বেটুপাত

বেটুপাত

Monday, 16 April 2018

অস্তিত্ব


তুমি আছিলা ৰংবোৰ জিলিকিছিল
তুমি আছিলা বতাহে চুইছিল
তুমি আছিলা 'দে হাঁহিছিল

তুমি নাই ৰংবোৰ কঁপিছে
তুমি নাই  যেন উশাহবোৰো নাই,
তুমি নাই 'দবোৰো শুইছে৷

সকলো থাকোতে তুমি আছিলা
তুমি থাকোতেও সকলো আছিল,
আৰু তুমি যোৱাৰ পৰতো আছে?
বেলিটি দেখোন আছেই!
আৰু জোনটোও!

সৌ নৈৰ দাতিত 
ফাগুনে চুমা কহুৱাডৰাই বাৰু তোমাক কৈছিলেহি নেকি তুমি নজনা শেষ কথাটি?
তুমি নোকোৱা কথাটিয়ে এতিয়া যে সকলো কয়!
আকাশে পঠিওৱা ফাগুনৰ প্ৰথমজাক বৰষুনে 'লেহি নহয় তুমি যে তুমি নহয় বুলি!
তুমি জানিছিলা…!
নহয়?
এতিয়া তুমি যে হাঁহিছা মইও হাঁহিছো নজনাকৈ নভবাকৈ চকুপানী মচি!
এয়াচোন মইও পাহৰিলো মই যে তুমিয়েই বুলি!
তুমি এনেকৈয়ে ঢৌ খেলি থাকা মই যে নৈ হৈ তোমাতেই বিলিন হম

চম্পক বৰা
গান্ধিবস্তি, গুৱাহাটী

No comments:

Post a Comment