বেটুপাত

বেটুপাত

Tuesday, 17 April 2018

আইৰ নৰীয়া


কেইদিনমান ধৰি নৰীয়াত আই
অঙঠা হৈ জ্বলিছে
আইৰ খহটা হাতৰ তলুৱা
মাটিৰ ধাৰ মোৰ কপালত
'দৰ কাঁচি,জোনৰ চাকিয়ে
শিতানত খামুচি 'লে
ভৰিৰ পঠানত মই আই
ওৰে ৰাতি আকাশখনে কান্দিলে
শিল যেন কঠিন চকু পানী
বৈ আহিল গুৰি গুৰি বৰফ হৈ
শেৱালী ফুল ফুলিছে আই পদুলীত
আহ বুতলি সাজো স্মৃতিৰ জোনাকী

সৌৰভ জ্যোতি


No comments:

Post a Comment