বেটুপাত

বেটুপাত

Tuesday, 10 April 2018

: "কলা পথাৰত পৰিণত হৃদয় ""


এবাৰ চাব' লৈ মন যায় 
নিজৰ কলিজাত হাত দি
কিমান উত্তাপ ভিতৰখন।

বাহিৰৰ বতাহ জাকে 
উৰুৱাই নিয়ে শৰীৰৰ উত্তাপ 
কিন্তু ভিতৰখন নেদেখে
কিমান জলাশয় হৈ থাকে।

এই যে মন এই যে হাঁহি 
বতাহতেই থাকে বিৰিঙি 
কোনেও নেদেখে সেই হাঁহিত 
মিহলি হৈ থাকে ধূলি

শৰীৰটো ধুনীয়া কৰি ৰাখে 
ধুনীয়া ৰঙৰ কাপোৰৰ  ৰংবোৰে
 প্ৰলেপ দি ৰাখে  সুগন্ধি আস্বাদনে
এই যে পৃথিবীখন বৰ ধুনীয়া 
যেনেকৈ ৰূপেৰে অলংকৃত দেহটো
সুন্দৰ হৈ থাকে

জুমি চালে জানো কিবা দেখিবলৈ 
পোৱা যায়  ?
ভিতৰৰ সৌন্দৰ্য্যতা খিনি
মনৰ ভাৱনা খিনি
থান-বান হৈ পৰি থাকিলেও চকুত নপৰে।

এটি উশাহত জীৱনৰ হুমুনিয়াহ শেষ নহয়
এমুকুৰা হাঁহিৰে দুখবোৰ কাঢ়িলৈ নেযায়
পিয়াহত ককবকাই  থাকিলেও
পানীটোপাল মুখত আহি নপৰে 
নিজে লৈ নেখালে

মনৰ কথা যদি পঢ়িব নোৱাৰে 
মনৰ ভাৱ যদি প্ৰকাশ কৰিব নোৱাৰি 
তেনে মনবোৰ হৈ পৰে সমাধি
হাঁহিৰে আৱৰণহীন কৰিব পাৰি নে
আঘাত প্ৰাপ্ত এটুকুৰা ঠাই


অঞ্জলী বড়া সেনাপতি 
দুলীয়াজান


No comments:

Post a Comment