বেটুপাত

বেটুপাত

Tuesday, 17 April 2018

প্ৰত্যাশা

কলহৰ কাণে ঢলা বৰষুণৰ শব্দালংকাৰত
নিতিতে মোৰ দুচকুৰ পতা
বৰকচুপতীয়া হাঁহিত
পিছলি যায় বৰষুণৰ চুমা।
কিন্তু জানা
বৰষুণে তিয়াব নোৱাৰা দুচকুৰ পতা
তিয়াব পাৰে তোমাৰ অভিমানে
এষাৰি মৌকুঁহি মিঠামাতৰ অভাৱত
উটি যাব নোখোজে পাল তৰা নাও
সৃষ্টিৰ গীত গাবলৈ...
মোৰ হৃদয়সঁজাৰ ৰচকীজনী
সজাব খোজোঁ মই তোমাৰ বাবেই নন্দনবনত
হেঁপাহ পোখা মেলা বিবিধ বিৰিখ
গাচোন এবাৰ গীত মোৰ মৰমী
বাসন্তী কুলিজনী হৈ
হিয়ামন উজাৰি...
নন্দনবনত লাগক ৰাগি
ফুলক ডাল ভৰি পাৰিজাত
ছটছটাই উৰি ফুৰক চিতপখিলী
কোঁহে কোঁহে লাগক চমক
শৃংগাৰিত হওক মিলন মাধৱী ৰাতি

বিশ্বজিৎ ডি চেতিয়া
বৰটিং নাওশলীয়া
গোলাঘাট

No comments:

Post a Comment