বেটুপাত

বেটুপাত

Saturday, 21 April 2018

মুখ্য সম্পাদকৰ কলমত


"নাচনী অই বহাগী আকৌ আহি পালেহি……"
সময়বোৰ বসন্তত সোমোৱাৰ লগে লগে আপোনাৰ মৰমৰ "সুবাস"খনে সম্পূন্ন কৰিলে এটা বছৰ। সুখ-দুখ, অশ্ৰু-বিষাদ, ভাললগা বেয়ালগাৰে পাৰ কৰিলো এটি বছৰ সুবাসৰ সৈতে। বহুত মৰম পালো আপোনালোকৰ পৰা……মাজে মাজে গালিও খালো। কিন্ত আমি অটল আমাৰ লক্ষ্যত……সুবাসৰ প্ৰতিজন কৰ্মকতা সদায় সাজু ৰাইজৰ স্বাৰ্থত।
অসমৰ বিভিন্ন ক্ষেত্ৰত লুকাই থকা প্ৰতিাভবোৰক এখন মঞ্চ দিবলৈ আমি বদ্ধপৰিকৰ। বিপদবোৰে , সমালোচনাই আমাক টলাব নোৱাৰে। আমি মাটিৰ হৈ সুবাস বিলাই যাবলৈ চেষ্টা কৰিছো। যাত্ৰাপথত আপোনাসবৰ উমালৰ সান্নিধ্যত আমি সুখী।
নতুন সপোনৰে নতুন বছৰত আমি দুগুণ উৎসাহী অসমৰ হকে কাম কৰিবলৈ।
১ বছৰত সুবাস আলোচনীৰ ৫০ হাজাৰৰ ওপৰত  পাঠক পাই আমি সুখী। সুবাস ফেচবুক পেজটি প্ৰায় ১লাখ ১৬ হাজাৰ লাইকেৰে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত এটি আগশাৰীৰ পেজ। ধন্যবাদৰ বাহিৰে আমাৰ যে শব্দৰ অভাৱ কৃতজ্ঞতা যাচিবলৈ আপোনালোকক।  মৰমৰবোৰ সদায় একেদৰেই ৰাখিব আৰু আৰ্শীবাদ কৰিব।
 কিছু ব্যক্তিগত অসুবিধাৰ বাবে সুবাসখন প্ৰকাশ হোৱাত পলম হোৱা বাবে ক্ষমা ভিক্ষাৰে সকলো পঢ়ুৱৈবৃন্দক ৰঙালীৰ অলেখ শুভকামনা যাচিলো ।
আপোনালোকৰ দিনবোৰ সুবাসৰ সান্নিধ্যত ৰঙীন হোৱাৰ আশাৰে………
শেষত মু্খ্য সম্পাদকৰ গুৰু দায়িত্ব পালনত হোৱা ভুলৰ বাবে ক্ষমা বিচাৰি আপোনাৰলোকৰ হাতত তুলি দিলো সুবাসৰ এপ্ৰিল মাহৰ "বসন্ত বিশেষ সংখাটি"


দেৱব্ৰত শৰ্মা
মুখ্য সম্পাদক
সুবাস

1 comment: