিলে৷
      উপকূলৰ নিম্নাংশত ওগাংগা(আফ্ৰিকাৰ স্থানীয় সম্বোধন) মই কেপ পেজত এজন ৰান্ধনী আছিলো৷
    “কি কাৰনে তুমি নিজৰ কাম এৰি পুনৰ লেম্বাৰেন্সলৈ ঘূৰি আহিবলৈ বাধ্য কৰিলে?”
      “মোৰ স্বাস্থ্যই ওগাংগা
   ছুইটজাৰে ৰাজনক ভালদৰে নিৰীক্ষন কৰি তাৰ সক্ষমতাৰ বিষয়ে বিচাৰ কৰি চালে৷ ৰাজন চাপৰ আছিল যদিও শৰীৰ মজবুত আৰু সুগঠিত আছিল আৰু তেওঁৰ বাহ্যিক ভাৱভংগীত বুদ্ধীদীপ্ততাৰ প্ৰকাশ ঘটিছিল৷

   “তুমি মোৰ কাৰনে এজন দোভাষী আৰু লগতে এজন সহায়কাৰী হিচাপে কাম কৰিবানে? ইয়াৰ কাৰনে অৱশ্যে তুমি পাৰিশ্ৰমিক লাভ কৰিবা; বৰ বেছি নহলেও মই মাহে তোমাক ৭০ ফ্ৰাংক(ফৰাছী মুদ্ৰা) দিব পাৰিম৷
  “কেপ পেজত থাকোতে মই মাহে ১২০ ফ্ৰাংককৈ পাইছিলো৷যোছেফে তৎপৰতাৰে লে
  “কিন্ত আমি ধনী নহয় আৰু মই আফ্ৰিকালৈ পইছা ঘটিবলৈ অহা নাই বৰং স্বেচ্ছাই তোমাক আৰু তোমাৰ বন্ধুবৰ্গক চিকিৎসা আগবঢ়াবলৈ আহিছো৷
 “বহুত ভাল কথা ওগাংগা! মই আপোনাক সহায় কৰিবলৈ নিশ্চয় আহিম৷

    যোছেফে অতি শীঘ্ৰে কামত ধৰিলে আৰু অতি কম সমযময়ৰ ভিতৰতে নিজকে এজন যোগ্য সহায়কাৰী হিচাপে প্ৰমাণ দিলে৷ বহুতো আফ্ৰিকান লোকেই ডক্টৰৰ অস্ত্ৰোপচাৰৰ কটা-ছিঙা কামত ইতস্তত কৰিছিল৷ অশিক্ষিত আফ্ৰিকীয় লোকসকলে শৰীৰৰ পৰা ওলোৱা তেজ-পূজঁ ইত্যাদিসমূহ স্পৰ্শ কৰিলে নিজকে কলুষিত হোৱা বুলি ধাৰনা কৰিছিল৷ কিন্তু যোছেফে এইক্ষেত্ৰৰ লগতে অন্যান্য ক্ষেত্ৰসমূহতো নিজকে আফ্ৰিকীয় লোকৰ চিন্তাধাৰাৰ পৰা ব্যতিক্ৰম হিচাপে প্ৰমাণিত কৰে৷

   যোছেফৰ আটাইতকৈ বিৰক্তিজনক অভ্যাসটো আছিল সি চিকিৎসাৰ বাবে অহা ৰোগীসকলৰ আঘাটপ্ৰাপ্ত তথা বেমাৰ হোৱা অংগসমূহৰ নাম তাৰ পূৰ্বৰ ৰান্ধনিশালত কাম কৰোতে ব্যৱহাৰ কৰা চহা ঢ়ঙেৰে কৈছিল; যেনে:-
  “এই মানুহজনে ছাগলী মঙহৰ দৰে সোঁ-ভৰিত আঘাট পাইছে(This man's right leg mutton hurts him.)”নাইবাএই মানুহজনৰ বাওঁ তপিনাত বিষ হৈছে৷

    লেম্বেৰেন্স গাওঁখনত ছুইটজাৰ আহি উপস্থিত হৈ কাম কৰাৰ পাছত ঠাইটুকুৰাৰ বহুতো পৰিৱৰ্তন ঘটে৷ দিনৰ বাজি ৩০ মিনিট হোৱাৰ লগে লগেই ৰোগীসকলে আহি চিকিৎসালয়ৰ ওচৰত গোটখাই বহি চিকিৎসাৰ কাৰনে অপেক্ষা কৰে৷ ইয়াৰ লগে লগেই দোভাষী তথা সহায়কাৰী যোছেফে অস্ত্ৰোপচাৰ কক্ষৰ পৰা সাজু হৈ বাহিৰলৈ ওলাই আহি চিকিৎসালয়ত থকা অৱস্থাত মানিব লগীয়া নিয়মাৱলীসমূহ ৰোগীসকলৰ সন্মুখত থিয় হৈ সকলোৱে শুনাকৈ একাদিক্ৰমে চিঞৰি পঢ়িবলৈ আৰম্ভ কৰে-
  “ওগাংগাৰ আদেশ; )তোমালোকে চিকিৎসালয়ৰ আশে-পাশে থু-খেকাঁ পেলাব নোৱাৰিবা৷
)চিকিৎসাৰ কাৰনে অপেক্ষা কৰি থকা বাকী ৰোগীসকলে হুলস্থূল তথা ডাঙৰকৈ কথা-বাৰ্তা পতা নিষেধ৷
)প্ৰত্যেকেই চিকিৎসা কৰিবলৈ অহাৰ সময়ত এদিনৰ জোখাৰে খাদ্য লৈ আহিবা যিহেতু এদিনতে সকলো ৰোগীকে একেলগে চিকিৎসা কৰাটো সম্ভৱ নহয়৷
যোছেফে প্ৰতিদিনেই উক্ত নিয়মাৱলীখন স্থানীয় ভাষাত প্ৰত্যেককে পঢ়ি শুনাইছিল যাতে ৰোগীসকলে নিজৰ নিজৰ গাৱঁত গৈ উক্ত নিয়মসমূহৰ কথা পাৰে৷

    এজন এজনকৈ ৰোগীসকলে চিকিৎসাৰ কাৰনে চিকিৎসালয়ৰ ডক্টৰৰ কোঠাত প্ৰৱেশ কৰে আৰু দোভাষী যোছেফৰ জৰিয়তে ৰোগীজনে চিকিৎসৰ আগত নিজৰ ৰোগৰ বিষয়ে বৰ্ণনা দিয়ে

   অন্ধবিশ্বাসী ৰোগীসকলৰ ৰোগৰ বিষয়ে দিয়া বৰ্ণনাত কেতিয়াবা হাস্যকৰ পৰিৱেশৰো সৃষ্টি হৈছিল৷ যেনে-“মোৰ ভৰিত পোক সোমাইছেবামোৰ পেটৰ ভিতৰত কোনো চয়তানে সহমাই অসুবিধা কৰিছে৷ইয়াৰ স্থানীয় লোকসকলে শৰীৰত হোৱা সকলোধৰনৰ বিষ তথা যন্ত্ৰনাক হয় পোক নাইবা চয়তানৰ পৰা হোৱা বুলি বিশ্বাস কৰিছিল৷

    ডক্টৰে ৰোগীজনক ভালদৰে পৰীক্ষা কৰাৰ লগতে উপযুক্ত চিকিৎসা প্ৰদান কৰিছিল৷ লগতে ৰোগীক খাৱলৈ ঔষধ আৰু শৰীৰত হোৱা ঘাঁ সমূহত সানিবলৈ মলম দিছিল৷ দোভাষী যোছেফে কেবাবাৰো ঔষধ আৰু মলমৰ প্ৰয়োগৰ প্ৰক্ৰিয়াৰ বিষয়ে ৰোগীজনক স্থানীয় ভাষাত বুজাইছিল৷
  “তুমি বুজি পাইছানে?” যোছেফে জোৰ দি শুধে৷
   “হয় মই বুজি পাইছো!” ৰোগীজনেও দৃঢ়তাৰে উত্তৰ দিয়ে৷ কিন্তু ঘৰ গৈ পোৱাৰ পাছত ৰোগীয়ে ঔষধ ব্যৱহাৰৰ নিয়মাৱলী পাহৰি এসপ্তাহৰ কাৰনে দিয়া দৰৱ এবাৰতে গিলাৰ লগতে শৰীৰত সানিবলৈ দিয়া মলম সনাৰ পৰিৱৰ্তে খাই থৈ দিয়ে৷

   দিনৰ ১২ বাজি ৩০ মিনিট হোৱাৰ পাছত যোছেফে চিকিৎসালয়ৰ কোঠা পৰিষ্কাৰ কৰি বাহিৰলৈ ওলাই আহে আৰু অপেক্ষাৰত অন্য ৰোগী সকলক ডক্টৰে দুপৰীয়া আহাৰ খাৱলৈ যোৱাৰ কথা জনায়৷ ৰোগীসকলেও মূৰ দোৱাই শলাগ লৈ ঘৰৰ পৰা লগত অনা কল খাৱলৈ আৰম্ভ কৰে৷ এই ফলবিধ আফ্ৰিকাৰ স্থানীয় লোকৰ মূখ্য আহাৰ হয়৷

    ছুইটজাৰেও চিকিৎসালয়ৰ পৰা ওলাই তেওঁৰ সৰু ঘৰটোলৈ গৈ দুপৰীয়াৰ আহাৰ গ্ৰহন কৰে৷ আহাৰ গ্ৰহন কৰি উঠি এঘন্টা তেওঁ নিজৰ পিয়ানোৰ ওচৰত বহি একান্তমনে তাক বজাবলৈ আৰম্ভ কৰে; যাৰ সুললিত ধ্বনি আফ্ৰিকাৰ স্থানীয় অৰণ্যৰ মাজেদি প্ৰৱাহিত হয়৷

   সাংগীতিক বাদ্যৰ(পিয়ানো) এই ধ্বনিৰ যোগেদিয়েই তেওঁ দিনটোৰ অৱসাদ দূৰ কৰিবলৈ প্ৰয়াস কৰাৰ লগতে নিজকে পুনৰ পৰৱৰ্তী কৰ্মসূচীৰ কাৰনে সজীৱ কৰি তোলে৷ প্ৰায় বজাৰ লগে লগেই তেওঁ অস্ত্ৰোপচাৰৰ কাম আৰম্ভ কৰে আৰু তাক গধূলী বজালৈকে বৰ্তাই ৰাখে৷ আনকি সন্ধ্যা ইমান দেৰিলৈকেও বহু ৰোগী চিকিৎসাৰ কাৰনে অপেক্ষা কৰি থাকে যদিও সূয্যাস্তৰ পিছত চিকিৎসাৰ যোগান ধৰাটো প্ৰায় অসম্ভৱ হৈ পৰে৷ যাৰকাৰনে অনিচ্ছাসত্বেও ৰোগীসকলে চিকিৎসাৰ কাৰনে পিছৰ দিনালৈ অপেক্ষা কৰিবলগীয়া হয়৷ লেম্প জ্বলাই চিকিৎসা কৰিলেও হৰ উপদ্ৰৱত তাক বেছি সময় বৰ্তাই ৰখাত অসুবিধাৰ সন্মুখীন বলগীয়া হয়৷

   আফ্ৰিকাৰ এই জীৱন প্ৰৱাহ মুঠেই সহজ নহয়৷ দোভাষীৰ সহায়ত আফ্ৰিকীয় লোকৰ চিকিৎসাৰ ক্ষেত্ৰত বহুসময়ত অসুবিধাৰ সন্মুখীন বলগীয়া হয়৷ অন্যহাতে ঔষধৰ ক্ষেত্ৰত সুবিধাৰ কাৰনে ডক্টৰে কিছু ঔষধ চিকিৎসা কোঠাতে ৰাখে যদিও বহুসংখ্যক ৰোগীৰ কাৰনে পুনৰ চিকিৎসালয়ৰ পৰা বহুগজ দূৰত নিজৰ ঘৰত থকা ঔষধালয়ৰ পৰা ঔষধ আনিবলগীয়া হয়৷  সৰু ঘৰটোৰ ছালিৰ তলত কাম কৰিবলগীয়া হোৱাৰ উপৰিও বহুসময়ত প্ৰখৰ দত থাকিও ৰোগীক চিকিৎসা কৰিবলগীয়া হয়৷

    ইমানখিনি কঠিনতা আৰু নিৰাশাৰ সন্মুখীন হৈ কাম কৰিবলগীয়া হোৱা সত্বেও অস্ত্ৰোপচাৰৰ পিছত ৰোগীসকলে শাৰীৰিক যন্ত্ৰনাৰ পৰা সকাহ পাই উঠি তেওঁলোকৰ মুখত ফুটি উঠা হাহিঁভৰা চেহেৰা দেখি ছুটইজাৰে নিজকে পুৰষ্কৃত অনুভৱ কৰে৷ তেওঁ এইষাৰ কথাও ভালদৰে অনুধাৱন কৰিবলৈ সক্ষম হয় যে তেওঁ আফ্ৰিকীয়বাসীৰ এক ডাঙৰ অভাৱ তথা প্ৰয়োজনীয়তা পূৰ কৰাত সমৰ্থ হৈছে৷

    (এলবাৰ্ট ছুইটজাৰৰ জন্ম হৈছিল ১৮৭৫ চনৰ ১৪ জানুৱাৰীত৷ তেওঁ গ্ৰীষ্মাঞ্চল আফ্ৰিকালৈ স্বেচ্ছাই লেম্বেৰেন্সলৈ ১৯১৩ চনত তাৰ স্থানীয় লোকৰ চিকিৎসা সেৱাৰ কাৰনে চাকিৎসালয় খুলিবলৈ গৈছিল৷ ১৯৫২ চনত তেওঁ চিকিৎসা সেৱা আৰু শান্তিৰ কাৰনে নোবেল পুৰষ্কাৰো লাভ কৰিছিল৷,১৯৫৬ চনৰ ছেপ্তেম্বৰ তাৰিখে লেম্বেৰেন্সতেই এই মহান লোকজনৰ মৃত্যু ঘটে৷)

মূল কাহিনী:-ইংৰাজী
অনুবাদ:-গৌৰৱ শইকীয়া
জগন্নাথ বৰুৱা মহাবিদ্যালয়

No comments:

Post a Comment