বেটুপাত

বেটুপাত

Monday, 16 April 2018

ছাতি আৰু চগাৰ সাধু


ছাতিৰ আঁৰত 
জোন লুকাই আহে এই বাটে 
জোনৰ দুচকুত জিলমিল তৰা 
সদ্যস্নাতা জোনাকেৰে  লাৱণী 
মেঘ বুকুৰ কাঁচিৰ দৰে।

লুকাই থকা দ্যুতিৰ বুকুত 
জাহ যাব খোজে মৰমতে 
 মৰণ পিয়াসী হাজাৰ চগা। 

 চগাৰ আছে আত্মাহুতিৰ প্ৰাচীন ইতিহাস 
দ্যুতিৰ তিৰবিৰ দুচকুত জাহ যোৱা এটি 
প্ৰিয় বিষয়

ৰঙীন ছাতিবোৰ ঘুৰি-ঘুৰি 
বেপৰুৱা বাটেৰে বকুল গছকি আগুৱাই 
কুৰুৱাত আঁউসী উৰুৱাই
ফুটপাথে জড়তা সাৱটি বুকুত লুকুৱাব খোজে 
খোজৰ স্থাপত্য ( প্ৰেমে যে মৃত্যুকো জীৱন দিয়ে
ছাতিৰ আঁৰৰ জোন অসুখৰ বুকুৰ সুখ



অনুৰাগ শইকীয়া 
গোলাঘাট , দেৰগাঁও 

No comments:

Post a Comment