বেটুপাত

বেটুপাত

Monday, 16 April 2018

বসন্ত তোমাক স্বাগতম


 ঋতুৰাজ বসন্ত তোমাক স্বাগতম,
শীত 'লে অন্ত আহিবা বসন্ত,
মধুৰ কাকলিৰে প্ৰেম নিবেদিব
অগ্ৰদূত কুলিয়ে,
লগে লগে কেতেকী মইনা
সখিয়তীয়েতীও বাউলী জনীহৈ গীত জুৰিব,
দেহ মন উতলা
উন্মনা প্ৰকৃতিয়ে
সেউজ বোল আঁকি আঁকি
সুন্দৰৰ বতৰা জগতক জনাব 


বিবস্ত্ৰ বসনা তৰু লতা 
তৃণৰ আগত জিলিকি উঠিব
কোমল কোমল কুঁহিপাত
নৱ পল্লবিত হব সমস্ত
উদ্ভিদ জগত |

আমে মলিয়াব
কঁঠালে মুচি পেলাব,
অশোক পলাশ 
চম্পা নাগেশ্বৰ
কুসুমিত উদ্ভিদৰাজি
মুঞ্জৰিত হৈ প্ৰকৃতি বুকু
ফুলেৰে উপচাব |
হে প্ৰেমৰ পূজাৰী বসন্ত,
অধীৰ অপেক্ষাৰে আছো ৰৈ
পাবলৈ তোমাৰ মধু চুম্বন |



  লোহিত কুমাৰ দাস 

No comments:

Post a Comment